কৃষকৰ স্বাৱলম্বিতাৰ বাবে তৈল পাম খেতিৰ গুৰুত্ব, লখিমপুৰ কৃষি বিভাগৰ NMEO- OP আঁচনিৰ প্ৰশিক্ষণ কাৰ্যসূচী

ৰাষ্ট্ৰীয় ভোজ্য তেল- তৈল খাদ অভিযানৰ অধীনত তৈল পাম খেতিৰ ওপৰত লখিমপুৰ জিলাৰ কৃষি বিভাগৰ বিষয়াসকল আৰু আগ্ৰহী কৃষকসকলকলৈ দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়।

কৃষি সঞ্চালকাল়য় আৰু লুইত এডুকেশ্যনেল চাৰ্ভিচ প্ৰায়ভেট লিমিটেডে আয়োজন কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কৃষি বিভাগৰ সহ- সঞ্চালক আশীষ তাৰুপাল, সোমেশ্বৰ কলিতা আৰু জিলা কৃষি বিষয়া অজিত কুমাৰ বৰা। এই খেতিয়ে কিদৰে জৈৱ বৈচিত্ৰ্যতা ৰক্ষা কৰি মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে সেই দিশসমূহৰ ওপৰত সমল ব্যক্তিসকলে তথ্য সহকাৰে সকলোৰে আগত ডাঙি ধৰে।

লগতে যিসমূহ মাটি ধান বা অন্যান্য খেতিৰ বাবে উপযোগী নহয়, এনেদৰে পৰিত্যক্ত ভাবে থকা মাটিত তৈল পাম খেতি কৰি কৃষকসকলে সুফল লাভ কৰিব পাৰিব। আমাৰ লখিমপুৰ জিলাত প্ৰায় ১৭,০০০ হেক্টৰ ভূমি কৃষি অনুপযোগী। এনেধৰণৰ মাটিতো তৈল পাম খেতি কৰিব পৰা যায়।

আঁচনিৰ জিলা নডেল বিষয়াই আঁত ধৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত বিষয়াসকলক তৈল পাম খেতিৰ কাৰিকৰী দিশসমূহৰ ওপৰত বিশেষভাবে আলোকপাত কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি মহকুমা কৃষি বিষয়া মনোৰঞ্জন পাতিৰে উৰা- বাতৰিত ভুল নগৈ এই খেতি কৰি কৃষকসকলক অধিক স্বাৱলম্বী হ”বলৈ আহ্বান জনায়।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ সফল কাৰ্যকৰীকৰণৰ জৰিয়তে ভাৰতবৰ্ষই ভোজ্য তেলৰ উৎপাদনত স্ব-নিৰ্ভৰশীল হোৱাৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ পৰা ভোজ্য তেলৰ আমদানি হ্ৰাস কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। সেই অনুসৰি, অসম চৰকাৰেও এই আঁচনিখনৰ অধীনত ৰাজ্যত ইয়াৰ উৎপাদনৰ এলেকা সম্প্ৰসাৰণ তথা তেলৰ উৎপাদন বৃদ্ধিৰ জৰিয়তে কৃষকৰ কল্যাণৰ দিশটোত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।

উল্লেখ্য যে, বৰ্তমান দেশে ৬০-৭০ শতাংশ খোৱা তেল আমদানি কৰি আছে। আৰু তাৰ ভিতৰত পাম অইল প্ৰধান। সেয়েহে দেশৰ বিভিন্ন ঠাইত থকা অব্যৱহৃত বা পতিত মাটিত এই তৈল খেজুৰৰ খেতিৰ সম্প্ৰসাৰণ কৰি খোৱা তেল উৎপাদনৰ ক্ষেত্ৰত দেশখনক স্বাৱলম্বী কৰি তুলিবলৈ ভাৰত চৰকাৰে এই বিশেষ আঁচনিখন ২০২১ চনৰ আগষ্ট মাহত মুকলি কৰে। উত্তৰ-পূৱৰ ৰাজ্য কেইখনকে ধৰি মুঠ ২২ খন ৰাজ্যত এই আঁচনি ৰূপায়ন কৰিবলৈ লোৱা হৈছে।বৰ্তমান অসমৰ ১৮খন জিলাত এই আঁচনি ৰূপায়নৰ ব্যবস্থা কৰা হৈছে।

আজিৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত লখিমপুৰ জিলাৰ আটাইকেইটা কৃষি চক্ৰৰ সংশ্লিষ্ট কৃষি উন্নয়ন বিষয়াসকল, কৃষি উপ- পৰিদৰ্শকসকল, কৃষি সম্প্ৰসাৰণ সহায়কসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...