মহানগৰীত চিলনী চোৰৰ বৃহৎ নেটৱৰ্ক উৎখাত

মহানগৰীত চিলনী চোৰৰ বৃহৎ নেটৱৰ্ক উৎখাত। পোহৰলৈ আহিছে কেনেকৈ কাম কৰে এই গেঙে। মহানগৰীৰ ছাৰ্ভেৰ সমন্বয় পথত সংঘটিত হৈছিল এক অঘটন। মহিলাৰ পৰা থপিয়াই মোবাইল আৰু টকা লৈ উধাও হৈছিল চোৰ। এখন স্কুটীত আহিছিল চিলনী চোৰ দুটা। দিছপুৰ আৰক্ষী থানাত মহিলাগৰাকীয়ে ৰুজু কৰিছিল গোচৰ। গোচৰৰ ভিত্তিতে আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। আৰু কেঁচু খান্দোতে ওলাল সাপ। দিছপুৰ আৰক্ষী আৰু বিশেষ অভিযানকাৰী দলে চলালে অভিযান। গুৱাহাটী পূৱ জিলাৰ SOGৰ সহযোগত আৰক্ষীৰ মাৰাথন অভিযান। গুৱাহাটী আৰু তামুলপুৰত অভিযান চলাই আটক ৫ টাকৈ চোৰ। চোৰকেইটা ক্ৰমে ৰূপম আলী, দীপক বৰ্মন, ৰাহুল সূত্ৰধৰ। নিশা বৰ্মন, ৰাহুল দাসকো আটক আৰক্ষীৰ। আটকাধীন চোৰৰ পৰা এই গেঙৰ সবিশেষ লাভ কৰে আৰক্ষীয়ে। ৰূপম আলী, দীপক বৰ্মন, ৰাহুল সূত্ৰধৰে মহানগৰীত অপাৰেট কৰিছিল চুৰিকাৰ্যসমূহ। তাৰ পিছত তামুলপুৰৰ ৰাহুল দাসক বিক্ৰী কৰিছিল চুৰি সামগ্ৰীসমূহ। তামুলপুৰৰ ৰাহুল দাসৰ দোকানত বিভিন্ন গ্ৰাহকক বিক্ৰী কৰা হৈছিল চুৰি ফোনসমূহ। এই প্ৰক্ৰিয়াত অভিযুক্ত নিশা বৰ্মনে কাম কৰিছিল মধ্যস্থতাকাৰীৰূপে। আৰক্ষীয়ে গেংটোৰ পৰা ইতিমধ্যে জব্দ কৰিছে ৪৯ টা চুৰি মোবাইল। লগতে জব্দ কৰা হৈছে ভৰলুমুখৰ পৰা চুৰি হোৱা দুখন স্কুটাৰো। অধিক তথ্যৰ বাবে অভিযুক্তক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...