কি লিখি থৈ গ’ল ডায়েৰীত? মাজুলীৰ তেজস্বিতা বৰুৱাৰ আধা লিখা ডায়েৰী…


মাজুলীৰ তেজস্বিতা বৰুৱাৰ আধা লিখা ডায়েৰী। “ডায়েৰী আজিৰ পৰা তোমাক মই মোৰ ক্ল’জ ফ্ৰেণ্ড হিচাপে ল’লো, তুমি যাতে মোৰ সুখ-দূখৰ কথাবোৰৰ  সমভাগি হোৱা । আজিলৈ বাই”… তেজস্বিতা। মাজুলীৰ মৰমলগা ছোৱালী জনি তেজস্বিতাই লিখা আৰম্ভ কৰিছিল জীৱনৰ ডায়েৰী। কিন্তু ডায়েৰীৰ এখিলা পাততে শেষ হল জীৱনটোৰ সমস্ত দিনলিপি।  আৰম্ভণিতেই শেষ হ’ল লিখিম বুলি প্ৰস্তুত কৰা জীৱন বৃত্তান্ত। ২৯ ছেপ্টেম্বৰ, সেই দিনাই জীৱনৰ মধুৰ ক্ষণক লৈ আনন্দতে তাই আৰম্ভ কৰিছিল জীৱন গাঁথা। আৰম্ভণিতেই সামৰণি পৰা ডায়েৰীৰ পাত বুকুত সাৱতি এতিয়া পিতৃয়ে যেন হেৰুৱাই পেলাইছে জীৱনৰ ছন্দ। কিমান যেন সপোন আছিল তাইৰ, জীৱনৰ প্ৰতিটো মূহুৰ্তৰ কথাবোৰ যেন তাই সেই ডায়েৰীৰ মাজত আলফুলে সজীৱ কৰি যোৱাৰ ইচ্ছা আছিল, সেয়ে তাই কৈছিল ডায়েৰী তুমি মোৰ হ’বা প্ৰতিটো মূহুৰ্তৰ সুখ দুখৰ লগৰী।

আৰম্ভণিতেই যৱনিকা পৰিল তাইৰ মৰমৰ, সুখ দুখৰ লগৰী ডায়েৰীৰ স্বৰ্ণিল অধ্যায়। ডায়েৰীখন সযতনে ৰাখিব পিতৃয়ে।

ইফালে, গান আৰু নৃত্যক জীৱনতকৈও ভাল পোৱা তাইৰ ব্যৱহাৰ কৰা মৰমৰ হাৰমনিয়াম খন, গীটাৰখন প্ৰতিটো সামগ্ৰীয়েই যেন নিৰলে চকুলো টুকিছে। কাৰণ আজি তাই নাই, সঁচাকৈ যেন তাই গুচি গল এক অজান দেশলৈ। কাহানিয়ো উভতি আহিব নোৱাৰা এখন অজান দেশলৈ ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত হিমস্খলনৰ ভয়ংকৰ তাণ্ডৱ! ৪ জনৰ মৃত্যু, সন্ধানহীন ১২জন

নেপালৰ উত্তৰ-মধ্যাঞ্চলৰ ৭,১২৬ মিটাৰ উচ্চতাৰ মাউণ্ট হিমলুংত ভয়ংকৰ হিমস্খলনত...

ৰেংকিঙৰ জোৰত এছিয়ান গেমছৰ ছেমিফাইনেলত ভাৰত

এটা বলো নোহোৱাকৈয়ে এছিয়ান গেমছ ২০২৬ৰ ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেলৰ...

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...