৪ ডিচেম্বৰত মুক্তি পাব অসমীয়া ছবি ‘আদিশক্তি’, উন্মোচন কৰা হ’ল ছবিখনৰ ট্ৰেইলাৰ

অহা ৪ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব আইৰা ম’শ্যন পিকচাৰ্ছৰ বেনাৰত নিৰ্মিত নতুন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ ‘আদিশক্তি’। ছবিখনৰ মুক্তিৰ দিন চমু চাপি অহাৰ লগে লগে অসমীয়া চলচ্চিত্ৰপ্ৰেমীৰ মাজত সৃষ্টি হৈছে ব্যাপক উৎসুকতা আৰু চৰ্চা।

ছবিখনৰ প্ৰচাৰৰ অংশ হিচাপে শেহতীয়াকৈ যোৰহাট সংগীত মহোৎসৱৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ‘আদিশক্তি’ৰ ট্ৰেইলাৰ। অনুষ্ঠানত উপস্থিত দৰ্শকসকলে ছবিখনৰ ট্ৰেইলাৰ উপভোগ কৰি ইয়াৰ নিৰ্মাণশৈলী, কলা-কুশলীসকলৰ অভিনয় আৰু সামগ্ৰিক উপস্থাপনক প্ৰশংসা কৰে।

উল্লেখ্য যে, ছবিখনৰ মুক্তিক কেন্দ্ৰ কৰি বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে প্ৰচাৰমূলক কাৰ্যসূচী। পৰিচালক বিতোপন কাশ্যপৰ পৰিচালনাত নিৰ্মিত ‘আদিশক্তি’য়ে মুক্তিৰ পূৰ্বেই দৰ্শকৰ মাজত এক ইতিবাচক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে, দৰ্শকৰ বাবে আইৰা ম’শ্যন পিকচাৰ্ছৰ আনুষ্ঠানিক ৱেবছাইটতো উপলব্ধ কৰা হৈছে ছবিখনৰ ট্ৰেইলাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NSGৰ প্ৰথমটো মহিলা কমাণ্ডো প্ৰশিক্ষণ পাঠ্যক্ৰমত শ্ৰেষ্ঠত্ব অৰ্জন জুৰিয়াৰ ছাবিনা ইয়াছমিনৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনী (NSG)ৰ প্ৰথমটো মহিলা কমাণ্ডো কনভাৰ্ছন পাঠ্যক্ৰমত...

অপাৰেচন সিন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ মন্ত্ৰী, ২০ নৱেম্বৰত SCOৰ সভাত অংশগ্ৰহণ কৰিব

অপাৰেচন সিন্দূৰৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিব পাকিস্তানৰ...

তিৰুপতিৰ অন্নপ্ৰসাদম ট্ৰাষ্টলৈ হায়দৰাবাদৰ ভক্তৰ ১০ কোটি টকাৰ অনুদান

তিৰুমালা তিৰুপতি দেৱস্থানম (TTD) পৰিচালিত শ্ৰী ভেংকটেশ্বৰ অন্নপ্ৰসাদম ট্ৰাষ্টলৈ...

গুৱাহাটীত প্ৰথমবাৰৰ বাবে বিশ্বখ্যাত ৰক বেণ্ড Guns N’ Roses, ১৭ নৱেম্বৰত খানাপাৰাত সংগীতৰ মহাৰণ

উত্তৰ-পূৰ্বাঞ্চলৰ সংগীত জগতত সংযোজিত হ’ব এক নতুন ইতিহাস। বিশ্বৰ...