উত্তৰ-পূৰ্বাঞ্চলৰ সংগীত জগতত সংযোজিত হ’ব এক নতুন ইতিহাস। বিশ্বৰ অন্যতম জনপ্ৰিয় আমেৰিকান ৰক বেণ্ড Guns N’ Roses-এ অহা ১৭ নৱেম্বৰৰ নিশা গুৱাহাটীৰ খানাপাৰা ফিল্ডত সংগীতানুষ্ঠান পৰিৱেশন কৰিব।
এই অনুষ্ঠানক কেন্দ্ৰ কৰি ইতিমধ্যে গুৱাহাটীত ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে। কাইলৈ গুৱাহাটীত উপস্থিত হ’ব বিশ্ববিখ্যাত ৰক বেণ্ডটো। অনুষ্ঠানৰ বাবে সাজু কৰি তোলা হৈছে খানাপাৰা খেলপথাৰ। আয়োজকৰ আশা, প্ৰায় ৫০ হাজাৰ সংগীতপ্ৰেমীৰ উপস্থিতিত মুখৰিত হৈ উঠিব অনুষ্ঠানস্থলী।
উল্লেখ্য যে, যোৱা ১৪ নৱেম্বৰত বাংগালুৰুত অনুষ্ঠান পৰিৱেশন কৰিছিল বেণ্ডটোৱে। তাৰ পিছতে গুৱাহাটীত সংগীতৰ যাদু বিয়পাবলৈ সাজু হৈছে Guns N’ Roses।
ইতিমধ্যে BookMyShow-ৰ জৰিয়তে অনুষ্ঠানৰ টিকট বিক্ৰী আৰম্ভ হৈছে। ৫ হাজাৰ টকাৰ পৰা ১৬ হাজাৰ টকা পৰ্যন্ত নিৰ্ধাৰণ কৰা হৈছে টিকটৰ মূল্য।
বিশেষ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে এয়াই হ’ব Guns N’ Rosesৰ প্ৰথমটো লাইভ কনচাৰ্ট। সেয়েহে ১৭ নৱেম্বৰৰ নিশাটো কেৱল গুৱাহাটীৰ বাবেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংগীতপ্ৰেমীৰ বাবে এক স্মৰণীয় আৰু ঐতিহাসিক ক্ষণ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে।
