“শৰীৰৰ প্ৰয়োজনীয়তাৰ বাবেই যৌন সম্ভোগ কৰিছিলো, শেষ মুহূৰ্তত কিন্তু বিয়াখন নহ’ল…”

গুৱাহাটী, ১৮ জুন, NKTV: নীনা গুপ্তা… বি-টাউনত এগৰাকী সাহসী অভিনেত্ৰী হিচাপে পৰিচিত। এই বিষয়ে কাৰো কোনো সন্দেহ নাই। তেওঁ সদায় ৰূপালী পৰ্দাত নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰি আহিছে। আত্মজীৱনী ‘সচ কহু তো’তো প্ৰকাশিত হৈছে নীনাৰ বিতৰ্কিত জীৱন অধ্যায়। যৌন প্ৰয়োজনীয়তাৰ বাবে যৌন সম্ভোগ কৰা স্বত্বেও, শেষ মুহূৰ্তত বিবাহ ভাঙিছিল নীনাৰ, আজিও সেই অনুশোচনাৰ সুৰ নীনাৰ কণ্ঠত…অভিনেত্ৰীগৰাকীয়ে গ্ৰন্থ উন্মোচনী অনুষ্ঠানত তেওঁৰ জীৱনৰ এই ৰহস্য প্ৰকাশ কৰিছিল।

নীনাৰ আত্মজীৱনীখন প্ৰকাশ কৰিছে পেংগুইন ইণ্ডিয়া পাব্লিচিং হাউছে। অভিনেত্ৰী কৰীণা কাপুৰ খানে গ্ৰন্থখন ভাৰ্চুৱেলী উন্মোচন কৰিছে য’ত প্ৰকাশ পাইছে নীনাৰ জীৱনৰ অদম্য সংগ্ৰাম আৰু একাকীত্ব।

ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ ভিভ ৰিচাৰ্ডছৰ সৈতে থকা প্ৰেমৰ পৰা ৱান নাইট ষ্টেণ্ডলৈকে… সকলোখিনি কথা উন্মোচিত হৈছে এই গ্ৰন্থখনত। ভিভৰ পিছতো নীনাৰ জীৱনত একাধিক প্ৰেম আহিছিল। কিন্তু নায়িকাগৰাকীয়ে কেতিয়াও একেলগে থকাৰ কথা ভবা নাছিল।

জীৱনৰ কঠিন সময়ত কোনো স্বামী নাছিল, কোনো প্ৰেমিক নাছিল। নিঃসঙ্গতা নীনাৰ সংগী আছিল। নীনাই তেওঁৰ জীৱনৰ সকলোখিনি কৰীণাৰ সৈতে শ্বেয়াৰ কৰে।

অভিনেত্ৰী গৰাকীয়ে ২০০৮ চনত বিবেক মেহৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু বৰ্তমান এক সুখী দাম্পত্য জীৱন কটাইছে। নীনাই বিবেকৰ পূৰ্বে আন এগৰাকী পুৰুষৰ সৈতে বিয়া হোৱাৰ সিদ্ধান্ত লৈছিল কিন্তু শেষ মুহূৰ্তত বিয়াখন ভাঙি গৈছিল। নীনাই আত্মজীৱনীখনত তেওঁৰ জীৱনলৈ অহা সেই ধুমুহা জাকৰ কথা প্ৰকাশ কৰিছিল যদিও তেওঁৰ মানুহজনৰ নাম প্ৰকাশ কৰা নাছিল।

Neena Gupta daughter: My father supported me in raising daughter masaba  says Neena Gupta - Kultejas News

নীনাই কৰীণাক তেওঁৰ কিতাপ খন প্ৰকাশ কৰাৰ দিনা মায়াময় প্ৰেমকাহিনীটো বৰ্ণনা কৰিছিল। নীনাই কৈছিল যে মই বিয়া কৰিব বিচৰা ব্যক্তিজনে নিজেই বিয়াখন ভাঙি পেলাইছিল। কিন্তু নীনাই নাজানে তেওঁ কিয় এইটো কৰিছিল।

নীনাই কয়, মই তেওঁলোকৰ ঘৰত বাস কৰিছিলো। মই দুয়োৰে ইচ্ছাত যৌন সম্ভোগ কৰিছিলো। মই তেওঁৰ মাক দেউতাককো সন্মান কৰিছিলো। কিন্তু শেষত বিয়াখন নহ’ল। তেওঁ এতিয়া বিবাহিত, সন্তানৰ পিতৃ। তেওঁ মোৰ এই কিতাপখন নিশ্চয় পঢ়িব, তেওঁৰ লগত বিয়া হ’ব পৰা হ’লে মোৰ ভাল লাগিলহেঁতেন।

ENTERTAINMENT DESK, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...