হতাশ আজমলে হেৰুৱাইছে হিতাহিত জ্ঞান!

হতাশ আজমল!
এইবাৰ আকৰ্ষণীয় হৈছে ধুবুৰীৰ যুঁজ
হতাশ আজমলে হেৰুৱাইছে হিতাহিত জ্ঞান!
মঞ্চতে দলীয় কৰ্মীক চৰিওৱা আজমলৰ কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া
অহংকাৰী আজমলক চিকিৎ‍সকৰ পৰামৰ্শ লোৱাৰ আহ্বান কংগ্ৰেছৰ
তুলুঙা যুক্তিৰে আজমলক ৰক্ষণা-বেক্ষণৰ চেষ্টা দুই আমিনুলৰ

ধুবুৰীত যেন এইবাৰ ভৰিৰ তলৰ মাটি হেৰোৱাৰ উপক্ৰম হৈছে আজমলৰ। ৩ বাৰৰ সাংসদ বদৰুদ্দিনে এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেই আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাৱেদ ইছলামৰ পৰা সন্মুখীন হৈছে তীব্ৰ প্ৰত্যাহ্বানৰ। তাৰ পিছতে ধাৰাৱাহিক অভৱ্য আচৰণতে প্ৰকাশ পাইছে আজমলৰ অস্থিৰতা। কেতিয়াবা যদি মাইক দলিয়াইছে, কেতিয়াবা দলিয়াইছে গামোছা, বুধবাৰে প্ৰিয়ংকাৰ আগমনত সীমা চেৰালে আজমলৰ খঙে। মঞ্চতে মৌলানা আজমলে মাফিয়াৰৰূপ লৈ দলীয় কৰ্মীক আজমলে শোধালে প্ৰচণ্ড চৰ। কিন্তু ইমানৰ পিছতো কোনো অনুশোচনা নোহোৱা আজমলে সাংবাদিককহে কৰিলে তাচ্ছিল্য।

ইফালে আজমলৰ গৰ্হিত কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত আজমলক ৰক্ষণা–বেক্ষণ দিবলৈ উঠিপৰি লাগিল দুই সেনাপতি। ধিঙৰ বিধায়ক আমিনুল ইছলামৰ আদ্ভূট যুক্তি দলীয় কৰ্মীক ৰাজহুৱা মঞ্চ চৰ শোধোৱাটো আজমলৰ অধিকাৰ। ইফালে মানকাৰৰ বিধায়ক আমিনুলে হেনো গুৰুত্বই দিয়া নাই এই কথা।

কিন্তু তাৰ পৰিৱৰ্তে নিৰ্বাচনী প্ৰচাৰৰ মঞ্চত দলীয় কৰ্মীক চৰিয়াই গুচিয়াই বীৰত্ব প্ৰকাশ কৰা আজমলক তীব্ৰ কটাক্ষ কংগ্ৰেছী বিধায়ক জাকিৰহুছেইন সিকদাৰৰ। আজমল সভ্য আচৰণ নজনা এজন ব্যক্তি।

বুধবাৰে ধুবুৰীত প্ৰিয়ংকা গান্ধীৰ সভাত ২লক্ষাধিক মানুহ দেখি আজমলৰ মাঠা গৰম হৈ যোৱা বুলি মন্তব্য সিকদাৰৰ। লগতে সিকদাৰে ক’লে আজমলৰ সভালৈ এতিয়া টকা দিও আনিব নোৱাৰি মানুহ।

নিৰ্বাচনী প্ৰচাৰৰ মঞ্চত আজমলে এই চৰ ধুবুৰীবাসীক শোধোৱা বুলি কৈ ৭মে’ ইয়াৰ প্ৰতিশোধ ল’বলৈ আহ্বান কংগ্ৰেছ বিধায়কজনৰ। এনে উদ্ভট আচৰণ কৰা বদৰুদ্দিন আজমলক চিকিৎ‍সকৰ পৰামৰ্শৰ প্ৰয়োজন বুলি সিকদাৰে কৰিলে কটাক্ষ।

এইবাৰ ধুবুৰীত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। পূৰ্বে ৩টা নিৰ্বাচনত অনায়াসে একপক্ষীয় যুঁজ দি জয়ী হৈছিল আজমল। কিন্তু এইবাৰ যেন ধুবুৰীৰ প্ৰেক্ষাপট হৈছে সুকীয়া। প্ৰান্তে প্ৰান্তে আজমলৰ সভাত দেখা গৈছে খালী চকী। সেইবাবেই আজমলৰ লগতে এতিয়া হতাশ হৈ পৰিছে ধুবুৰীৰ AIUDFৰ নেতা কৰ্মীও। তাৰেই যেন পাৰ্শ্বক্ৰীয়া দেখা গ’ল বুধবাৰে তামাৰহাটত। ধুবুৰীৰ দাওভাঙিত হেলিকপ্টাৰ লৈ প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল আজমলে। কিন্তু হেলিকপ্টাৰ নহাত হেলিকপ্টাৰ চাবলৈ অহা একাংশ লোকে উত্তেজিত হৈ এৰিলে সভাথলী। সেই বাতৰি সংগ্ৰহ কৰাৰ বাবে মঞ্চৰ পৰা দিয়া AIUDFৰ নেতাৰ উচটনিত একাংশই আক্ৰমণ কৰিলে সাংবাদিকক। ঘটনাত আহত হ’ল এজন সাংবাদিক। পাছত সভাস্থলীত উপস্থিত হৈ খালী চকীৰ সন্মুখতে এনেদৰে ভাষণ দিলে আজমলে। আজমলৰ অভৱ্য আচৰণ আৰু AIUDFৰ নেতা কৰ্মীৰ সাংবাদিক নিগ্ৰহকো গৰিহণা দিলে জাকিৰ হুছেইন সিকদাৰে।

এনেদৰেই এতিয়া ধুবুৰীত আজমলৰ ভেটিত কঁপনি উঠা পৰিলক্ষিত হৈছে। পূৰ্বে ৩ বাৰকৈ ক্লীনশ্বুইপ কৰা আজমলৰ এইবাৰ যে নিৰ্বাচন জয়ৰ পথ ইমান মসৃণ নহ’ব সেয়া মৌলানাৰ আচৰণ আৰু দলীয় কৰ্মীৰ কৰ্মতেই স্পষ্ট।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...