ব্যৱসায়ীক ধন দাবী কৰি গ্ৰেপ্তাৰ ৪ জনকৈ আৰক্ষী

পুনৰ খাকী পোছাকধাৰীয়ে নাক কাটিলে অসম আৰক্ষীৰ। ব্যৱসায়ীক ধন দাবী কৰি গ্ৰেপ্তাৰ ৪ জনকৈ আৰক্ষী। GRPয়ে গ্ৰেপ্তাৰ কৰিছে ৩ জন কনিষ্টবল, এজন গৃহৰক্ষী জোৱানক। কামাখ্যা ৰে’ল ষ্টেশ্যনত সোণ সৰবৰাহকাৰীৰ পৰা লৈছিল ৪ লাখ টকা। ধৃত- নৱ দাস, ৰুবুল হুছেইন আৰু ঋষিকেশ বৈষ্ণৱ। লগতে গ্ৰেপ্তাৰ হৈছে গৃহৰক্ষী বাহিনীৰ জোৱান চাহজাহান আলীও। পলাতক হৈ আছে ঘটনাত জড়িত গৃহৰক্ষী জোৱান নুৰ মহম্মদ আলী।মঙলবাৰে কামাখ্যা ৰেল ষ্টেচনৰ ১নং প্লেটফৰ্মত সংঘটিত হৈছিল এই ঘটনা। প্ৰাথমিক তদন্তৰ পিছত আটাইকে গ্ৰেপ্তাৰৰ নিৰ্দেশ ৰে’ল আৰক্ষীৰ SPৰ। গ্ৰেপ্তাৰ হোৱা ৪ জনক আজি আদালতত হাজিৰ কৰা হৈছিল। আটাইকে ৬ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ঐতিহাসিক পদক্ষেপ: গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

উত্তৰ-পূব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰি...

ভাৰতৰ দৰে বাংলাদেশতো শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী: গঠন হ’ল ‘ব্ৰইলাৰ চিকেন পাৰ্টী’

বৰ্তমান ভাৰত আৰু চুবুৰীয়া দেশ বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ মাজত...

নেপালত Gen-Z প্ৰজন্মৰ প্ৰতিবাদ: প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ কি?

নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰ তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ গঢ়ি...