ব্যৱসায়ীক ধন দাবী কৰি গ্ৰেপ্তাৰ ৪ জনকৈ আৰক্ষী

0 178

পুনৰ খাকী পোছাকধাৰীয়ে নাক কাটিলে অসম আৰক্ষীৰ। ব্যৱসায়ীক ধন দাবী কৰি গ্ৰেপ্তাৰ ৪ জনকৈ আৰক্ষী। GRPয়ে গ্ৰেপ্তাৰ কৰিছে ৩ জন কনিষ্টবল, এজন গৃহৰক্ষী জোৱানক। কামাখ্যা ৰে’ল ষ্টেশ্যনত সোণ সৰবৰাহকাৰীৰ পৰা লৈছিল ৪ লাখ টকা। ধৃত- নৱ দাস, ৰুবুল হুছেইন আৰু ঋষিকেশ বৈষ্ণৱ। লগতে গ্ৰেপ্তাৰ হৈছে গৃহৰক্ষী বাহিনীৰ জোৱান চাহজাহান আলীও। পলাতক হৈ আছে ঘটনাত জড়িত গৃহৰক্ষী জোৱান নুৰ মহম্মদ আলী।মঙলবাৰে কামাখ্যা ৰেল ষ্টেচনৰ ১নং প্লেটফৰ্মত সংঘটিত হৈছিল এই ঘটনা। প্ৰাথমিক তদন্তৰ পিছত আটাইকে গ্ৰেপ্তাৰৰ নিৰ্দেশ ৰে’ল আৰক্ষীৰ SPৰ। গ্ৰেপ্তাৰ হোৱা ৪ জনক আজি আদালতত হাজিৰ কৰা হৈছিল। আটাইকে ৬ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.