বলাৰৰ বাবে আকৌ ত্ৰাস হৈ পৰিব নেকি ট্ৰেভিছ হেড?

0 58

হায়দৰাবাদত আজিও হব নেকি ৰানৰ বৰষুণ?

বলাৰৰ বাবে আকৌ ত্ৰাস হৈ পৰিব নেকি ট্ৰেভিছ হেড?

IPLত আজি ২২ গজৰ যুঁজত RCB বনাম SRH

২০০ৰো অধিক ষ্ট্ৰাইক ৰেটেৰে T-20 বেটিং কৰাৰ সপোন অধিকাংশ বেটাৰৰে থাকে। কিন্তু এই সপোনক বাস্তৱ ৰূপ প্ৰদান কৰি IPLত ছয় আৰু চাৰিৰ ধুমুহা লৈ আহে অষ্ট্ৰেলিয়াৰ বিধ্বংসী বেটাৰ ট্ৰেভিছ হেডে।

IPLত ৬খন মেচ খেলি ট্ৰেভিছ হেডে অৰ্জন কৰিছে ৩২৪ ৰান

৩৯টা বাউণ্ডেৰী আৰু ১৮টা ছয়ৰে বলাৰৰ বাবে যেন হৈ পৰিছে মূৰৰ কামোৰণি

IPLত ট্ৰেভিছ হেডৰ দ্ৰুত গতিৰ ছন্দোময় বেটিঙেৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ছানৰাইজাৰ্ছ হায়দৰাবাদ। ট্ৰেভিছ হেডৰ দৰ্শনীয় বেটিঙৰ বাবেই ৩বাৰকৈ ২৫০ৰ অধিক দলীয় স্ক’ৰ কৰিবলৈ সক্ষম হৈছে হায়দৰাবাদ দলে। অকল ট্ৰেভিছ হেডেই নহয় ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আন এজন অপেনাৰ বেটাৰ অভিষেক শৰ্মাৰ বেটিং বিক্ৰমে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।

৭খন মেচ খেলি অভিষেকে অৰ্জন কৰিছে মুঠ ২৫৭ ৰান

২১৫.৯৭ ষ্ট্ৰাইক ৰেটেৰে এইবাৰৰ IPLত অভিষেক দুৰ্দান্ত ফৰ্মত আছে

বৰ্তমানলৈ অভিষেকে IPLত বেটেৰে কোবাইছে ২৪টাকৈ ছয়

১৮টাকৈ বাউণ্ডেৰীৰে অভিষেকে গঢ়িছে ৰানৰ পাহাৰ

হেড আৰু অভিষেকৰ বিস্ফোৰক বেটিঙৰ সহায়ত IPLৰ পইণ্টছ তালিকাৰ তৃতীয় স্থানত আছে ছানৰাইজাৰ্ছ হায়দৰাবাদ। আনহাতে, আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বাবে মৰনপণ যুঁজ। অন্তিম ৫খন মেচত পৰাজয়ৰ পিছত হায়দৰাবাদৰ বিৰুদ্ধে জয়লাভ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে। আজি RCB পৰাস্ত হ’লে চলিত IPLৰ প্লেঅফৰ দৌৰৰ পৰা বাহিৰ হোৱোটো প্ৰায় নিশ্চিত। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ প্ৰধান সমস্যা হৈছে বলিং। চলিত IPLত

১০.৭ ৰানৰ ইক’নমিৰে RCBৰ বলাৰসকলে ব্যয় কৰিছে ৰান

যাৰ ফলত ৮খন মেচৰ কেৱল এখনতহে জয়লাভ কৰিছে RCB

ইপিনে, বুধবাৰৰ নিশা মেচখনে আকৌ এবাৰ বিস্মিত কৰিলে ক্ৰিকেটপ্ৰেমীক। অন্তিম অ’ভাৰৰ শ্বাসৰুদ্ধকৰ সামৰণিৰে  IPLৰ মাদকতা বঢ়াই তুলিছে। অৱশেষত দিল্লী কেপিটেলছৰ হাতত ৪ ৰানত পৰাস্ত হয় গুজৰাট টাইটানছ। প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অ’ভাৰত ২২৪ ৰান সংগ্ৰহ কৰিছিল দিল্লীয়ে। প্ৰত্যুত্তৰত নিৰ্ধাৰিত ২০ অ’ভাৰত ২২০ ৰানত থমকি ৰবলৈ বাধ্য হয় গুজৰাট টাইটানছ। অধিনায়ক ৰূপে দলক কান্ধ পাতি দিল্লীৰ হৈ ৪৩টা বলত অপৰাজিত ৮৮ ৰান কৰে ঋষভ পন্তে।

Leave A Reply

Your email address will not be published.