তিনিচুকীয়াৰ ডুমডুমাত চাঞ্চল্যকৰ ঘটনা

তিনিচুকীয়াৰ ডুমডুমা থানাৰ অন্তৰ্গত বিচাকুপিত স্বামীগৃহৰ লোকে বিহ খুৱাই হত্যাৰ চেষ্টা চলোৱা চান্দা মাঝি নামৰ মহিলাগৰাকীয়ে মঙলবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয়। পিতৃৰ পৰিয়ালে মহিলাগৰাকীৰ মৃতদেহ স্বামীগৃহত চমজাই দিব যোৱা সময়তে নিশা সৃষ্টি হয় অপ্ৰিতিকৰ পৰিস্থিতি। ডুমডুমা আৰক্ষী থানাৰ সন্মুখত নিশা ১২ বজা পৰ্যন্ত মহিলাগৰাকীৰ মৃতদেহ লৈ ন্যায় বিচাৰি অৱস্থান কৰে পৰিয়ালে। চান্দা মাঝিক স্বামী বিনোদ বাগ, শহুৰ-শাহু আৰু দেওৰেকে বলপূৰ্বক বিহ খুৱাই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ পৰিয়ালৰ।

ৰহস্যজনক মৃত্যু
নিশা ১২ বজালৈ উত্তপ্ত ডুমডুমা থানা
মৃতদেহ লৈ থানাৰ সন্মুখত এদল লোক
চান্দা মাঝি হত্যাৰ ন্যায় লাগে তেওঁলোকক

চান্দা মাঝি – তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বিচাকুপি বাগানৰ এগৰাকী মহিলা। ২১টা দিন মৃত্যুৰে যুঁজি যুঁজি অৱশেষত হাৰ মানিলে চান্দা মাঝিয়ে। প্ৰায় ৩ বছৰ পূৰ্বেই বিচাকুপি বাগানৰ ৩ নম্বৰ লাইনৰ বিনোদ বাগীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল চান্দা মাঝি। ৩ বছৰে তেওঁলোকৰ সাংসাৰিক জীৱন কেনে আছিল সেই সন্দৰ্ভত কোনেও কোনো কথা ব্যক্ত কৰা নাই। কিন্তু বিগত ২ এপ্ৰিলত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা।

স্বামীগৃহৰ বন্ধ কোঠাত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হয় চান্দা মাঝি
মুখেৰে তেজ বমি কৰি আছিল মহিলাগৰাকীয়ে
স্বামীগৃহৰ লোকে চান্দা মাঝিৰ কোনো চিকিৎসা নকৰালে

কিছুদিন পিছত পিতৃগৃহৰ লোকে চান্দাক চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু তেতিয়ালৈ স্বাস্থ্যৰ যথেষ্ঠ অৱনতি ঘটিছিল মহিলাগৰাকীৰ। মহিলাগৰাকীৰ মৃত্যু নিশ্চিত বুলি চিকিৎসকে ঘূৰাই পথাইছিল চান্দা মাঝিক। পিতৃগৃহতে অক্সিজেন দি ৰখা হৈছিল মহিলাগৰাকীক। প্ৰায় ২১ টা দিন মৃত্যুৰে যুঁজি যুঁজি মঙলবাৰে মৃত্যুক আকোৱালি লয় চান্দা মাঝিয়ে।

বিয়লি মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত আলোচনাৰ মাধ্যমেৰেই পিতৃগৃহৰ লোকে চান্দা মাঝিৰ মৃতদেহ স্বামীগৃহত চমজাই দিবলৈ গৈছিল। কিন্তু মৃতদেহ চমজাই দিবলৈ যোৱাৰ সময়ত স্বামীগৃহত তলা ওলমি থকাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। দুই পক্ষৰ মাজত হতাহতিও হয়।

এনে পৰিস্থিতিৰ পিছতে চান্দা মাঝিৰ মৃতদেহ লৈ ডুমডুমা আৰক্ষী থানাৰ সন্মুখত নিশা ১২ বজালৈ অৱস্থান মহিলাগৰাকীৰ পৰিয়ালৰ। পৰিয়াল তথা গঞাৰ এটাই কথা চান্দা মাঝি হত্যাৰ ন্যায় লাগে। তেওঁলোকৰ অভিযোগ-বলপূৰ্বক বিহ খুৱাই হত্যা কৰা হ’ল চান্দাক। অভিযুক্তৰ তালিকাত স্বামী বিনোদ বাগ, শহুৰ-শাহু আৰু দেওৰেক। চিকিৎসাধীন হৈ থাকোঁতে দণ্ডাধীশেও গ্ৰহণ কৰিছিল চান্দা মাঝিৰ জবানবন্দী। কিন্তু অভিযোগ অনুসৰি আজিলৈ গ্ৰেপ্তাৰ নহ’ল অভিযুক্তসকল। এই ঘটনাই স্বাভাৱিকতে সমগ্ৰ ডুমডুমাত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...