বিশ্বৰ বৃহত্তম উন্মুক্ত কাৰাগাৰত পৰিণত গাজা ভূখণ্ড

0 804

মধ্যপ্ৰাচ্যৰ মাথোন ৩৬৫ বৰ্গকিলোমিটাৰ সামৰা এটা এলেকা। বিংশ শতিকাৰ লগতে একবিংশ শতিকাতো এই এলেকা বিশ্বৰ অন্যতম বিবদমান এলেকা হৈ আহিছে। ইজৰাইল আৰু হামাচ বাহিনীৰ সংঘাতত গাজা এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে।

বিশ্বৰ বৃহত্তম উন্মুক্ত কাৰাগাৰত পৰিণত গাজা ভূখণ্ড
ইজৰাইল আৰু মিছৰে সীমান্ত বন্ধ কৰি দিয়াত অৱৰুদ্ধ গাজা
গাজা ভূখণ্ডত আছে পেলেষ্টাইনৰ সৰ্ববৃহৎ চহৰ গাজা
ৱেষ্ট বেংক আৰু গাজা ভূখণ্ডক লৈ গঠিত পেলেষ্টাইন
গাজা ভূখণ্ডত এতিয়াও আছে হামাছৰ আধিপত্য
১৯৪৮ চনত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপত গঠন হ’ল ইজৰাইল
পেলেষ্টাইন ভাঙি ইজৰাইল গঠনত অনুমোদন ৰাষ্ট্ৰসংঘৰ
ইজৰাইলৰ অস্তিত্বক তেতিয়াই অস্বীকাৰ কৰিছিল আৰব দেশখনে
’৬৭ত আৰব দেশসমূহৰ লগত হোৱা যুদ্ধৰ পিছত গাজা দখল কৰে ইজৰাইলে
ইজৰাইলে গাজাবাসীৰ ওপৰত চলাইছিল অকথ্য নিৰ্যাতন
পেলেষ্টাইনক লৈ সমগ্ৰ বিশ্ব দুভাগত বিভক্ত হয়
ইজৰাইলৰ বিৰুদ্ধে পেলেষ্টাইনত হয় দুবাৰকৈ গণ অভ্যুত্থান
’৮৮ত ছুন্নী মুছলমানসকলৰ সংগঠন ‘মুছলিম ব্ৰাডাৰহুড’ৰ ৰাজনৈতিক শাখাৰূপে হামাছৰ উত্থান
হামাছৰ সশস্ত্ৰ আক্ৰমণত ব্যতিব্যস্ত হৈ ২০০৫ত গাজাৰ পৰা অপসাৰণ ইজৰাইলী সেনাৰ
২০০৭ত গাজাৰ প্ৰশাসনীয় শাসন নিজৰ দখললৈ নিলে হামাছে
ইজৰাইলৰ লগতে ৰাষ্ট্ৰসংঘ, যুক্তৰাষ্ট্ৰ আদিয়ে আজিও গাজা ইজৰাইলৰ অংশ বিশেষ বুলি গণ্য কৰে
৪১ কিলোমিটাৰ দীঘল, ৬–১২ কিঃমি বহল গাজা মধ্যপ্ৰাচ্যৰ গুৰুত্বপূৰ্ণ এলেকা
সাগৰীয় পথ হোৱাৰ বাবে গাজা ইজৰাইলৰ বাবে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ

বিশ্বৰ বৃহত্তম উন্মুক্ত কাৰাগাৰত পৰিণত গাজা ভূখণ্ড
ইজৰাইল আৰু মিছৰে সীমান্ত বন্ধ কৰি দিয়াত অৱৰুদ্ধ গাজা
গাজা ভূখণ্ডত আছে পেলেষ্টাইনৰ সৰ্ববৃহৎ চহৰ গাজা
ৱেষ্ট বেংক আৰু গাজা ভূখণ্ডক লৈ গঠিত পেলেষ্টাইন
গাজা ভূখণ্ডত এতিয়াও আছে হামাছৰ আধিপত্য


এখন প্ৰাচীন বাণিজ্য নগৰ, বন্দৰ নগৰ গাজা। দীৰ্ঘসময় ধৰি পেলেষ্টাইনৰ ভৌগোলিক এলেকাৰ ভিতৰত আছিল গাজা। গাজাত মূলতঃ আৰবৰ মুছলিম আৰু খ্ৰীষ্টয়ান সকলৰ বাসভূমি আছিল। ১৯১৮ত বিশ্বযুদ্ধ শেষ হোৱাৰ পিছত গাজা দখল কৰে ব্ৰিটেইনে। ব্ৰিটেইনে পেলেষ্টাইনৰ নিয়ন্ত্ৰণ নিজৰ অধীনলৈ নিয়াৰ পিছত গাজাত পেলেষ্টাইনী জাতীয়তাবাদৰ উত্থান ঘটে।

১৯৪৮ চনত ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপত গঠন হ’ল ইজৰাইল
পেলেষ্টাইন ভাঙি ইজৰাইল গঠনত অনুমোদন ৰাষ্ট্ৰসংঘৰ
ইজৰাইলৰ অস্তিত্বক তেতিয়াই অস্বীকাৰ কৰিছিল আৰব দেশখনে


ইজৰাইল গঠনৰ পিছত দক্ষিণ পেলেষ্টাইনৰ ২৯ খন গাঁৱত ইজৰাইলে আক্ৰমণ চলাইছিল। তেতিয়া পেলেষ্টাইনৰ ভালেসংখ্যক লোক গাজালৈ গুচি যায়। এসময়ৰ কম জনবসতিপূৰ্ণ গাজা লাহে লাহে ঘন জনবসতিপূৰ্ণ এলেকালৈ ৰূপান্তৰিত হয়।

’৬৭ত আৰব দেশসমূহৰ লগত হোৱা যুদ্ধৰ পিছত গাজা দখল কৰে ইজৰাইলে
ইজৰাইলে গাজাবাসীৰ ওপৰত চলাইছিল অকথ্য নিৰ্যাতন
পেলেষ্টাইনক লৈ সমগ্ৰ বিশ্ব দুভাগত বিভক্ত হয়
ইজৰাইলৰ বিৰুদ্ধে পেলেষ্টাইনত হয় দুবাৰকৈ গণ অভ্যুত্থান


দীৰ্ঘদিন ধৰি পেলেষ্টাইনৰ হৈ মাত মাতি আহিছিল য়াছেৰ আৰাফটৰ নেতৃত্বত। পেলেষ্টাইন লিবাৰেশ্যন অৰ্গেনাইজেশ্যন চমুকৈ PLOই। কিন্তু পেলেষ্টাইন সংঘাতৰ স্থায়ী সমাধান নোলোৱাত PLOৰ গ্ৰহণযোগ্যতা ক্ৰমাৎ হ্ৰাস পায়।

’৮৮ত ছুন্নী মুছলমানসকলৰ সংগঠন ‘মুছলিম ব্ৰাডাৰহুড’ৰ ৰাজনৈতিক শাখাৰূপে হামাছৰ উত্থান
হামাছৰ সশস্ত্ৰ আক্ৰমণত ব্যতিব্যস্ত হৈ ২০০৫ত গাজাৰ পৰা অপসাৰণ ইজৰাইলী সেনাৰ।
২০০৭ত গাজাৰ প্ৰশাসনীয় শাসন নিজৰ দখললৈ নিলে হামাছে
ইজৰাইলৰ লগতে ৰাষ্ট্ৰসংঘ, যুক্তৰাষ্ট্ৰ আদিয়ে আজিও গাজা ইজৰাইলৰ অংশ বিশেষ বুলি গণ্য কৰে
৪১ কিলোমিটাৰ দীঘল, ৬–১২ কিঃমি বহল গাজা মধ্যপ্ৰাচ্যৰ গুৰুত্বপূৰ্ণ এলেকা
সাগৰীয় পথ হোৱাৰ বাবে গাজা ইজৰাইলৰ বাবে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ


গাজা ভূখণ্ড এটা দাৰিদ্ৰ্যপীড়িত এলেকা। দাৰিদ্ৰ্যৰ হাৰ ৫৩ শতাংশ। কিন্তু শিক্ষাৰ হাৰ তাত যথেষ্ট বেছি। বিশ্ব বেংকৰ এক সমীক্ষা মতে গাজাক লৈ পেলেষ্টাইনৰ সৈতে ইজৰাইল আৰু মিছৰৰ সংঘাতৰ বাবে তাৰ ৭০ শতাংশ লোকে হতাশাত ভুগিছে। হামাছ বাহিনীক উৎখাত কৰিবলৈ ইজৰাইলে ৪বাৰকৈ সেনা নিয়োগ কৰিও ব্যৰ্থ হৈছে। এই সংঘৰ্ষবোৰত ৪ হাজাৰ পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হৈছে। শেহতীয়া সংঘাতে গাজাক অধিক অৱনিতৰ ফালে ঠেলিছে।

Leave A Reply

Your email address will not be published.