ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰদৈচিলাৰ তাণ্ডৱ

ৰাজ্যৰ ভিন্ন প্ৰান্তত শনিবাৰে নিশা প্ৰকৃতিয়ে ধাৰণ কৰে সংহাৰী ৰূপ। প্ৰৱল শিলাবৃষ্টি আৰু বতাহ ধুমুহাই বিস্তৰ ক্ষতি কৰে বহু ঠাইত। ধুমুহাত বহু ঘৰ ভাঙি পৰাৰ লগতে উভালি পৰিল বৃহৎ বৃহৎ গছ। কোনো কোনো ঠাইত বিদ্যুতৰ খুঁটা বাগৰি সৃষ্টি হ’ল হাহাকাৰ পৰিৱেশ। গুৱাহাটীৰ সমীপৰ ধাৰাপুৰত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত লাগিল হাহাকাৰ। বতাহ ধুমুহাই ভাঙি পেলালে বিহুৰ পেণ্ডেল, আহত হ’ল কেইবাজনো লোক।

প্ৰৱল ধুমুহা আৰু শিলাবৃষ্টিত ঠায়ে ঠায়ে বিস্তৰ ক্ষতিসাধন
বহু ঠাইত ভাগিল ঘৰ, উভালি পৰিল সৰু-বৰ গছ
ঠায়ে ঠায়ে বিদ্যুতৰ খুঁটা ভঙাত ব্যাহত বিদ্যুৎ সেৱা
গুৱাহাটীৰ ধাৰাপুৰত দৰ্শকৰ ওপৰত ভাগি পৰিল বিহুৰ পেণ্ডেল
ডবকাতো বিহুৰ পেণ্ডেল ভাগি আহত একাধিক
সাপেখাতীত ধুমুহাই ভগা ঘৰ হেঁচা মাৰি ধৰি মহিলাৰ মৃত্যু

শনিবাৰে নিশা গুৱাহাটীৰ ধাৰাপুৰৰ দৃশ্য এয়া। ধাৰাপুৰত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ মাজতে সৃষ্টি হ’ল প্ৰকৃতিৰ তাণ্ডৱ। কেমেৰাত আবদ্ধ হ’ল ধুমুহা বতাহত বিহুৰ পেণ্ডেল ভাঙি পৰাৰ ভয়ংকৰ দৃশ্য। অনুষ্ঠানৰ বাতৰি পৰিৱেশনৰ বাবে যোৱা সাংবাদিকক একাংশ আৰক্ষীয়ে আক্ৰমণ কৰাৰ অভিযোগ।

ধুমুহাৰ বাবে ধাৰাপুৰত বাতিল জুবিনৰ সংগীতানুষ্ঠান। গোলাঘাটৰ মৰঙী মৌজাৰ ভিন্ন প্ৰান্তত প্ৰবল ধুমুহা বৰষুণৰ তাণ্ডৱ৷ বতাহ ধুমুহাই ভাঙি তহিলং কৰে বহু গছ গছনী ঘৰ দুৱাৰ। ধলাগুৰি চাহ বাগিচাত 20 টাৰো অধিক পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন। গোলাঘাটৰ ধনশিৰি মহকুমাৰ চুঙাজান আৰু নাওজান অঞ্চলতো প্ৰবল ধুমুহা বৰষুণ ৷ বতাহ ধুমুহাত গছ ভাঙি পৰাত বহু সময়লৈকে বন্ধ হৈ পৰে চুঙাজান আৰু নাওজান সংযোগী পথছোৱা৷ ডবকাৰ ভগীৰাম গাঁৱত চলি থকা বিহুৰ পেণ্ডেল ভাঙি আহত দৰ্শক৷ গুৰুতৰভাবে আহত বহু কেইজনলোক। আহত সকলক ততাতৈয়াকৈ ডবকা লাইফ কেয়াৰ হাস্পতাললৈ প্ৰেৰণ। ডিব্ৰুগড় জিলাৰ নামৰূপতো প্ৰবল বতাহ-ধুমুহা। নামৰূপৰ শৰ্মাতিনিআলিত উভালি পৰিল প্ৰকাণ্ড গছ। সোণাৰিত নিশা প্ৰচণ্ড বতাহ-ধুমুহাৰ তাণ্ডৱ। গাড়ীৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছ। কথমপি প্ৰাণৰক্ষা গাড়ীখনৰ আৰোহীৰ । বৰদৈচিলাৰ তাণ্ডৱত তচনচ কেইবাখনো গাঁও। একেই পৰিৱেশ কলিয়াবৰতো। বামুণী, শাকমুঠিয়া চাহ বাগিচা অঞ্চলত বিস্তৰ ক্ষতি। শিলাবৃষ্টিত ঘৰৰ টিনপাত ফুটিল বহু লোকৰ। ঠায়ে ঠায়ে উভালি পৰিল প্ৰকাণ্ড গছ। শস্যৰো ক্ষতিসাধন হৈছে অঞ্চলটোত। শিৱসাগৰৰ মগৰাহাটত পুৱাতে অহা ধুমুহাত বিস্তৰ ক্ষতি। ডেৰ শতাধিক পৰিয়ালৰ ঘৰৰ উৰুৱাই নিয়ে টিনপাত। বৃহৎ বৃহৎ গছ উভালি পৰাত ব্যাহত হৈ পৰিছে বৈদ্যুতিক সেৱা। বহু পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিদেশৰ মাটিত সৰ্বাধিক ৰান সংগ্ৰহকাৰী ভাৰতীয় উইকেটকীপাৰ হিচাপে ইতিহাস ৰচিলে ঋষভ পণ্টে

ভাৰতীয় উইকেটকীপাৰ-বেটছমেন ঋষভ পণ্টে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক...

জ্যোতি চিত্ৰবনত কাইলৈ মুক্তি পাব নতুন অসমীয়া ছবি ‘NRC (নলপাৰাৰ ৰাম চন্দ্ৰ)’ৰ MOTION POSTER

ছবিগৃহলৈ আহিবলৈ সাজু হৈছে এখন নতুন অসমীয়া ছবি ‘NRC...

‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭...