আকৌ ভাইৰেল টকাৰ পাহাৰত UPPL নেতাৰ ফটো

কিছুদিন পূৰ্বে ভাইৰেল হৈছিল বহিস্কৃত UPPL নেতা বেঞ্জামিন বসুমতাৰীয়ে টকাৰ বিচনাৰ ওপৰত শুই থকা ফটো। সেই কাহিনীৰ চাঞ্চল্য মাৰ নাযাওঁতেই পুনৰ ৫০০ টকীয়া বাণ্ডিলৰ উজান উঠিছে BTRত। পুনৰ ভাইৰেল হৈছে ৫০০ টকীয়া বাণ্ডিলৰ পাহাৰৰ ওপৰত UPPL নেতাৰ শুই থকা ফটো। শেহতীয়াকৈ ‍‍BPFৰ ছাত্ৰ সংগঠন বড়োলেণ্ড ষ্টুডেন্টছ ইউনিয়নৰ কেন্দ্ৰীয় নেতাসকলে UPPLত যোগদান কৰিছিল। অভিযোগ অনুসৰি তেওঁলোকৰ প্ৰতিজনকে ১০ লাখ টকাকৈ প্ৰায় ৩ কোটি নিৰ্বাচনত বিলাবলৈ দিছিল BTR প্ৰধান প্ৰমোদ বড়োৱে। ৩য় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৮ টা দিন বাকী থকা অৱস্থাত এই ভাইৰেল ফটোই সমগ্ৰ BTRতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

পুনৰ ৫০০ টকীয়া বাণ্ডিলৰ উজান উঠিছে BTRত
কিছুদিন পূৰ্বে UPPLত যোগ দিছে ভাইৰেল নেতাই
BSUৰ কেন্দ্ৰীয় নেতাসকলে যোগদান কৰিছিল UPPLত
তাৰ মাজৰেই এন্টনী নাৰ্জাৰীৰ ফটো ভাইেৰেল
এন্টনি নাৰ্জাৰীয়ে ক’ত পালে এই বৃহৎ পৰিমাণৰ ধন?

ভ্ৰষ্টাচাৰৰ নগ্ন ফটো
টকাৰ বিচনাত শোৱা বেঞ্জামিন বসুমতাৰী অতীত
নিৰ্বাচনৰ বজাৰত এতিয়া টকা আৰু নেতাৰ নতুন ফটো

BTRৰ যুৱ নেতা এন্টনি নাৰ্জাৰী। সৌ সিদিনালৈ BPFৰ ছাত্ৰ সংগঠন বড়োলেণ্ড ষ্টুডেন্টছ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ নেতা আছিল এন্টনি নাৰ্জাৰী। শেহতীয়াকৈ বড়োলেণ্ড ষ্টুডেন্টছ ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ অন্যান্য নেতাসকলৰ সৈতে এন্টনি নাৰ্জাৰীয়েও পৰিচয় সলাই যোগ দিছে UPPLত।

BSUৰ কেন্দ্ৰীয় নেতৃত্বই BTR প্ৰধান প্ৰমোদ বড়োৰ হাতেৰে আৰনাই পিন্ধি UPPLত যোগদান কৰা দৃশ্য এয়া। তাৰ পিছতে ন-UPPL সকলৰ এই ফটো। ৫০০ টকীয়া বাণ্ডিলৰ পাহাৰৰ সৈতে ইজনৰ পিছত সিজন ন-UPPL। দুটাকৈ বেগত শ শ ৫০০ টকীয়া বাণ্ডিল। টকাৰ পাহাৰ দেখি প্ৰায় বলীয়া ন-UPLL। টকাৰ বাণ্ডিলৰ ওপৰত শুই থকাজন এন্টনী নাৰ্জাৰী। লগত টকাৰ বাণ্ডিলৰ সৈতে আছে ত্ৰিলিয়াছ ব্ৰহ্ম, জন্থি বসুমতাৰী, কৰামডাও ব্ৰহ্মও।

অভিযোগ অনুসৰি UPPLত যোগদানৰ পিছতে BSUৰ কেন্দ্ৰীয় কমিটীৰ নেতাসকলৰ প্ৰতিজনকে BTRৰ প্ৰমোদ বড়োৰ নিৰ্দেশত ১০ লাখকৈ টকা দিয়া হৈছিল। প্ৰমোদ বড়োৱে তেওঁলোকক প্ৰায় ৩ কোটি টকা দিয়াৰ অভিযোগ। কোকৰাঝাৰত মিত্ৰজোঁট প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ এই ধন ভোটাৰৰ মাজত বিলাবলৈ দিয়া হৈছিল ন-UPPLক। ভোটাৰৰ মাজত ধন পূৰ্বেই টকাৰ পাহাৰৰ সৈতে ফটো ছেছন এন্টনী নাৰ্জাৰী, ত্ৰিলিয়াছ ব্ৰহ্ম, জন্থি বসুমতাৰী, কৰামডাও ব্ৰহ্মৰ। কিছুদিন পূৰ্বে ভাইৰেল হৈছিল বহিস্কৃত UPPL নেতা বেঞ্জামিন বসুমতাৰীয়ে টকাৰ বিচনাৰ ওপৰত শুই থকা এখন পুৰণি ফটো। সেই ফটোখনে স্বাভাৱিকতে বিব্ৰত কৰিছিল BTR প্ৰধান প্ৰমোদ বড়োক। বিষয়টোক লৈ তেতিয়া প্ৰতিক্ৰিয়া দিবলৈও বাধ্য হৈছিল প্ৰমোদ বড়ো।

৫০০ টকীয়া বাণ্ডিলৰ সৈতে ন-UPPL নেতাৰ এই ফটো বনজুইৰ দৰে ভাইৰেল হৈ পৰিছে সমগ্ৰ BTRত। এই ফটোই আকৌ এবাৰ প্ৰমাণ কৰিছে কিদৰে ধনৰ বিনিময়ত ভোট ক্ৰয় কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ প্ৰয়াস কৰিছে শাসক পক্ষই। বিষয়টোক লৈ সমগ্ৰ BTRত স্বাভাৱিকতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গোটেই টকাখিনি গণিলে হেনো ৫ হাজাৰো নহ’ব। মুখ্যমন্ত্ৰীয়ে ক’লে- জনগোষ্ঠীয় লোকসকলৰৰ নিজা জীৱনশৈলী থাকে। তাকে লৈ হেনো অতিৰঞ্জিত বাতৰি পৰিবেশন কৰিব নালাগে।

আকৌ এবাৰ ভালদৰে মন কৰকচোন ফটোবোৰলৈ? এয়া ৫০০০ টকানে? বাতৰি অতিৰঞ্জিত নে মুখ্যমন্ত্ৰীৰ ভাষ্য বিভ্ৰান্তিকৰ?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বাহ্যিক আড়ম্বৰবিহীন উপাসনাৰে এখন ব্যতিক্ৰমী দুৰ্গাপূজাস্থলী; ২৮২ বছৰীয়া ঐতিহ্যৰে নিৰৱে চলি আহিছে উপাসনা

দুৰ্গোৎসৱক লৈ ৰাজ্যৰ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ। আটকধুনীয়া পূজামণ্ডপ,...

মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত; হাফলং উপ-কাৰাগাৰৰ পৰা পুৱা ৬:৩০ বজাত মুক্তি

অৱশেষত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাল অমৃতপ্ৰভা মহন্ত।...