মহিলা সবলীকৰণৰ জৰিয়তে অৰুণোদয়ে অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিছেঃ অশোক সিংহল

‘অৰুণোদয় ২.০’ৰ অধীনত বঙাইগাঁৱত অৰুণোদয় কাৰ্ড বিতৰণৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ

মহিলা সবলীকৰণৰ জৰিয়তে অৰুণোদয়ে অসমীয়া জাতিৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰিছেঃ সিংহল

অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি বঙাইগাঁৱত আনুষ্ঠানিকভাৱে ‘অৰুণোদয় ২.০’ৰ অধীনত অৰুণোদয় কাৰ্ড বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। নৰ্থ বঙাইগাঁও ষ্টেডিয়ামত আজি অনুষ্ঠিত বিশেষ অনুষ্ঠানত হিতাধিকাৰীৰ মাজত অৰুণোদয় কাৰ্ড বিতৰণ কৰি দিয়া ভাষণত মন্ত্ৰী সিংহলে কয় যে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে দুখীয়া আৰু অসহায় মহিলাসকলৰ কথা চিন্তা কৰি অৰুণোদয় আঁচনিৰ অধীনত দিয়া পূৰ্বৰ ৮৩০ টকাৰ সাহায্য ১২৫০ টকালৈ বৃদ্ধি কৰিছে।অৰুণোদয় ২.০ আঁচনিৰ অধীনত জিলাখনৰ ১৭,৪১০ (সোতৰ হেজাৰ চাৰি শ দহ)গৰাকী হিতাধিকাৰী উপকৃত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে আজি ৰাজ্যজুৰি জিলা আয়ুক্ত আৰু বিধায়কৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ দ্বাৰা আনুষ্ঠানিকভাৱে অৰুণোদয় হিতাধিকাৰীক কাৰ্ড বিতৰণ শুভাৰম্ভ কৰা হৈছে।

তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এক দূৰদৰ্শী পদক্ষেপ অৰুণোদয় আঁচনিখনে অসমৰ মহিলাসকলৰ মাহেকীয়া পুষ্টি আৰু চিকিৎসাৰ প্ৰয়োজনীয়তা পূৰণ কৰি তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰিছে। সৱল মহিলাসকলে এটি শক্তিশালী পৰিয়াল গঢ়ি তোলে আৰু শক্তিশালী পৰিয়ালসমূহে একেলগে এটা শক্তিশালী জাতিৰ বুনিয়াদ ৰচনা কৰে বুলি তেওঁ মন্তব্য কৰে।

আজি মুখ্যমন্ত্ৰীকে ধৰি আন আন মন্ত্ৰীসকলে ৰাইজৰ মাজলৈ সঘনাই আহি ৰাইজৰ খবৰ লৈছে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বিগত বিধানসভা নিৰ্বাচনত ৰাইজে ভোটদানৰ জৰিয়ত বৰ্তমানৰ চৰকাৰখনক বাছনি কৰি ৰাইজৰ সেৱা আগবঢ়োৱাৰ সুবিধা দিছে। গতিকে চৰকাৰে ৰাইজক বিভিন্ন আঁচনিৰ জৰিয়তে সেৱা আগবঢ়াইছে।মন্ত্ৰী সিংহলে আৰু কয় যে যোৱা ব’হাগ বিহুৰ সময়ত আমাৰ জাতীয় উৎসৱ বিহুত ১১০০০ (এঘাৰ হেজাৰ)ৰো অধিক বিহুৱা-বিহুৱতীৰ নৃত্য প্ৰদৰ্শনেৰে বিশ্ব অভিলেখ সৃষ্টি কৰিছে। সেইদৰে কেবাটাও পৰ্যায়ত খেল মহাৰণ অনুষ্ঠিত কৰি গাৱেঁ-ভূঞে লুকাই থকা সম্ভাৱনাময় খেলুৱৈসকলক বিচাৰি উলিয়াই বিশ্বৰ সন্মুখত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে সাংস্কৃতিক মহাসংগ্ৰামৰ জৰিয়তে আমাৰ সমাজত লুকাই থকা শিল্পীসকলক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰী সিংহলে ভাষণ প্ৰসংগত উল্লেখ কৰে যে চৰকাৰে শিক্ষাৰ্থীসকলক চাইকেল প্ৰদান কৰিবলৈ লৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে স্কুললৈ যোৱাত সুবিধা হয়।মহিলাসকলৰ ক্ষুদ্ৰ ঋণ সকাহ দিয়াৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে।

বৰ্তমানৰ চৰকাৰখনে বঙাইগাঁও জিলাৰ উন্নয়নৰ বাবে গ্ৰহণ কৰি থকা কাম-কাজৰ বিষয়েও নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

আজিৰ অনুষ্ঠানত বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়েও বক্তব্য ৰাখে। অনুষ্ঠানত জিলা আয়ুক্ত নৱদ্বীপ পাঠকে আদৰণী ভাষণ প্ৰদান কৰে।

আজিৰ অৰুণোদয় ২.০ কাৰ্ড প্ৰদান অনুষ্ঠানত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন আৰু মুখ্য কাৰ্যবাহী গোকুল বৰ্মন, বঙাইগাঁও পৌৰসভাৰ পৌৰপতি সুবোধ চন্দ্ৰ দাস, সমাজ কৰ্মী উজ্জ্বলকান্তি ৰায় আৰু হিমানী অধিকাৰী,জিলা প্ৰশাসনৰ বিষয়াসকল, অন্যান্য গণ্য-মান্য ব্যক্তিসকল আৰু সাত হেজাৰৰো অধিক অৰুণোদয় ২.০ হিতাধিকাৰী উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰামৰ চৰিত্ৰত ছলমান, সীতাৰ চৰিত্ৰত সোণালী বেন্দ্ৰে! ৰণবীৰৰ ‘ৰামায়ণ’ৰ মুক্তিৰ পূৰ্বে নতুন চৰ্চা

ৰামৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ কাপুৰে। ইতিমধ্যে ছবিখনৰ প্ৰমোচনৰ...

ওঁঠ ফুলিছে, বিষত চকুপানী ওলাইছে! উৰ্ফীৰ কি হৈছে?

অভিনৱ কায়দাৰ পোছাক পৰিধান কৰি সকলোকে চমক দিয়ে উৰ্ফী...

আফ্ৰিকাতো সফল হৈছে ট্ৰাম্পৰ মধ্যস্থতা! কাটাৰত যুদ্ধবিৰতি চুক্তিত উপনীত ডি আৰ কংগো চৰকাৰ-বিদ্ৰোহীৰ

শনিবাৰে কাটাৰৰ ৰাজধানী দোহাত আমেৰিকাৰ মধ্যস্থতাত মধ্য আফ্ৰিকাৰ দেশ...

ভাৰত সীমান্তৰ সমীপত ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে চীনে

ভাৰত সীমান্তৰ সমীপৰ তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিশ্বৰ সবাতোকৈ...