বৃহস্পতিবাৰেও অৱৰুদ্ধ গাজাত ইজৰাইলৰ গোলাবর্ষণ অব্যাহত

বৃহস্পতিবাৰেও অৱৰুদ্ধ গাজাত ইজৰাইলৰ গোলাবর্ষণ অব্যাহত

খান ইউনিছ চহৰত বিমান আক্রমণত ৯টি শিশুসহ ৪০ জনৰ মৃত্যু

ৰাষ্ট্ৰসংঘৰ ১২ গৰাকী কৰ্মীৰ এই সংঘাতত এতিয়ালৈকে মৃত্যু

তেওঁলোক UN Agency for Palestine Refugees সংগঠনৰ সদস্য

সকলো বন্দী ইজৰাইলীক মুক্তি নিদিলে গাজালৈ যাব দিয়া নহ’ব কোনো সাহায্য, ইন্ধন

ৰাষ্ট্ৰসংঘৰ লগতে ৰেডক্ৰছৰ আহ্বানৰ পিছত এই ঘোষণা ইজৰাইলৰ শক্তি মন্ত্ৰীৰ। ইজৰাইলী সেনাৰ দ্বাৰা অৱৰুদ্ধ গাজাত এতিয়া মৃত্যুৰ ক্ষণ গণিছে অগনন লোকে। গাজাৰ বিভিন্ন প্ৰান্তত মৃতদেহৰ দম বান্ধিছে। খোৱা পানী, খাদ্য আৰু ইন্ধনৰ অভাৱত গাজাৰ পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। গাজালৈ মানৱতাবাদী সাহায্য, ইন্ধন প্ৰেৰণত বাধা নিদিবলৈ ৰাষ্ট্ৰসংঘই আহ্বান জনাইছে যদিও সেই আহ্বানৰ প্ৰতি কর্ণগোচৰ কৰা নাই ইজৰাইলে। বৰঞ্চ হামাছ বিদ্ৰোহীয়ে বন্দী কৰি ৰখা শতাধিক ইহুদী আৰু অন্যান্য বিদেশী নাগৰিকক শীঘ্ৰেই মুক্তি নিদিলে গাজালৈ কোনোধৰণৰ সাহায্য প্ৰেৰণ কৰিবলৈ দিয়া নহ’ব বুলি দোহাৰিছে ইজৰাইলৰ শক্তি মন্ত্ৰীয়ে।

গাজাত ইজৰাইলী আক্ৰমণত সাধাৰণ নাগৰিকৰ মৃত্যুৰ সংখ্যা ১,৩৫৪ লৈ বৃদ্ধি

এতিয়ালৈকে আহত হৈছে ৬,০৪৯গৰাকী সাধাৰণ লোক

হামাছৰ আক্ৰমণত নিহত হৈছে প্ৰায় ১,৩০০ ইজৰাইলী লোক

সংঘাতত নিহত হৈছে উভয় পক্ষৰ সেনাৰ বহু লোক

শীঘ্ৰে গাজালৈ মানৱতাবাদী সাহায্য প্ৰদানৰ বাবে হামাছৰ বিষয়াই ইজিপ্ত, কাটাৰ আৰু ৰাষ্ট্ৰসংঘৰ লগত যোগাযোগ কৰিছে। হামাছ পলিটিকেল ব্যুৰৰ সদস্য গাজি হামাদে জনোৱা মতে গাজালৈ এক Humanitarian Corridor সৃষ্টি কৰাৰ বাবে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক আহ্বান জনাইছে।

এই সংঘাতত গাজাৰ ৩,৪০,০০০ লোক গৃহহাৰা অধিকাংশই আশ্ৰয় লৈছে ৰাষ্ট্ৰসংঘ পৰিচালিত আশ্রয় শিবিৰত VO- ইফালে শীঘ্ৰে গাজা অধিকাৰ কৰিবলৈ সম্পূর্ণ সাজু হৈ উঠিছে ইজৰাইলী সেনা। ইয়াৰ বাবে ইজৰাইলে প্রস্তুত কৰি তুলিছে প্রায় ৩ লাখ ৰিজাৰ্ভত থকা সেনা। সেনাই এতিয়া অপেক্ষা কৰিছে দেশৰ ৰাজনৈতিক নেতৃত্বৰ নিৰ্দেশলৈ। অনাগত দিনত গাজা সংঘাতত আৰু অধিক লোকৰ মৃত্যু যে হ’ব সেয়া অবধাৰিত হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...