পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰাজপথ নিৰ্মাণ হৈ আছে ভাৰতত। ইয়াৰ গতিবেগ, প্ৰকল্প ব্যয় আৰু সুবিধাসমূহ জানিলে চকু কপালত উঠিব আপোনাৰ।

0 188

আন এক অভিলেখ গঢ়াৰ দিশে ভাৰত। দিল্লী আৰু মুম্বাইৰ মাজত নিৰ্মাণ হৈ আছে বিশ্বৰ সৰ্ববৃহৎ ৰাজপথ। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু অৰ্থনৈতিক ৰাজধানী মুম্বাইক সংযোগ কৰা দিল্লী-মুম্বাই এক্সপ্ৰেছৱে সম্পূৰ্ণ হ’লে বিশ্বৰ সৰ্ববৃহৎ এক্সপ্ৰেছৱেত পৰিগণিত হ’ব। সমগ্ৰ প্ৰকল্পটোৰ বাবে আনুমানিক ব্যয় ধাৰ্য কৰা হৈছে ৯৮ হাজাৰ কোটি টকা। ইয়াক ‘ভাৰতমালা প্ৰকল্প’ৰ প্ৰথম পৰ্যায়ৰ অধীনত নিৰ্মাণ কৰা হৈছে। এই ৰাজপথটোৱে দিল্লী আৰু মুম্বাইৰ মাজত ভ্ৰমণৰ সময় বৰ্তমানৰ ২৪ ঘণ্টাৰ পৰা আধালৈ হ্ৰাস কৰিব অৰ্থাৎ। আঠ লেনযুক্ত এক্সপ্ৰেছৱেৰ দৈৰ্ঘ্য হ’ব ১,৩৮০ কিলোমিটাৰ। এই এক্সপ্ৰেছৱেই জৱাহৰলাল নেহৰু পোৰ্ট ট্ৰাষ্টক সংযোগ কৰিব যদিও চৰকাৰে ইয়াক নৰিমন পইণ্টলৈকে সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। সমগ্ৰ পথটোৱে গুজৰাটৰ ৪২৬ কিঃমিঃ, ৰাজস্থানৰ ৩৭৩ কিঃমিঃ, মধ্য প্ৰদেশৰ ২৪৪ কিঃমিঃ, মহাৰাষ্ট্ৰৰ ১৭১ কিঃমিঃ, হাৰিয়ানাৰ ১২৯ কিঃমিঃ আৰু দিল্লী ৯ কিঃমিঃ ৰাজপথ সাঙুৰি ল’ব। ই দেশৰ ৰাজধানী দিল্লী আৰু অৰ্থনৈতিক ৰাজধানী মুম্বাইৰ মাজত ভ্ৰমণৰ সময় আধাতকৈও কম কৰিব।

বৰ্তমান, দিল্লী আৰু মুম্বাইৰ মাজত ট্ৰাকেৰে ৪৮ ঘণ্টা আৰু সাধাৰণ গাড়ীৰে ২৪ৰ পৰা ২৬ ঘণ্টা সময় লাগে। এক্সপ্ৰেছৱে নিৰ্মাণ কৰাৰ পিছত এই পথটোত গাড়ীৰে ১২-১৩ ঘণ্টা লাগিব আৰু ট্ৰাকত ১৮ৰ পৰা ২০ ঘণ্টা লাগিব। এক্সপ্ৰেছৱেত ৯৩টা স্থানত ৱেচাইডৰ সুবিধা থাকিব। ইয়াত হোটেল, ATM, খাদ্য বিপণী, খুচুৰা দোকান, পেট্ৰল পাম্প আৰু বৈদ্যুতিক বাহনৰ বাবে চাৰ্জিং ষ্টেচনো থাকিব। প্ৰতি ১০০ কিলোমিটাৰত হেলিপেড আৰু অত্যাধুনিক ট্ৰমা চেণ্টাৰ থকা এইটো দেশৰ প্ৰথম এক্সপ্ৰেছৱে হ’ব। ২০২৩ চনত পৃথিৱীৰ আটাইতকৈ ডাঙৰ এক্সপ্ৰেছৱেটো মুকলি কৰাৰ লক্ষ্য লৈছে চৰকাৰে।


পৰিৱেশ সংৰক্ষণৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। সমগ্ৰ এক্সপ্ৰেছৱেত প্ৰায় ২০ লাখ গছৰ সৈতে সেউজীয়া আৱৰণ থাকিব। সমগ্ৰ এক্সপ্ৰেছৱেটোত প্ৰতি ৫০০ মিটাৰ অন্তৰে অন্তৰে বৰষুণৰ পানী সংগ্ৰহ প্ৰণালীৰো সুবিধা থাকিব। এই ৰাজপথটোৱে দেশৰ আন বহুতো এক্সপ্ৰেছৱেৰ সৈতে সংযোগ স্থাপন কৰিব। এই এক্সপ্ৰেছৱেত নৰ্মদা নদীৰ ওপৰত এটা ৮লেনযুক্ত দলং নিৰ্মাণ কৰা হ’ব যিখন দেশৰ এনে ধৰণৰ প্ৰথম দলং হ’ব। বন্য জন্তুৰ বাবে বন্যপ্ৰাণী কৰিডৰো নিৰ্মাণ হ’ব, এনে কৰিডৰ থকা এইটো হ’ব দেশৰ প্ৰথম এক্সপ্ৰেছৱে। NHAI-এ দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ নিৰ্মাণ আৰু পৰিচালনাৰ বাবে এক SPVৰ সৃষ্টি কৰিছে।এই প্ৰকল্পটো যোৱা বছৰ আগষ্টত DME ডেভেলপমেণ্ট লিমিটেডৰ নামত পঞ্জীয়ন কৰা হৈছিল।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ দাবী দিল্লী-মুম্বাই এক্সপ্ৰেছৱে আৰম্ভ হোৱাৰ পিছত চৰকাৰে প্ৰতি মাহে টোল হিচাপে ১,০০০ ৰ পৰা ১,৫০০ কোটি টকা আহৰণ কৰিব। অৰ্থাৎ এই এক্সপ্ৰেছৱেই প্ৰতি বছৰে চৰকাৰৰ ৰাজকোষলৈ প্ৰায় ১২,০০০ কোটি টকাৰ অৰিহণা আগবঢ়াব। গাডকাৰীয়ে কিছুদিন পূৰ্বে দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ইয়াৰ কাম-কাজৰ পৰ্যালোচনা কৰিছিল। যদিহে বছৰি ১২ হাজাৰ কোটি টকাৰ ৰাজহ উপাৰ্জন হয়, তেন্তে ইয়াৰ নিৰ্মাণ ব্যয় প্ৰায় ৮ বছৰৰ ভিতৰত পুনৰুদ্ধাৰ হ’ব। প্ৰায় ৮ বছৰৰ ভিতৰত খৰচ হোৱা ধনৰাশি ঘূৰাই অনাৰ লক্ষ্য লৈছে চৰকাৰে। ই ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণকো ইয়াৰ ঋণৰ বোজা হ্ৰাস কৰাত যথেষ্ট পৰিমাণে সহায় কৰিব।

Leave A Reply

Your email address will not be published.