মৰ্মান্তিক! যাত্ৰীবাহী বাছত জুই লাগি মৃত্যু ৯জনকৈ যাত্ৰীৰ

দেশত পুনৰ সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। হাৰিয়ানাত এখন যাত্ৰীবাহী বাছত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ৯জনকৈ যাত্ৰীয়ে কৰুণ মৃত্যুক সাৱটি লয়। নিহতসকলৰ ভিতৰত ছগৰাকী মহিলা আৰু ৩জন পুৰুষ। আনফালে এই ঘটনাত গুৰুতৰভাৱে আহত হয় ২৪জনকৈ যাত্ৰী। শুকুৰবাৰে নিশা হাৰিয়ানাৰ নুহত সংঘটিত হয় এই ঘটনা। পুৱতি নিশা ডেৰ বজাত সংঘটিত হয় এই শোকাৱহ ঘটনাতো। ধৰ্মীয় পৰ্যটনস্থলী দৰ্শনৰ বাবে বাছখনত গৈছিল লোকসকল। পাঞ্জাৱৰ হুচিয়াৰপুৰ অঞ্চলৰ বাসিন্দা আছিল যাত্ৰীসকল। তীৰ্থস্থান দৰ্শন কৰি ৭-৮ দিনৰ অন্তত ঘৰলৈ উভতিছিল লোকসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিমৌত গাড়ীৰ ভিতৰতে উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিমৌৰ জামুকতলত এজন যুৱকৰ মৃতদেহ তেওঁৰ গাড়ীৰ ভিতৰতে উদ্ধাৰ...

বিধানসভাত নাৰী সমাজৰ বাবে দুটাকৈ ঐতিহাসিক সিদ্ধান্ত

মুন গোস্বামী আজি অন্ত পৰিল ষষ্ঠদশ অসম বিধানসভাৰ ৫ দিনীয়া...

উত্তৰ-পূৰ্বাঞ্চলত আত্মপ্ৰকাশ কাৰ্তিকেয় বাজপেয়ীৰ বহুল চৰ্চিত উপন্যাস ‘দ্য আনবিকামিং’

উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰকাশ পালে বিশিষ্ট লেখক, অধিবক্তা...

গুৱাহাটীৰ ৰাজপথত এটা সম্ভাৱনাৰ অপমৃত্যু

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পুনৰ অপমৃত্যু ঘটিল এটা সম্ভাৱনাৰ। বিধানসভাৰ...