ভাতকেৰেলাৰ উপকাৰিতাসমূহৰ বিষয়ে জানেনে?

ভাতকেৰেলা এক চিনাকী নাম। আমাৰ খাদ্যাভ্যাসৰ সৈতে ভাতকেৰেলাৰ ব্যৱহাৰ পৰিচিত। সমগ্ৰ শৰীৰত ক্ষুদ্ৰ ক্ষুদ্ৰ কাঁইটসদৃশ গঠন থকা প্ৰায় গোলাকাৰ আকৃতিৰ এই পাচলিবিধ বহুতৰ বাবে প্ৰিয় ব্যঞ্জন। পিটিকা, ভাজি বা তৰকাৰী হিচাপেও খাব পাৰি ভাতকেৰেলা। বইল কৰিও বহুতে খায়। ভাতকেৰেলাৰ বিভিন্ন গুণৰ বাবে ই মানুহৰ মাজত অতি জনপ্ৰিয়। অসমৰ বজাৰত সহজে উপলব্ধ ভাতকেৰেলা। তাৰোপৰি গাঁওসমূহত ঘৰে ঘৰে ভাতকেৰেলাৰ খেতি কৰা হয় অথবা খোৱাৰ জোখাৰে উপলব্ধ হয়। স্বাস্থ্য গুণাগুণৰ বাবেও ইয়াক বিশেষ শাৰীত ৰখা হয়।
মধুমেহ বৰ্তমান সময়ত বেছিসংখ্যক মানুহৰ বাবে এক অন্যতম ৰোগ। বৰ্তমান সময়ত অধইক সংখ্যক লোকে কম বেছি পৰিমাণে ডাইবেটিছ ৰোগত আক্ৰান্ত হোৱো দেখা যায়।
আলুৰ দৰে পাচলিত থকা অত্যাধিক পৰিমাণৰ কাৰ্বহাইড্ৰেটে ৰোগীৰ তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰে। যাৰ বাবে ভাতকেৰেলা ডাইবেটিছ ৰোগীসকলৰ বাবে এক উৎকৃষ্ট পাচলি হিচাপে বিবেচিত হৈছে।
ভাতকেৰেলা কম কেলৰি আৰু বেছি ফাইবাৰ যুক্ত এবিধ খাদ্য যিয়ে ইনুছুলিন নিঃসৰণত সহায় কৰে আৰু কিছু পৰিমাণে ডাইবেটিছ নিয়ন্ত্ৰণ কৰিবলৈ সহায়ক।
ঋতু পৰিৱৰ্তনৰ সৈতে হোৱা চৰ্দি আৰু পানীলগা জ্বৰ ৰোধ কৰাতো ভাতকেৰেলাই সহায় কৰে। পানীলগা জ্বৰ হৈ ভোক নোহোৱা হ’লে ভাতকেৰেলা ভাতত দি তেল আৰু নিমখেৰে পিটিকি খালেও শৰীৰলৈ শক্তি আহে।
কেৱল ভাতকেৰেলাই নহয়, অসমৰ কৃষিভূমি আৰু চৌহদত হোৱা প্ৰতিবিধ পাচলিৰে আছে বিবিধ ঔষধি গুণ। এই পুষ্টিগুণসমৃদ্ধ খাদ্য খাই নিৰোগী আৰু বলৱান হৈ থাকিব পাৰি।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

হৰিয়ানাৰ টেনিছ খেলুৱৈ ৰাধিকাক কিয় হত্যা কৰিলে পিতৃয়ে?

কন্যাৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰাৰ কটাক্ষই দীপক যাদৱৰ আত্মসন্মানত...

ৰিজাৰ্ভ বেংকে ক’লে ‘অবৈধ নহয়’; ২০০০ টকীয়া নোট এতিয়াও আছে নেকি? তেন্তে কি কৰিব?

২০২৩ চনত ২০০০ টকীয়া নোট বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা...

এইবাৰ ভাৰতীয় ৰে’লৱেৰ বাবে কাম কৰিব TATAই, চুক্তি স্বাক্ষৰিত

টাটা অটো-কম্প চিষ্টেমছ আৰু ইউৰোপৰ স্কোডা গ্ৰুপে এখন নতুন...

বছৰি ১৫ হাজাৰ টকা দিব EPFOই; কৰ্মচাৰীক সকাহ দিয়াৰ বাবে চৰকাৰে আৰম্ভ কৰিলে নতুন আঁচনি!

চাকৰিজীৱীসকলৰ বাবে অলপ সকাহৰ খবৰ। তেওঁলোকৰ বাবে এইবাৰ এখন...