ভাতকেৰেলাৰ উপকাৰিতাসমূহৰ বিষয়ে জানেনে?

ভাতকেৰেলা এক চিনাকী নাম। আমাৰ খাদ্যাভ্যাসৰ সৈতে ভাতকেৰেলাৰ ব্যৱহাৰ পৰিচিত। সমগ্ৰ শৰীৰত ক্ষুদ্ৰ ক্ষুদ্ৰ কাঁইটসদৃশ গঠন থকা প্ৰায় গোলাকাৰ আকৃতিৰ এই পাচলিবিধ বহুতৰ বাবে প্ৰিয় ব্যঞ্জন। পিটিকা, ভাজি বা তৰকাৰী হিচাপেও খাব পাৰি ভাতকেৰেলা। বইল কৰিও বহুতে খায়। ভাতকেৰেলাৰ বিভিন্ন গুণৰ বাবে ই মানুহৰ মাজত অতি জনপ্ৰিয়। অসমৰ বজাৰত সহজে উপলব্ধ ভাতকেৰেলা। তাৰোপৰি গাঁওসমূহত ঘৰে ঘৰে ভাতকেৰেলাৰ খেতি কৰা হয় অথবা খোৱাৰ জোখাৰে উপলব্ধ হয়। স্বাস্থ্য গুণাগুণৰ বাবেও ইয়াক বিশেষ শাৰীত ৰখা হয়।
মধুমেহ বৰ্তমান সময়ত বেছিসংখ্যক মানুহৰ বাবে এক অন্যতম ৰোগ। বৰ্তমান সময়ত অধইক সংখ্যক লোকে কম বেছি পৰিমাণে ডাইবেটিছ ৰোগত আক্ৰান্ত হোৱো দেখা যায়।
আলুৰ দৰে পাচলিত থকা অত্যাধিক পৰিমাণৰ কাৰ্বহাইড্ৰেটে ৰোগীৰ তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰে। যাৰ বাবে ভাতকেৰেলা ডাইবেটিছ ৰোগীসকলৰ বাবে এক উৎকৃষ্ট পাচলি হিচাপে বিবেচিত হৈছে।
ভাতকেৰেলা কম কেলৰি আৰু বেছি ফাইবাৰ যুক্ত এবিধ খাদ্য যিয়ে ইনুছুলিন নিঃসৰণত সহায় কৰে আৰু কিছু পৰিমাণে ডাইবেটিছ নিয়ন্ত্ৰণ কৰিবলৈ সহায়ক।
ঋতু পৰিৱৰ্তনৰ সৈতে হোৱা চৰ্দি আৰু পানীলগা জ্বৰ ৰোধ কৰাতো ভাতকেৰেলাই সহায় কৰে। পানীলগা জ্বৰ হৈ ভোক নোহোৱা হ’লে ভাতকেৰেলা ভাতত দি তেল আৰু নিমখেৰে পিটিকি খালেও শৰীৰলৈ শক্তি আহে।
কেৱল ভাতকেৰেলাই নহয়, অসমৰ কৃষিভূমি আৰু চৌহদত হোৱা প্ৰতিবিধ পাচলিৰে আছে বিবিধ ঔষধি গুণ। এই পুষ্টিগুণসমৃদ্ধ খাদ্য খাই নিৰোগী আৰু বলৱান হৈ থাকিব পাৰি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...