মাজুলীত উপস্থিত কংগ্ৰেছ নেতা গৌৰৱ গগৈ

আজি মাজুলীত উপস্থিত কংগ্ৰেছ নেতা গৌৰৱ গগৈ। নিমাতী ঘাটৰ পৰা ফেৰীৰে অফলামুখ ঘাট হৈ মাজুলীত উপস্থিত কংগ্ৰেছৰ যুৱ নেতাগৰাকী। দলীয় কৰ্মী সমৰ্থকসহ শ্ৰীশ্ৰী গড়মূৰ সত্ৰত সেৱা লৈ সত্ৰৰ বৈষ্ণৱৰে মত বিনিময় কৰিলে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে। সত্ৰৰ বাট চ’ৰাত ৰৈ গৌৰৱে ক’লে নিৰ্বাচনী আশাৰ কথা।

শ্ৰীশ্ৰীগড়মূৰ সত্ৰ। ১৬৫৬ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত মাজুলীৰ অন্যতম পুৰণি এই সত্ৰত আজি উপস্থিত কংগ্ৰেছ নেতা গৌৰৱ গগৈ। জাতীয় সাজপাৰেৰে সুশোভিত হৈ সত্ৰৰ প্ৰাংগণত উপস্থিত হ’ল যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী।

নিৰ্বাচনৰ পাছত এয়া গৌৰৱৰ প্ৰথম মাজুলী ভ্ৰমণ।
নিমাতী ঘাটৰ পৰা ফেৰীৰে অফলামুখত নামিল গৌৰৱ।
অফলামুখ ঘাটৰ পৰা পোনে পোনে শ্ৰীশ্ৰীগড়মূৰ সত্ৰত গৌৰৱ গগৈ।

দলীয় কৰ্মী, সমৰ্থক সহ এইদৰেই দেখা গ’ল গৌৰৱ গগৈক। সত্ৰত উপস্থিত হৈ সত্ৰৰ নামঘৰৰ মনিকূটত সেৱা আগবঢ়ালে তৰুণ তনয়ে। তাতে সত্ৰৰ ভকতে গগৈক দিলে আশীষ নিৰ্মালি। তাৰপৰা সত্ৰৰ চৌহদ পৰিদৰ্শন কৰি সত্ৰৰ সত্ৰাধিকাৰৰ চ’ৰাত সেৱা ল’লে গৌৰৱ গগৈয়ে। উপস্থিত বৈষ্ণৱ আৰু সত্ৰাধিকাৰৰ সৈতে মত বিনিময় কৰিলে কংগ্ৰেছৰ যুৱ নেতাই। গড়মূৰৰ ঐতিহ্যৰ বিষয়ে ভকতে কোৱা প্ৰতিটো কথা উৎসুকতাৰে শুনিলে গৌৰৱ গগৈয়ে।

বাক্যবিনিময়ৰ মাজতে সত্ৰাধিকাৰে চেলেং চাদৰ পৰিধান কৰালে কংগ্ৰেছ নেতাগৰাকীক। যোৰহাটৰ নিৰ্বাচন সম্পৰ্কে গৌৰৱ গগৈয়ে উল্লেখ কৰিলে ৰাইজৰ মৰমৰ কথা।

অসমত অন্ত পৰা লোকসভা নিৰ্বাচন অনাগত বিধানসভা নিৰ্বাচনৰ বাবে এক ছবি হোৱাৰ আশা প্ৰকাশ কৰিলে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ আশা ৪ জুনত ফলপ্ৰসূ হয়নে নহয় সেয়া সময়ত লক্ষণীয় হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...