অসমলৈ সম্প্ৰসাৰণ হ’ল ৰয়েল ৰাজস্থান ফাউণ্ডেচনৰ পিংক প্ৰ’মিছ পদক্ষেপ

গুৱাহাটী, ১৭ মে’ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই এছ এল]ৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে খেলৰ লগতে সমান্তৰালকৈ সামাজিক বিকাশৰ দিশতো সক্ৰিয় ভূমিকা পালন কৰি আহিছে৷ ৰয়েল ৰাজস্থান ফাউণ্ডেচনৰ জনমুখী কাৰ্যসূচী ‘ঔৰত হায় তো ভাৰত হায়’ৰ জড়িয়তে পানী সংৰক্ষন, সৌৰশক্তিৰ উন্নীতকৰণ আৰু মানসিক স্বাস্থ্যৰ সুবিধা প্ৰদানৰ দিশত ইতিবাচক পৰিৱৰ্তনৰ নেতৃত্ব দিয়াৰ লগতে সমাজৰ বাধাসমূহ ভংগ কৰি মহিলাসকলক ক্ষমতাশালী কৰাৰ বিষয়ত অনুপ্ৰাণিত কৰিছে৷ ফাউণ্ডেচনে এতিয়ালৈকে প্ৰত্যক্ষ কৰ্মসূচী আৰু সজাগতাৰ জৰিয়তে ডেৰ কোটিতকৈ অধিক মহিলাৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে৷

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা ৰাজস্থান ৰয়েলছে যোৱা ছিজনৰ পৰা গুৱাহাটীত দুখনকৈ মেচ খেলাৰ লগতে মহিলা সবলীকৰণৰ জনপ্ৰিয় কাৰ্যসূচী পিংক প্ৰ’মিছ পদক্ষেপৰ আৰম্ভণিও কৰিছে৷ যোৱা বুধবাৰে গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত পঞ্জাব কিংছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ খেলখনত ইয়াৰ এক প্ৰতিফলনো ক্ৰিকেটপ্ৰেমীয়ে প্ৰত্যক্ষ কৰে৷ উল্লেখ্য যে চলিত ১৭ সংখ্যক আই পি এলৰ গুৱাহাটীত হোৱা প্ৰথম মেচখনত বিশেষ অতিথিৰূপে উপস্থিত আছিল তেজপুৰৰ বডো বালিগাঁও, গাৰো আৰু মিছিং গাঁৱৰ ২০ গৰাকী মহিলা৷ ৰয়েল ৰাজস্থান ফাউণ্ডেচনে অসমৰ গ্ৰাম্যঞ্চলৰ ২০ গৰাকী মহিলা উদ্যোগীক আমন্ত্ৰণ কৰি তেওঁলোকৰ পিংক প্ৰ’মিছ পদক্ষেপ প্ৰথমবাৰৰ বাবে উত্তৰ-পূবলৈ সম্প্ৰসাৰণ কৰিলে৷

উল্লেখ্য যে শোণিতপুৰ জিলাৰ বালিপাৰাৰ বডো বালিগাঁও, গাৰো আৰু মিছিং গাঁৱৰ পৰা আই পি এল মেচ উপভোগ কৰিবলৈ অহা এই ২০ গৰাকী মহিলা উদ্যোগীয়ে হোমষ্টে পৰিচালনা, বাগিচা আৰু কৃষি বন সমিতিৰ তদাৰক কৰাকে ধৰি পৰিৱেশ পৰ্যটনৰ পদক্ষেপত আগভাগ লৈ আহিছে৷ ইফালে, সৌৰশক্তিৰ কাৰ্যসূচীত কাম কৰি থকা আৰু ৰয়েল ৰাজস্থান ফাউণ্ডেশ্যনৰ সহায়ত কাম কৰা মহিলা হিতাধিকাৰীসকলো এই মেচতে বিশেষ দৰ্শকৰূপে উপস্থিত আছিল৷

স্মৰ্তব্য যে পিংক প্ৰ’মিছ পদক্ষেপক দেশৰ বৃহৎ জনসংখ্যালৈ সম্প্ৰসাৰিত কৰাৰ লক্ষ্য লৈ ৰয়েল ৰাজস্থান ফাউণ্ডেচনে অসমৰ মহিলাসকলক সহায় কৰাৰ কাম হাতত লৈছে৷ চলিত ছিজনতে ৰাজস্থান ৰয়েলছে যোৱা ছয় এপ্ৰিলত ৰয়েল চেলেঞ্জাৰ্ছৰ বিৰুদ্ধে জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত তেওঁলোকৰ বহু প্ৰত্যাশিত পিংক প্ৰ’মিছ’মেচখন খেলিছিল৷ উক্ত মেচখনত দৰ্শকে ক্ৰয় কৰা প্ৰতিটো টিকটৰ এশ টকাকৈ দান দিয়া হয় মহিলা নেতৃত্বাধীন গ্ৰাম্য ৰূপান্তৰৰ বাবে কাম কৰা গোটসমুহক৷ আনহাতে, প্ৰতিটো অল পিংক ৰয়েলছৰ জাৰ্চি বিক্ৰীৰ পৰা পোৱা সকলো ধনো দলে ৰয়েল ৰাজস্থান ফাউণ্ডেচনক দিছিল৷

উল্লেখ্য যে গুৱাহাটীক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন খেল বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত খেলিবলৈ আহিছে৷ ইতিমধ্যে এ চি এ ষ্টেডিয়ামত ৰয়েলছে পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ পাছত অহা ১৯ মে’ত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...