হাৰ্ভাৰডৰ চেণ্টাৰ অফ এষ্ট্ৰ’ফিজিক্স আৰু ইভেণ্ট হৰাইজন টেলিস্কোপৰ বিজ্ঞানীসকলে অর্জন কৰিছে মহাকাশৰ আন এক সফলতা

হাৰ্ভাৰ্ডৰ চেণ্টাৰ অৱ এষ্ট্ৰ’ফিজিক্স আৰু ইভেণ্ট হৰাইজ’ন টেলিস্ক’প নামৰ বিশ্বজোৰা দূৰবীণৰ বিশাল নেটৱৰ্কৰ সৈতে জড়িত বিজ্ঞানীসকলে অৰ্জন কৰিছে পুনৰ এক বিস্ময়কৰ আৰু বিৰল প্ৰাপ্তি। হাতীপটীৰ কেন্দ্ৰত থকা ছেজিটেৰাছ এ নামৰ কৃষ্ণ গহ্বৰৰ এক বিৰল ছবি তেওঁলোকে পৃথিৱীবাসীৰ সন্মুখত দাঙি ধৰিছে। দুয়োখন ছবিৰেই কেন্দ্ৰৰ অংশ থকা এন্ধাৰখিনি প্ৰকৃততে কৃষ্ণ গহ্বৰটোৰ ছাঁ আৰু চৌপাশে থকা উজ্জ্বল হালধীয়া বলয়বোৰ উত্তপ্ত গেছ আৰু প্লাজমাৰ গঠন। ২০১৯ চনত তেওঁলোকে M-87 নামৰ তাৰকা ৰাজ্যৰ কেন্দ্ৰত থকা মহাদৈত্যকায় কৃষ্ণ গহ্বৰৰ ফটো বিশ্ববাসীক প্ৰত্যক্ষ কৰাইছিল। M-87ৰ ভৰ প্ৰায় ৬ বিলিয়ন সূৰ্যৰ ভৰৰ সমান। এই অকল্পনীয় বিশালতাৰ বাবে ঘূৰ্ণিয়মান গেছবোৰ কেন্দ্ৰৰ চাৰিওফালে এপাক ঘূৰিবলৈ কেইবাদিন বা কেইবামাহপৰ্যন্ত সময় ল’ব পাৰে। বিপৰীতে হাতীপটীৰ কেন্দ্ৰত থকা কৃষ্ণ গহ্বৰটো যথেষ্ট সৰু। ৪ মিলিয়ন সূৰ্যৰ ভৰৰ সমান। সেয়েহে প্ৰচণ্ড বেগত গেছবোৰে অতি কম সময়ৰ ভিতৰত কৃষ্ণ গহ্বৰটোক প্ৰদক্ষিণ কৰিব পাৰে। হাতীপটীৰ কেন্দ্ৰৰ ফালে জুমি চোৱাটো সিমান সহজসাধ্য কাম নাছিল। আমি ইয়াৰ অ’ৰিয়ন নামৰ বাহুটোতহে বাস কৰো। বিজ্ঞানীসকলৰ এই স্থিৰ চিত্ৰই কৃষ্ণ গহ্বৰৰ অন্ধকাৰৰ পৰা দেখুৱাইছে মানুহৰ মন-মগজুৰ এন্ধাৰ বিনাশী জ্ঞান আৰু আলোকৰ পথ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বেলুচিস্তানৰ ইতিহাস আৰু সমসাময়িক পৰিস্থিতি

বেলুচিস্তান পাকিস্তানৰ এখন প্ৰদেশ। দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত বেলুচিস্তান...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব গ্ৰহণ NIAৰ

জম্মু আৰু কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ দায়িত্ব ৰাষ্ট্ৰীয়...

৫ হাজাৰ পাকিস্তানী নাগৰিকৰ তালিকা আৰক্ষীৰ হাতত তুলি দিছে IBয়ে

ইন্টেলিজেন্স ব্যুৰো (আই বি)য়ে দিল্লীত বসবাস কৰা প্ৰায় ৫,০০০...

পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন বাহন

কানাডাত ভয়াৱহ পথ দুৰ্ঘটনা। পথচাৰীৰ গাৰ ওপৰেৰে চলিল নিয়ন্ত্ৰণহীন...