হাৰ্ভাৰডৰ চেণ্টাৰ অফ এষ্ট্ৰ’ফিজিক্স আৰু ইভেণ্ট হৰাইজন টেলিস্কোপৰ বিজ্ঞানীসকলে অর্জন কৰিছে মহাকাশৰ আন এক সফলতা

হাৰ্ভাৰ্ডৰ চেণ্টাৰ অৱ এষ্ট্ৰ’ফিজিক্স আৰু ইভেণ্ট হৰাইজ’ন টেলিস্ক’প নামৰ বিশ্বজোৰা দূৰবীণৰ বিশাল নেটৱৰ্কৰ সৈতে জড়িত বিজ্ঞানীসকলে অৰ্জন কৰিছে পুনৰ এক বিস্ময়কৰ আৰু বিৰল প্ৰাপ্তি। হাতীপটীৰ কেন্দ্ৰত থকা ছেজিটেৰাছ এ নামৰ কৃষ্ণ গহ্বৰৰ এক বিৰল ছবি তেওঁলোকে পৃথিৱীবাসীৰ সন্মুখত দাঙি ধৰিছে। দুয়োখন ছবিৰেই কেন্দ্ৰৰ অংশ থকা এন্ধাৰখিনি প্ৰকৃততে কৃষ্ণ গহ্বৰটোৰ ছাঁ আৰু চৌপাশে থকা উজ্জ্বল হালধীয়া বলয়বোৰ উত্তপ্ত গেছ আৰু প্লাজমাৰ গঠন। ২০১৯ চনত তেওঁলোকে M-87 নামৰ তাৰকা ৰাজ্যৰ কেন্দ্ৰত থকা মহাদৈত্যকায় কৃষ্ণ গহ্বৰৰ ফটো বিশ্ববাসীক প্ৰত্যক্ষ কৰাইছিল। M-87ৰ ভৰ প্ৰায় ৬ বিলিয়ন সূৰ্যৰ ভৰৰ সমান। এই অকল্পনীয় বিশালতাৰ বাবে ঘূৰ্ণিয়মান গেছবোৰ কেন্দ্ৰৰ চাৰিওফালে এপাক ঘূৰিবলৈ কেইবাদিন বা কেইবামাহপৰ্যন্ত সময় ল’ব পাৰে। বিপৰীতে হাতীপটীৰ কেন্দ্ৰত থকা কৃষ্ণ গহ্বৰটো যথেষ্ট সৰু। ৪ মিলিয়ন সূৰ্যৰ ভৰৰ সমান। সেয়েহে প্ৰচণ্ড বেগত গেছবোৰে অতি কম সময়ৰ ভিতৰত কৃষ্ণ গহ্বৰটোক প্ৰদক্ষিণ কৰিব পাৰে। হাতীপটীৰ কেন্দ্ৰৰ ফালে জুমি চোৱাটো সিমান সহজসাধ্য কাম নাছিল। আমি ইয়াৰ অ’ৰিয়ন নামৰ বাহুটোতহে বাস কৰো। বিজ্ঞানীসকলৰ এই স্থিৰ চিত্ৰই কৃষ্ণ গহ্বৰৰ অন্ধকাৰৰ পৰা দেখুৱাইছে মানুহৰ মন-মগজুৰ এন্ধাৰ বিনাশী জ্ঞান আৰু আলোকৰ পথ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...