গুৱাহাটীত IPLৰ মেচ আয়োজনৰ ক্ষেত্ৰতো এইজন অসমীয়াৰ অৱদান অনস্বীকাৰ্য

ৰিয়ান পৰাগৰ সাফল্যৰ আঁৰত এজন অসমীয়া উদ্যোগপতি
গুৱাহাটীত IPLৰ মেচ আয়োজনৰ ক্ষেত্ৰতো এইজন অসমীয়াৰ অৱদান অনস্বীকাৰ্য
প্ৰচাৰৰ পৰা আঁতৰত থাকি অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে নীৰৱে কৰি গৈছে বহু কাম

অসমৰ যোৰহাট জিলাৰ এজন সফল উদ্যোগপতি ৰঞ্জিত বৰঠাকুৰ। তেওঁ ৰয়েল মাল্টিস্প’ৰ্ট প্ৰাইভেট লিমিটেডৰ কাৰ্যবাহী অধ্যক্ষ। IPLৰ দল ৰাজস্থান ৰয়েলছ ৰয়েল মাল্টিস্প’ৰ্ট প্ৰাইভেট লিমিটেডৰ অধীনৰ ফ্ৰেঞ্চাইজি। কংগ্ৰেছ চৰকাৰৰ সময়ত তেওঁক অসমৰ মুখ্যমন্ত্ৰীৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছিল।

২০০১ চনত অসম চৰকাৰে বৰঠাকুৰক কৌশল, কাৰ্য্য পৰিকল্পনা, প্ৰকল্প প্ৰণয়নৰ ক্ষেত্ৰত অসমৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়ে। ২০১১ চনত তেওঁ পুনৰ নিযুক্তি লাভ কৰে। ২০১৬ চনত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ শাসনভাৰ অন্তঃ পৰাৰ পিছতে তেওঁৰ কাৰ্যকাল শেষ হয়।

২০১৩ চনত তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তেওঁক অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ আসনৰ বাবে চৰ্টলিষ্ট কৰিছিল। বিশেষকৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তদানীন্তন কংগ্ৰেছৰ বিৰোধী ফৈদৰ সমৰ্থনত বৰঠাকুৰক নিৰ্বাচনত জয়ী হ’বলৈ ‘ডাৰ্ক হৰ্চ’ বুলি অভিহিত কৰা হৈছিল। অৱশ্যে, অৱশেষত ছান্টিয়াছ কুজুৰ ৰাজ্যসভালৈ নিৰ্বাচিত হয়।

মেক্স হেল্থকেয়াৰ, আনন্দ গ্ৰুপ, এয়াৰটেল, ভোডাফোন, মাৰ্কনি আৰু ITCকে ধৰি ভাৰত আৰু বিদেশৰ কেইবাটাও কৰ্পৰেট প্ৰতিষ্ঠান আৰু সামাজিক সংস্থাৰ পৰিচালনা সমিতিৰ সদস্য ৰঞ্জিত বৰঠাকুৰ। তেওঁ টাটা ইষ্টাৰ্ণ মেডিকেল ট্ৰাষ্টৰ ট্ৰাষ্টী হিচাপে কৰ্কট ৰোগৰ নিৰাময়ৰ দিশত কাম কৰি আছে।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ। অভিযুক্ত জোঁৱাই...

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয় দিৱস

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয়...

পখিলাৰ প্ৰেমত এজন আৰক্ষীৰ জোৱান ‌‌

আপোনাৰ বাৰু প্ৰকৃতিৰ প্ৰতি কিমান প্ৰেম আছে? কোৱা হয়,...

নাই বুলিয়েই নোহোৱা হৈ গ’ল ৰমেন দা

২২ জুলাইৰ পৰা ১টা ২টা কৈ ১০০টা ঘণ্টা পাৰ...