গুজৰাটৰ কচ্ছ জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিটা শিশুসহ সেনা জোৱানৰ পৰিয়ালৰ সাতগৰাকী সদস্যৰ কৰুণ মৃত্যু হয়। শনিবাৰে নিশা প্ৰায় ১০ বজাত এখন যাত্ৰীবাহী বাহন আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত এই শোকাৱহ ঘটনা সংঘটিত হয়।
জানিব পৰা মতে, উত্তৰাখণ্ডৰ গড়ৱালৰ বাসিন্দা তথা ভুজত কৰ্মৰত সেনা জোৱানসকলৰ পৰিয়ালৰ সদস্যসকলে ৰাণ অৱ কচ্ছ ভ্ৰমণ কৰি ভুজলৈ উভতি অহাৰ পথতে দুৰ্ঘটনাৰ সন্মুখীন হয়। সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে বাহনখনত থকা আটাইকেইজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছিল মাত্ৰ তিনি মহীয়া এটি কন্যা শিশুও।
প্ৰাথমিক তদন্ত অনুসৰি, ট্ৰাকখনক অতিক্ৰম কৰিবলৈ চেষ্টা কৰাৰ সময়তে বাহনখন দুৰ্ঘটনাত পতিত হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।
এই শোকাৱহ ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী নিহতৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
