সাহসৰ অনন্য নিদৰ্শন ১৪ বছৰীয়া কিশোৰীৰ! জ্বলি থকা ঘৰত সোমাই উদ্ধাৰ কৰিলে দুই শিশুক, সপোন সেনা বিষয়া হোৱাৰ

বয়স মাত্ৰ ১৪ বছৰ। এই বয়সতে নিজৰ জীৱনৰ কথা চিন্তা নকৰি আনৰ প্ৰাণ ৰক্ষাৰ বাবে আগবাঢ়ি আহিল চীনৰ এগৰাকী কিশোৰী। জ্বলি থকা ঘৰৰ ভিতৰত সোমাই ধোঁৱাৰে আৱৰি ধৰা পৰিৱেশৰ পৰা এটি ৪ বছৰীয়া কন্যা শিশু আৰু ২বছৰীয়া কণমানি ভাতৃক উদ্ধাৰ কৰি সাহসিকতাৰ অনন্য নিদৰ্শন দাঙি ধৰিলে লং শ্বি নামৰ কিশোৰীগৰাকীয়ে।

চীনৰ হুনান প্ৰদেশৰ বাসিন্দা লং শ্বি সেইদিনা অসুস্থতাৰ বাবে বিদ্যালয়ৰ পৰা ছুটী লৈ ঘৰলৈ উভতি আহিছিল। বাটতে এখন ঘৰৰ পৰা ক’লা ধোঁৱা ওলাই থকা প্ৰত্যক্ষ কৰে তাই। প্ৰথমে বিষয়টো গুৰুত্বসহকাৰে নল’লেও কিছুসময় পাছতে ঘৰৰ ভিতৰৰ পৰা শিশুৰ কান্দোন শুনি তাইৰ মনত সন্দেহৰ সৃষ্টি হয়।

পলম নকৰি ঘৰৰ ভিতৰলৈ সোমাই গৈ তাই দেখিলে যে এখন বিছনাত জুই বিয়পি পৰিছে আৰু কাষতে থকা কাপোৰবোৰো জ্বলি আছে। ঘৰৰ ভিতৰত অসহায় অৱস্থাত আছিল এটি ৪বছৰীয়া কন্যা শিশু আৰু তাৰ ২বছৰীয়া ভাতৃ। কন্যা শিশুটি বিছনাৰ কাষত থিয় হৈ থকাৰ বিপৰীতে কণমানি ভাতৃটো বিছনাখনতে বহি কান্দি আছিল।

মুহূৰ্তৰ বাবে সময় নষ্ট নকৰি লং শ্বিয়ে ২ বছৰীয়া শিশুটিক কোলাত তুলি লয় আৰু আনটো শিশুৰ হাতত ধৰি দুয়োকে নিৰাপদ স্থানলৈ উলিয়াই আনে। নিজৰ জীৱনৰ প্ৰতি থকা আশংকাতকৈ সেই মুহূৰ্তত দুটা কণমানি শিশুক বচোৱাটোৱেই আছিল তাইৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ।

শিশু দুটিক উদ্ধাৰ কৰাৰ পাছতে মাতৃলৈ এটা বাৰ্তা প্ৰেৰণ কৰি লিখিছিল, ‘মা, মই দুটা শিশুক বচালোঁ।’ আনকি ঘটনাটোৰ ভিডিঅ’ও মাতৃলৈ প্ৰেৰণ কৰিছিল। ভিডিঅ’টো প্ৰত্যক্ষ কৰি মাতৃয়ে ভয়ত শিহৰিত হৈ পৰিছিল বুলি জানিবলৈ দিয়ে।

ইফালে, ঘটনাৰ সময়ত শিশুদুটিৰ পিতৃ কৰ্মস্থলীত আছিল। খবৰ লাভ কৰাৰ পাছতে তেওঁ ঘৰলৈ উভতি আহি সন্তান দুটিক সুৰক্ষিত অৱস্থাত পাই স্বস্তিৰ নিশ্বাস পেলায়। পৰৱৰ্তী সময়ত কিশোৰীগৰাকীৰ এই সাহসিকতাৰ বাবে পৰিয়ালটোৱে এখন বিশেষ কৃতজ্ঞতা পত্ৰ প্ৰদান কৰে।

লং শ্বিৰ এই বীৰত্বৰ স্বীকৃতিস্বৰূপে নৱেম্বৰ মাহত ফেংহুৱাং কাউণ্টিৰ অগ্নিনিৰ্বাপক আৰু উদ্ধাৰকাৰী বিভাগেও তাইক এখন প্ৰশংসাপত্ৰ প্ৰদান কৰে। লগতে স্থানীয় কৰ্তৃপক্ষৰ ওচৰত সাহসিকতাৰ বাবে বিশেষ সন্মান লাভৰ আবেদনো জনাইছে পৰিয়ালটোৱে।

আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল, লং শ্বিৰ সপোন ডাঙৰ হৈ এগৰাকী সেনা জোৱান হোৱাৰ। জৰুৰীকালীন পৰিস্থিতিত সেনা জোৱানসকলে মানুহৰ জীৱন ৰক্ষাৰ বাবে আগবঢ়োৱা সেৱাই তাইক অনুপ্ৰাণিত কৰি আহিছে। এই ঘটনাৰ পাছত চীনৰ সামাজিক মাধ্যমতো কিশোৰীগৰাকীৰ সাহসিকতাক লৈ ব্যাপক চৰ্চা চলিছে।

অৱশ্যে, স্থানীয় কৰ্তৃপক্ষই এনে পৰিস্থিতিত শিশুসকলক নিজে জ্বলি থকা ঘৰত প্ৰৱেশ নকৰি নিৰাপদ স্থানলৈ আঁতৰি আহিবলৈ, জৰুৰীকালীন সেৱাক খবৰ দিবলৈ আৰু প্ৰাপ্তবয়স্ক লোকৰ সহায় ল’বলৈ পৰামৰ্শ দিছে।

সঁচাকৈয়ে, বয়সে সাহসৰ সীমা নিৰ্ধাৰণ কৰিব নোৱাৰে। ১৪ বছৰীয়া লং শ্বিৰ এই মানৱীয় পদক্ষেপে আকৌ এবাৰ প্ৰমাণ কৰিলে যে আনৰ বিপদৰ সময়ত আগবাঢ়ি অহাৰ মানসিকতাই মানুহক প্ৰকৃত অৰ্থত মহান কৰি তোলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুজৰাটৰ কচ্ছত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰ তিনি শিশুসহ ৭জনৰ মৃত্যু

গুজৰাটৰ কচ্ছ জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিটা...

অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানক চীনৰ সমৰ্থন,ভাৰতৰ উত্থান ৰোধৰ কৌশল চীনৰ : আমেৰিকান কমিটী

ভাৰতৰ ক্ৰমবৰ্ধমান শক্তি আৰু আঞ্চলিক প্ৰভাৱ সীমিত কৰাৰ লক্ষ্যৰে...

ৰহাত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু, বন বিভাগৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ

ৰহাৰ আমচৈৰ খোৱাপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত দুলাল জেনা নামৰ...