কানাডাত গুলীয়াই হত্যা ২ ভাৰতীয় বংশোদ্ভূতক! গুলীচালনাৰ পাছত বাহনত অগ্নিসংযোগ দুর্বৃত্তৰ

কানাডাৰ ব্ৰিটিছ কলম্বিয়া প্ৰদেশৰ ছাৰে চহৰত এখন ৱালমাৰ্ট ষ্ট’ৰৰ বাহিৰত দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীচালনাত নিহত হৈছে দুগৰাকী ভাৰতীয় বংশোদ্ভূত যুৱক-যুৱতী। নিহত দুগৰাকীৰ নাম গগনপ্ৰীত ওৰফে গেৰী ৰেহাল (২৩) আৰু সুখজিৎ কৌৰ (২৪)। যোৱা ১৫ নৱেম্বৰৰ নিশা সংঘটিত এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। এই হত্যাকাণ্ডৰ সৈতে সংগঠিত অপৰাধী চক্ৰৰ প্ৰত্যক্ষ সম্পৰ্ক থকাৰো সন্দেহ কৰা হৈছে।

সংবাদ মাধ্যম CBC Newsৰ প্ৰতিবেদন অনুসৰি, গুলীবিদ্ধ হোৱাৰ পাছত গগনপ্ৰীত আৰু সুখজিৎক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু চিকিৎসাধীন অৱস্থাতে দুয়োৰে মৃত্যু হয়। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে Integrated Homicide Investigation Team-এ।

তদন্তকাৰীসকলে জানিবলৈ দিয়া মতে, দুয়োগৰাকী নিহত যুৱক-যুৱতী ডেল্টা চহৰৰ বাসিন্দা আছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, ৱালমাৰ্ট ষ্ট’ৰৰ বাহিৰত গুলীচালনাৰ কিছু সময় পাছতে নিশা প্ৰায় ১০:৪৫ বজাত ঘটনাস্থলীৰ সমীপত এখন বাহনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ কৰে আৰক্ষীয়ে।

তদন্তকাৰী দলৰ আৰক্ষী বিষয়া ফ্ৰেডা ফঙে জানিবলৈ দিয়া মতে, জ্বলি যোৱা বাহনখনৰ সৈতে এই হত্যাকাণ্ডৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। আৰক্ষীৰ সন্দেহ, আক্ৰমণকাৰীসকলে সেই বাহনখনতে আহি ঘটনাটো সংঘটিত কৰিছিল। পাছত হত্যাকাণ্ডৰ প্ৰমাণ নষ্ট কৰাৰ উদ্দেশ্যে বাহনখনত জুই লগাই দিয়া হৈছিল।

আৰক্ষীয়ে জানিব পাৰিছে যে গগনপ্ৰীতক তদন্তকাৰী দলৰ একাংশই পূৰ্বৰে পৰা চিনি পাইছিল। তেওঁৰ বিৰুদ্ধে পূৰ্বৰ অপৰাধমূলক অভিলেখো আছে। আনহাতে, নিহত যুৱতী সুখজিৎ কৌৰৰ বিষয়ে আৰক্ষীৰ হাতত থকা তথ্য তুলনামূলকভাৱে কম।

কোনো গেঙৰ সৈতে শত্ৰুতাৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হ’ল নেকি, সেই দিশটোও আৰক্ষীয়ে তদন্ত কৰি আছে। অৱশ্যে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুজৰাটৰ কচ্ছত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰ তিনি শিশুসহ ৭জনৰ মৃত্যু

গুজৰাটৰ কচ্ছ জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিটা...

অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানক চীনৰ সমৰ্থন,ভাৰতৰ উত্থান ৰোধৰ কৌশল চীনৰ : আমেৰিকান কমিটী

ভাৰতৰ ক্ৰমবৰ্ধমান শক্তি আৰু আঞ্চলিক প্ৰভাৱ সীমিত কৰাৰ লক্ষ্যৰে...