এখন বিশাল কনভয় আহি উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে দিবলৈ ধৰিলে ছেল্যুট। আৰম্ভ হ’ল আনুষ্ঠানিক ‘গাৰ্ড অৱ অনাৰ’। কিন্তু কিছু সময়ৰ পাছতে হঠাৎ থমকি ৰ’ল আৰক্ষী কৰ্মীসকল। আনকি হতভম্ব হৈ পৰিল স্বয়ং ‘গাৰ্ড অৱ অনাৰ’ লাভ কৰা নেতাজনো। উত্তৰ প্ৰদেশ আৰক্ষীৰ এনে এক আজৱ ভুলৰ ফলত AIMIMৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিক প্ৰদান কৰা হ’ল উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ বাবে নিৰ্ধাৰিত ‘গাৰ্ড অৱ অনাৰ’।!
শনিবাৰে উত্তৰ প্ৰদেশৰ সাহাৰানপুৰত সংঘটিত এই ঘটনাক লৈ ইতিমধ্যে ব্যাপক চৰ্চা আৰম্ভ হৈছে। ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াতো বিয়পি পৰিছে। প্ৰশাসনিক গাফিলতিৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে আৰক্ষী অধীক্ষকে।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, শনিবাৰে ২১ নৱেম্বৰত সাহাৰানপুৰৰ চাৰ্কিট হাউছলৈ উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ অহাৰ কথা আছিল। তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ বাবে পুৱাৰে পৰাই প্ৰস্তুতি চলাইছিল আৰক্ষীয়ে। সেই অনুসৰি চাৰ্কিট হাউছৰ প্ৰৱেশদ্বাৰত মোতায়েন কৰা হৈছিল আৰক্ষীৰ এটা বিশেষ দল।
কিন্তু ন্যায়াধীশগৰাকী আহি পোৱাৰ পূৰ্বেই তাত উপস্থিত হয় হায়দৰাবাদৰ সাংসদ তথা AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছি। আৰু আৰক্ষীয়ে তেওঁকে ন্যায়াধীশ বুলি ভুল কৰি প্ৰদান কৰে ‘গাৰ্ড অৱ অনাৰ’!
জানিব পৰা মতে, শনিবাৰে পুৱা প্ৰায় ১১ বজাত চাৰ্কিট হাউছত উপস্থিত হৈছিল আজাদ সমাজ পাৰ্টি (কাঁশীৰাম)ৰ মুৰব্বী চন্দ্ৰশেখৰ আজাদ। ইয়াৰ প্ৰায় ২০ মিনিট পাছত তাত উপস্থিত হয় ৱেইছি। তেওঁৰ সৈতে আছিল কেইবাখনো বাহন থকা এটা বিশাল কনভয় আৰু নিৰাপত্তাৰক্ষীৰ দল।
আৰক্ষীৰ প্ৰাথমিক অনুমান অনুসৰি, ৱেইছিৰ সৈতে অহা বৃহৎ নিৰাপত্তা বাহিনী আৰু বাহনৰ কনভয় দেখিয়েই বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।
ন্যায়াধীশগৰাকীৰ বাবে অপেক্ষা কৰি থকা আৰক্ষী কৰ্মীসকলে আছাদুদ্দিন ওৱেইছিক কনভয় অহা দেখি তেওঁকে সেই বিশিষ্ট অতিথি বুলি ভাবি লয়। ইয়াৰ পাছতে নিয়ম অনুসৰি তেওঁক ‘গাৰ্ড অৱ অনাৰ’ প্ৰদান কৰা হয়। আৰক্ষী কৰ্মীসকলৰ ছেল্যুটৰ সন্মুখত থিয় হৈ ৱেইছিয়েও সেই অভ্যৰ্থনা গ্ৰহণ কৰে। অৱশ্যে কিছু সময়ৰ পাছতে নিজৰ ভুল বুজিব পাৰে কৰ্তব্যৰত আৰক্ষী কৰ্মীসকলে। লগে লগে বিষয়টো ঊৰ্ধ্বতন বিষয়াসকলক অৱগত কৰা হয়।
এই ঘটনাৰ সন্দৰ্ভত প্ৰশ্ন কৰা হোৱাত ৱেইছিয়ে কয় যে, কেনেদৰে এনে ঘটনা সংঘটিত হ’ল, সেই কথা তেওঁ নিজেও বুজি পোৱা নাই। আৰক্ষী কৰ্মীসকলে তেওঁক ৰ’বলৈ কৈছিল আৰু তেওঁলোকৰ নিৰ্দেশ অনুসৰিয়েই তেওঁ থিয় হৈছিল।
অৰ্থাৎ, ইচ্ছাকৃতভাৱে এনে সন্মান গ্ৰহণ কৰাৰ কোনো পৰিকল্পনা তেওঁৰ নাছিল বুলিয়েই দাবী কৰিছে AIMIMৰ মুৰব্বীগৰাকীয়ে।
ঘটনাটোৰ কথা স্বীকাৰ কৰিছে সাহাৰানপুৰৰ আৰক্ষী বিষয়াসকলেও। আৰক্ষী অধীক্ষক (চিটি) ব্যোম বিন্দলে জানিবলৈ দিয়া মতে, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীৰ বাবেহে ‘গাৰ্ড অৱ অনাৰ’ৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু ভুলবশতঃ কৰ্তব্যৰত আৰক্ষী কৰ্মীসকলে সাংসদ আছাদুদ্দিন ওৱেইছিক সেই সন্মান প্ৰদান কৰে।
ঘটনাটো অনিচ্ছাকৃতভাৱে সংঘটিত হ’লেও কেনেদৰে এনে ভুল হ’ল, সেই বিষয়ে সবিশেষ জানিবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
সাহাৰানপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে (SSP) গ্ৰাম্য আৰক্ষী অধীক্ষকক ঘটনাটোৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে। তদন্তত লাভ কৰা তথ্য আৰু প্ৰমাণৰ ভিত্তিত নিয়ম অনুসৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে।
এই ঘটনাৰ পাছতে একাধিক প্ৰশ্ন উত্থাপন হৈছে। যিগৰাকী বিশিষ্ট ব্যক্তিক আদৰণি জনোৱাৰ বাবে ইমানবোৰ প্ৰস্তুতি চলোৱা হৈছিল, সেই ব্যক্তিগৰাকীক কৰ্তব্যৰত আৰক্ষী বিষয়াসকলে চিনাক্ত কৰিব নোৱাৰিলে কিয়? তদন্ত আৰম্ভ হৈছে যদিও ঘটনাটোক কেন্দ্ৰ কৰি সমালোচনা অব্যাহত আছে।
উল্লেখযোগ্য যে, ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি ৰাজনৈতিক তৎপৰতা বৃদ্ধি কৰিছে আছাদুদ্দিন ওৱেইছি আৰু চন্দ্ৰশেখৰ আজাদে। শেহতীয়াকৈ দুয়োগৰাকী নেতাৰ উদ্যোগত গঠন হৈছে ‘সামাজিক পৰিৱৰ্তন মৰ্চা’ (SPM)। আগন্তুক নিৰ্বাচনত একেলগে প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে এই নতুন ৰাজনৈতিক মঞ্চ গঠন কৰা হৈছে।
এই মিত্ৰজোঁটৰ প্ৰস্তুতি আৰু আগন্তুক কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰিবলৈকে সাহাৰানপুৰত উপস্থিত হৈছিল দুয়োগৰাকী নেতা। তাত তেওঁলোকৰ এখন যৌথ সংবাদমেল অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শেষ মুহূৰ্তত সেয়া বাতিল কৰা হয়। ইয়াৰ পাছত দুয়োগৰাকী নেতাই জিলা দণ্ডাধীশৰ কাৰ্যালয়লৈ গৈ বিষয়াগৰাকীক সাক্ষাৎ কৰে।
উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ বাবে নিৰ্ধাৰিত চৰকাৰী প্ৰট’কল কেনেদৰে এগৰাকী ৰাজনৈতিক নেতাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হ’ল, তাক লৈ এতিয়া বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ উত্তৰ প্ৰদেশৰ দৰে ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ ৰাজ্যখনত নিৰ্বাচনৰ পূৰ্বে সংঘটিত এই ঘটনাই আৰক্ষীৰ প্ৰস্তুতি, সমন্বয় আৰু প্ৰশাসনিক ব্যৱস্থাক লৈ নতুনকৈ বিতৰ্কৰ সৃষ্টি কৰিছে।
