IPLৰ নিলামৰ দিনাখনৰ পৰাই এইগৰাকী সুন্দৰীয়ে সকলোৰে দৃষ্টি কাঢ়ি নিছে…

চলিত IPLত এগৰাকী সুন্দৰীক লৈ বিশ্বজুৰি চৰ্চা। খেলৰ মাজভাগত বিশাল পৰ্দাত তেওঁৰ চেহেৰা দৃশ্যমান হ’লেই বাঢ়ে ক্ৰিকেট অনুৰাগীৰ হৃদস্পন্দন। নিলামৰ দিনাখনৰ পৰাই ছানৰাইজাৰ্ছ হায়দৰাবাদৰ এইগৰাকী সুন্দৰীয়ে সকলোৰে দৃষ্টি কাঢ়ি নিছে। ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰা এই যুৱতীগৰাকীনো কোন?

এই সুন্দৰী যুৱতীগৰাকীৰ নাম হৈছে কাব্যা মাৰান। মাত্ৰ ৩১ বছৰীয়া কাব্যা দেশৰ ধনাঢ্য ব্যক্তিসকলৰ ভিতৰত অন্যতম। তেওঁ ছান টিভি নেটৱৰ্কৰ স্বত্বাধিকাৰী তথা প্ৰতিষ্ঠাপক কলানিধি মাৰানৰ কন্যা। এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও আইপিএলৰ নিলামত কাব্যাক দেখা পোৱা গৈছিল। কিন্তু এইবাৰ ছানৰাইজাৰ্ছ হাইদৰাবাদৰ প্ৰতিখন মেচত তেওঁৰ উপস্থিতিয়ে ক্ৰিকেটৰ প্ৰতি থকা তেওঁৰ দুৰ্বলতা পূৰ্ণৰূপত প্ৰতিফলিত হৈছে।

চেন্নাইৰ ষ্টেলা মাৰিছ কলেজৰ পৰা B.COM ডিগ্ৰী আৰু ব্ৰিটেইনৰ ৱাৰউইক বিজনেছ স্কুলৰ পৰা MBA ডিগ্ৰী লাভ কৰা কাব্যা মাৰানে পিতৃৰ পদাংক অনুসৰণ কৰি ব্যৱসায়িক ক্ষেত্ৰখনত নিজৰ এক সুকীয়া চিনাকি দাঙি ধৰিবলৈ সক্ষম হৈছে।

১৯৯২ চনৰ ৬ আগষ্টত চেন্নাইত জন্মগ্ৰহণ কৰা কাব্যাই কেৱল পৰিয়ালৰ ধন-সম্পত্তিৰ উত্তৰাধিকাৰীয়েই নহয়, তামিলনাডুত গভীৰভাৱে শিপাই থকা ৰাজনৈতিক উত্তৰাধিকাৰো লাভ কৰিছে। তেওঁৰ মাতৃ কাবেৰী মাৰানে ছ’লাৰ টিভি কমিউনিটি লিমিটেডৰ CEO হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তদুপৰি তেওঁৰ পাৰিবাৰিক সম্পৰ্ক ৰাজনীতিতো বিস্তৃত হৈ আছে, তেওঁৰ ককাক দয়ানিধি মৰাণে DMK পাৰ্টিত বিশেষ পদবীত অধিষ্ঠিত লগতে তেওঁৰ পিতৃ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুথুভেল কৰুণানিধিৰ বংশৰ। জন ভাৰত টাইমছৰ বাতৰি অনুসৰি কাব্যা মাৰানৰ আনুমানিক সম্পত্তিৰ পৰিমাণ প্ৰায় ৪০৯ কোটি টকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে অহা ৩ৰ পৰা ৫ নৱেম্বৰলৈ স্পেইন ভ্ৰমণ...

IIT গুৱাহাটীত পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চৰ আলোচনা, ‘পানী আৰু শক্তি’ৰ ওপৰত বিশেষজ্ঞৰ গুৰুত্ব

বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ১৪ সংখ্যক পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান...

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপ সাগৰত নতুনকৈ সৃষ্টি ঘূৰ্ণীবতাহ ‘মুৰাছু’

‘অৰ্ণৱ’ৰ তাণ্ডৱৰ পাছত বংগোপসাগৰত শক্তি বৃদ্ধি ঘূৰ্ণীবতাহ ‘মুৰাছু’ৰ। অন্ধ্ৰপ্ৰদেশৰ...

অপহৰণকাৰীক ধৰিবলৈ UPIযোগে ৫ হাজাৰ টকা প্ৰেৰণ দিল্লী আৰক্ষীৰ, ৩ ঘণ্টাৰ ভিতৰতে ১৩ বছৰীয়া কিশোৰক উদ্ধাৰ

অপহৰণকাৰীক কৰায়ত্ত কৰিবলৈ অভিনৱ কৌশল অৱলম্বন কৰিলে দিল্লী আৰক্ষীয়ে।...