বিশিষ্ট সমাজকর্মী, পদ্মশ্রী বিৰুবালা ৰাভাৰ বিয়োগত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

বিৰুবালা ৰাভাৰ শেষকৃত্য সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

বিশিষ্ট সমাজকর্মী, পদ্মশ্রী বিৰুবালা ৰাভাৰ বিয়োগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গভীৰ শোক প্ৰকাশ কৰিছে।

এক শোকবার্তাত মুখ্যমন্ত্রী ড° শর্মাই কয় যে সামাজিক অনিয়ম, অন্ধবিশ্বাস, কু-প্রথা, ডাইনী-হত্যা আদিৰ বিৰুদ্ধে আজীৱন অসাধাৰণ সংগ্রাম চলাই যোৱা পদ্মশ্রী বিৰুবালা ৰাভাৰ বিয়োগ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি। মুখ্যমন্ত্রীয়ে কয় যে বৰেণ্য সত্তা বিৰুবালা ৰাভাই এক বিজ্ঞানমনস্ক সমাজ গঢ়ি তোলাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। মানৱতাবাদী বিৰুবালা ৰাভাৰ আদৰ্শই সকলো সামাজিক কু-প্রথা, অনিয়ম আদি নির্মূলেৰে এখন আদর্শ সমাজ গঢ়াৰ দিশত আত্মনিয়োগ কৰি যাবলৈ সকলোকে অনুপ্রাণিত কৰি থাকিব বুলিও মুখ্যমন্ত্রীয়ে কয়। মুখ্যমন্ত্রীয়ে বিৰুবালা ৰাভাৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

মুখ্যমন্ত্রীয়ে প্রয়াত বিৰুবালা ৰাভাৰ শেষকৃত্য সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন কৰাৰ বাবেও যাবতীয় নির্দেশনা প্রদান কৰে। এই বিষয়ত সকলো দিশ তদাৰক কৰিবলৈ বন আৰু পৰিৱেশ আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পর্যটন আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱাক তেওঁ নির্দেশ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰত-আমেৰিকাৰ IOSV উদ্যোগক লৈ আলোচনা, ভাৰত মহাসাগৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্য

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰি আৰু আমেৰিকাৰ আণ্ডাৰ ছেক্ৰেটাৰী...

বিশ্বজুৰি আমেৰিকাৰ ভিছা আবেদন স্থগিত

প্ৰব্ৰজন নীতি অধিক কঠোৰ কৰাৰ মাজতে আমেৰিকাই বিশ্বজুৰি ভিছা...

বানপীড়িত অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৫,০০০ কোটি টকাৰ পেকেজ, ৩.৮ লাখ নতুন PMAY ঘৰ অনুমোদন

অসমৰ বানপীড়িত লোকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৫,০০০ কোটি...

আমেৰিকাৰ ইতিহাসৰ সৰ্ববৃহৎ ভিছা বাতিলৰ প্ৰস্তুতি, লক্ষ্য ২ লাখ বিদেশী নাগৰিক

ড’নাল্ড ট্ৰাম্প প্ৰশাসনে আমেৰিকাৰ ইতিহাসত সৰ্ববৃহৎ গণ-ভিছা বাতিলৰ প্ৰস্তুতি...