নিয়তিৰ ওচৰত হাৰ মানিলে পদ্মশ্ৰী বিৰুবালা ৰাভাই

এটা যুগ শেষ হৈ গ’ল
নিয়তিৰ ওচৰত হাৰ মানিলে পদ্মশ্ৰী বিৰুবালা ৰাভাই
ডাইনী হত্যাৰ বিৰুদ্ধে আজীৱন যুঁজি জীৱন নাট সামৰিলে বিৰুবালাই

চিৰদিনলৈ শুই পৰিল বিৰুবালা ৰাভা। দীৰ্ঘদিনে কৰ্কট ৰোগৰ সৈতে যুঁজি আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত জীৱন নাট সামৰিলে বিৰুবালা ৰাভাই। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ যোৱা ২২ এপ্ৰিলৰ পৰা GMCHৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চিকিত্সাধীন হৈ আছিল বিৰুবালা ৰাভা। আজি পুৱা ৯.২৩ বজাত চিকিৎসকে আনুষ্ঠানিকভাৱে জনায় সেই দুঃখজনক খবৰটো।

১৯৫৪ চনত গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটা কৃষক পৰিয়ালত জন্ম হৈছিল বিৰুবালা ৰাভাৰ। মাত্ৰ পঞ্চম শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ পিছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল বিৰুবালা ৰাভাই।

সময় তেতিয়া ১৯৮৫ চন। সামাজিকভাৱে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেওঁলোকৰ কোলালৈ আহিছিল প্ৰথম সন্তান ধৰ্মেশ্বৰ। পঞ্চম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ পিছত হঠাতে অসুস্থ হৈ পৰিছিল ধৰ্মেশ্বৰ। স্নায়ু ৰোগত আক্ৰান্ত হৈ মাজে মাজে মূৰ্চাও গৈছিল৷ চিকিত্সা বুলিবলৈ ওচৰত একোৱেই নাছিল। গুৱাহাটীত অভিজ্ঞ চিকিত্সকৰ হতুৱাই চিকিৎসা কৰাবলৈ বাবে সামৰ্থ্য নাছিল তেওঁলোকৰ। পু্ত্ৰ ধৰ্মেশ্বৰক আৰোগ্য কৰিবলৈ বেজ, দেওধানীৰ শৰণাপন্ন হৈছিল বিৰুবালাই। মঙল চাই দেওধানীয়ে এটা কথাই কৈছিল যে ধৰ্মেশ্বৰৰ গাত পৰী লম্ভিছে আৰু বৰ্তমান গৰ্ভৱতী হৈ থকা পৰীজনীয়ে সন্তান জন্ম দিয়াৰ পিছতে ধৰ্মেশ্বৰ মৰি থাকিব। কিন্তু দেওধানীৰ ভৱিষ্যদ্বাণী নফলিয়ালে। ইয়াৰ পিছতো সময় সলনি নহ’ল। ক্লাছ নাইনলৈ পোৱাৰ পিছতে পগলা হ’ল ধৰ্মেশ্বৰ আৰু তাৰ পাগলামিত মানুহ থাকিব নোৱাৰা হ’ল। উপায়হীন হৈ প্ৰশাসনৰ সহযোগত হাত-ভৰি বান্ধি জন্তুৰ দৰে চিকিৎসাৰ বাবে তাক শ্বিলঙলৈ পঠিয়াই দিব লগা হ’ল। পুত্ৰৰ দুখে শোকবিহ্বল কৰা বিৰুবালাৰ জীৱনলৈ আহিল পুনৰ দুৰ্দিন। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হল স্বামী। সকলোৱে ক’বলৈ ধৰিলে বিৰুবালাই নিজেই ডাইনী হৈ বৰপুত্ৰক পাগল আৰু স্বামীক বেমাৰী কৰিলে। স্বামী আৰু বিৰুবালাৰ প্ৰতিবাদে কোনো কাম নিদিলে। উপায়বিহীন হৈ গাঁও এৰি পলাই আহিবলৈ বাধ্য হয় অদম্য সাহসী বিৰুবালা ৰাভা৷ সেইদিনাই পণ লৈছিল তেওঁ, আমাৰ সমাজখন ডাইনী, অন্ধবিশ্বাসমুক্ত কৰিবই লাগিব।


১৯৯৯ৰ পৰাই আৰম্ভ হৈছিল সেই অবিৰত সংগ্ৰাম। ৫ গৰাকী মহিলা-যুৱতীক ডাইনী সজাই শাস্তি বিহিবলৈ বিচাৰ বহিছিল। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ দান মন্দিৰৰ প্ৰাংগনত আয়োজিত ৰাজহুৱা সভাত সজোৰে যুক্তি দৰ্শাইছিল যি বেজ, দেওধানী একো একোটা ভণ্ডামিহে। কিন্তু সেই সময়ত যুক্তি শুনাৰ পৰিৱৰ্তে সমাজে এঘৰীয়াহে কৰিলে বিৰুবালাক।

অৱশ্যে অদম্য সাহসী, সমাজৰ প্ৰকৃত যোদ্ধা বিৰুবালা ৰাভা থমকি নৰ’ল। ইখনৰ পিছত সিখন গাঁৱলৈ গৈ, কেতিয়াবা বহু দুৰ বাট অকলে খোজ কাঢ়ি ডাইনী হত্যা, অন্ধবিশ্বাসৰ বিৰুদ্ধে শক্তিশালী কণ্ঠেৰে যুঁজ দি গৈ থাকিল। এই সংগ্ৰামত পিছলৈ সহযোগ কৰিলে আধুনিক মনৰ এচাম দূৰদৰ্শী লোকে। এগৰাকী দুগৰাকী নহয়, ৩৫ গৰাকী ব্যক্তিৰ জীৱন ৰক্ষা কৰিলে বিৰুবালা ৰাভাই। ২০১২ চনত আনুষ্ঠানিকভাৱে জন্ম হয় ‘মিছন বিৰুবালা’ৰ। বিৰুবালা ৰাভাৰ আৰ্দশৰে পুৰিপুষ্ট মিছন বিৰুবালাৰ বৰ্তমান সদস্যৰ সংখ্যা ৮০০ ৰো অধিক। ইতিমধ্যে প্ৰায় শতাধিক সদস্যই অসমৰ মুঠ ১৪ খন জিলাত অন্ধবিশ্বাস অথবা ডাইনী সন্দৰ্ভত সজাগতা সভা কৰ্মশালা অনুষ্ঠিত কৰি সেৱা আগবঢ়াইছিল । ডিব্ৰুগড় বিশ্ববিদ্যালয়, দুধনৈ মহাবিদ্যালয়, চাবুৱাৰ ডি ডি আৰ কলেজ, ডিব্ৰু মহাবিদ্যালয়, ফিল’বাৰী কনিষ্ঠ মহাবিদ্যালয় আৰু ছেৰফাংগুৰি কলেজতো মিছন বিৰুবালাৰ কোষ গঠন কৰিছিল বিৰুবালা ৰাভাই।
সমাজলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে ২০০৫ চনত থাউজেণ্ড উইমেনৰ মনোনয়নত শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনীত প্ৰথম অসমীয়া হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল বিৰুবালাই। ২০১০ চনত ৰিলায়েন্স ইনডাষ্ট্ৰি টি. ডি’ৰ পৰা ‘ৰিয়েল হিৰ’ খিতাপ, টাই আহোম যুৱ পৰিষদৰ পৰা “বীৰাংগনা মুলা গাভৰু বঁটা, “জয়মতী” বঁটা, “সমাজ প্ৰাণ সেৱা বঁটা, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পি. এইচ, ডি সন্মানেৰেও বিভূষিত হৈছে বিৰুবালা ৰাভা। নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে ২০১৯ বৰ্ষত তেওঁলৈ আগবঢ়াইছিল ‘আনন্দৰাম ঢেকিয়াল ফুকন বঁটা’। ২০১৫ চনত উপেন্দ্ৰনাথ ব্ৰহ্ম ছ’লজাৰ অব হিউমেনিটী বঁটা লাভ কৰিছিল বিৰুবালা ৰাভাই। ২০২১ চনত ডাইনী হত্যাৰ বিৰুদ্ধে থিয় দিয়া বিৰুৱালা ৰাভাক প্ৰদান কৰা হৈছিল পদ্মশ্ৰী বঁটা।
আজি বিৰুবালা ৰাভা কেৱল এটা নাম নহয়, বিৰুবালা ৰাভা প্ৰতিগৰাকী মহিলাৰ বাবে স্বাভিমান, দৃঢ়মনা, মানৱদৰদী লোকৰ বাবে অনুপ্ৰেৰণা। বীৰুবালাৰ কায়িক মৃত্যু হ’লেও অসমীয়াই কাহানিও নাপাহৰে যুগান্তকাৰী অৱদান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...