বুমেৰাং হৈছে চীনৰ শ্ৰীলংকা নীতি

0 39

🖊️অচিন্ত্য শৰ্মা

দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা কিয় এনেকুৱা অভুতপূৰ্ব অৰ্থনৈতিক সংকটৰ গৰাহত পৰিছে তাকলৈ বিভিন্ন মতবাদ সৃষ্টি হ’লেও মূলতঃ নব্য-ঔপনিবেশিকতাবাদী অপশক্তি, সম্প্ৰসাৰণবাদী চীনৰ ষড়যন্ত্ৰতেই যে শ্ৰীলংকা আজিৰ নিচিনা অভূতপূৰ্ব দুৰৱস্থাৰ গৰাহত পৰিছে, সেয়া এতিয়া আৰু লুকাই থকা নাই। নিকট চুবুৰীয়া ভাৰতক শলঠেকত পেলোৱাৰ কু-মতলবেৰে কলম্বো মহলে ভাৰতৰ চিৰশত্ৰু ৰঙাচীনক ৰঙা দলিচা পাৰি দিছিল যদিও সেই কু-মতলেই এতিয়া কাল হৈ দেখা দিছে দ্বীপৰাষ্ট্ৰখনৰ বাবে। হয়তো বেইজিংমহলে পৰিকল্পনা আৰু আশা কৰা ধৰেণেই দেৱলীয়া হৈছে শ্ৰীলংকা। পিচে আশা নকৰা ধৰণেই শ্ৰীলংকাৰ এই দুৰৱস্থাই ডুবাব লৈছে খোদ ড্ৰেগন দস্যু আগ্ৰাসী চীনকো। এটাকা-দুটকা নহয়, ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ১লাখ ২৫ হাজাৰ কোটি টকা হেৰুৱাব লৈছে বেইজিং মহলে। কাৰণ শ্ৰীলংকাৰ সাম্প্ৰতিক আৰ্থিত দুৰৱস্থা, ৰাজনৈতিক অনিশ্চয়তা আৰু সামাজিক অস্থিৰতাই শেষ কৰি দিছে প’ৰ্ট চিটি অব্ কলম্বো, চমুকৈ PCC প্ৰকল্প পাকিস্তানৰ নিচিনাকৈ শ্ৰীলংকাৰ PCC প্ৰকল্পও দৰাচলতে চীনৰ ওপৰত আত্মসমৰ্পন আৰু নিজ দেশৰ সাৰ্বভৌমত্ব তথা ভৌগলিক অখণ্ডতাৰ লগত আপোচৰ এক দুৰ্ভাগ্যজনক দলিল। এই প্ৰকল্পই আছিল দেশখনক চীনৰ উপনিবেশ বা দাস ৰাষ্ট্ৰত পৰিণত কৰাৰ প্ৰথম পদক্ষেপ। কিয়নো উক্ত প্ৰকল্প অনুসৰি শ্ৰীলমকাৰ ভিতৰতে গঢ়ি উঠিলেহেঁতেন শ্ৰীলমকা চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নথকা এখন মিনিচাইনা আৰু পৰৱৰ্তী দিনবোৰত সেই মিনি চাইনাই হাতোৰা মেলি দিলেহেঁতেন দ্বীপৰাষ্ট্ৰখনৰ চৌপাশে। PCCপ্ৰকল্পৰ অধীনত চীনে ইতিমধ্যে সাগৰৰ বুকুত হেৰাই যোৱা শ্ৰীলংকাৰ প্ৰায় ২৭০ হেক্টৰ মাটি পুনৰুদ্ধাৰৰ বাবে ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ১১ হাজাৰ কোটি টকা বিনিযোগ কৰিছে। আৰু এই বিশাল বিনিযোগৰ বিনিময়ত চীনে সেই ২৭০ হেক্টৰ মাটিৰেই ১১৬ হেক্টৰ মাটি ৯৯ বছৰৰ বাবে লাভ কৰিছে দীৰ্ঘকালিন লীজত।

লীজত লাভ কৰা ১১৬ হেক্টৰ মাটিত চীনে গঢ়ি তুলিবলৈ আৰম্ভ কৰিছিল ছিংগাপুৰসদৃশ এক অত্যাধুনিক নগৰ। নগৰখনৰ নিৰ্মাণৰ মূল দায়িত্ব দিয়া হৈছিল চীনৰ চৰকাৰী আন্তঃগাথনি নিৰ্মাতা প্ৰতিষ্ঠান চাইনা কমিউনিকেশ্যনছ কনষ্ট্ৰাকশ্যন কোম্পানীক। অন্য বিভিন্ন চীনা প্ৰতিস্তানৰদ্বাৰা বিনিয়োগ কৰোৱা হৈছিল ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ১লাখ ১৪ হাজাৰ কোটি টকা। পিচে দ্বীপ ৰাষ্ট্ৰখনৰ সাম্প্ৰতিক অৱস্থাই এতিয়া বিনিযোগকাৰীসকলক আতংকিত কৰিছে। তেওঁলোক অমান্তি হৈছে অধিক বিনিয়োগ কৰিবলৈ। যাৰ ফলত সমগ্ৰ প্ৰকল্পটোৱেই শেহতীয়াভাবে পৰিত্যক্ত ৰূপ লৈছে। ডুবিব লৈছে চীনৰ পৰ্বত প্ৰমাণ ধনৰাশি।

ইফালে PCC প্ৰকল্পৰ এনে প্ৰৰিত্যক্ত ৰূপে দুঃশ্চিন্তাত পেলাইছে শ্ৰীলংকাৰ চৰকাৰ প্ৰশাসনকো। কাৰণ এই প্ৰকল্পৰ পৰা শ্ৰীলংকাইও বহুখিনি আশা কৰিছিল। এতিয়া, সেই আশাৰ মূৰত চেচাঁপানী পৰিছে। এনে অৱস্থাত উপায়হীন কলম্বোমহল বাধ্য হৈছে নতুন দিল্লীৰ শৰণাপন্ন হ’বলৈ। বিপদকালত এতিয়া তেওঁলোকে ভাৰত তথা ভাৰতীয় বিনিযোগকাৰীসকলক আহ্বান জনাইছে প’ৰ্ট চিটি অব কলম্বোত বিনিয়োগ কৰিবলৈ। লক্ষণীয়ভাবে, লীজত লোৱা ১১৬ হেক্টৰ মাটিত চীনে যি নগৰ গঢ়ি তুলিবলৈ আৰম্ভ কৰিছিল, তাত নচলিলেহেঁতেন দ্বীপৰাষ্ট্ৰখনৰ আইনকানুন আৰু শ্ৰীলংকা আৰু চৰকাৰ প্ৰশাসনৰ কতৃত্ব। সেই নগৰৰ ভিতৰত চলিলেহেঁতেন অকল চীনৰ হে কতৃত্ব তথা চীনা আইন কানুন। কিন্তু ভাৰতে প’ৰ্ট চিটি অব্ কলম্বোত বিনিয়োগ কৰিলেও ভাৰত বা ভাৰতীয়ক তেনে কতৃত্ব দিবলৈ অস্বীকাৰ কৰিছে শ্ৰীলংকাই। হয়তো ইমানখিনিৰ পিছতো ভাৰতৰ চুবুৰীয়া সেই দেশখনৰ বাবে এতিয়াও অধিক আপোন হৈ ৰৈছে আগ্ৰাসী চীনহে।

Leave A Reply

Your email address will not be published.