কাইলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালত বিশাল নিযুক্তি সমাৰোহ

0 626

প্ৰতিশ্ৰুতি পালনৰ দিশে আগবাঢ়িছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ১ লাখ নিবনুৱাৰ নিযুক্তিৰ অংশ হিচাপে ৰাজ্য চৰকাৰে কাইলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰিব বিশাল নিযুক্তি সমাৰোহৰ। এই অনুষ্ঠানতে চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা ২৫ হাজাৰ প্ৰাৰ্থীৰ হাতত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তুলি দিব নিযুক্তি পত্ৰ। শিক্ষা আৰু গৃহ বিভাগত হ’ব সৰ্বাধিক নিযুক্তি। স্বাস্থ্য বিভাগৰো কিছুসংখ্যক পদৰ বাবে প্ৰাৰ্থীৰ হাতত তুলি দিয়া হ’ব নিযুক্তি পত্ৰ। ইতিমধ্যে আৰক্ষী, শিক্ষক, নাৰ্ছ আদি পদৰ বাছনিৰ চূড়ান্ত তালিকা প্ৰকাশ পাইছে।

Leave A Reply

Your email address will not be published.