গঁড় সংৰক্ষণৰ সফলতাৰ কাহিনী বিশ্বজুৰি চৰ্চা

গঁড় দিৱসৰ দিনটোত বিশ্বজুৰি চৰ্চিত হৈছে কাজিৰঙাৰ গঁড় সংৰক্ষণৰ সফলতাৰ কাহিনী। ১৯০৫ চনত প্রায় ৭৫টা গঁড়হে বাচি আছিল কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত। ২০২২ চনত এই সংখ্যা বৃদ্ধি হ’ল ২,৬১৩টালৈ। এটা সময়ত চোৰাংচিকাৰ, বিনা কাৰণত বন্য জীৱৰ হত্যা আৰু বানপানী আদি দুৰ্যোগৰ বাবে বিশ্বৰ মানচিত্রৰ পৰা এশিঙীয়া গঁড় নিশ্চিহ্ন হোৱাৰ উপক্রম ঘটিছিল। ভাৰত–নেপাল, ম্যানমাৰকে ধৰি দক্ষিণ–পূব এছিয়াৰ বৃহৎ এলেকাত এশিঙীয়া গঁড় নিশ্চিহ্নপ্রায় হোৱাৰ পিছত ব্রিটিছৰ উদ্যাগত আৰম্ভ হৈছিল সংৰক্ষণ প্রক্রিয়া। ২০২২ চনৰ জৰীপত ২,৬১৩ গঁড় পোৱাৰ বিপৰীতে ২০০৮ চনত উদ্যানখনত পোৱা গৈছিল ২,৪১৩টা গঁড়। মাত্র ৪টা বছৰত গঁড়ৰ এই সংখ্যা বৃদ্ধি আছিল উৎসাহজনক।
১৯৯১ চনত কাজিৰঙাত গঁড়ৰ সংখ্যা আছিল ১২৭৩টা। ২০২২ চনত কাজিৰঙাত এই সংখ্যা ২৬১৩টালৈ বৃদ্ধি হোৱাৰ বিপৰীতে মানস আৰু ওৰাং সামৰি সমগ্র অসমত গঁড়ৰ সংখ্যা ২৮৯৫টা বৃদ্ধি পায়।


চন গঁড়ৰ সংখ্যা
১৯৯১ ১২৭৩টা
১৯৯৩ ১৩২৯টা
১৯৯৯ ১৬৭২টা
২০০৬ ২০০৫টা
২০০৯ ২২০১টা
২০১২ ২৫০৫টা
২০১৫ ২৬২৪টা
২০১৮ ২৬৫০টা
২০২২ ২৮৯৫টা
লক্ষণীয়ভাৱে যোৱা এটা দশকত হ্রাস পাইছে গঁড়ৰ চোৰাংচিকাৰৰ সংখ্যা। ২০১৩ চনত ২৭টা গঁড় চোৰাংচিকাৰীয়ে হত্যা কৰাৰ বিপৰীতে ২০২১ আৰু ২০২২ বৰ্ষত মাত্র এটাকৈ গঁড়হে চোৰাংচিকাৰীৰ আক্রমণত নিহত হৈছে।


বছৰ চোৰাংচিকাৰৰ সংখ্যা
২০১৩ ২৭
২০১৪ ২৭
২০১৫ ১৭
২০১৬ ১৮
২০১৭ ০৬
২০১৮ ০৬
২০১৯ ০৩
২০২০ ০২
২০২১ ০১
২০২২ ০১
বিশ্ব গঁড় দিৱসৰ দিনটোত কাজিৰঙা আৰু ওৰাং ৰাষ্ট্রীয় উদ্যানত আয়োজন কৰা হয় বিশেষ কাৰ্যসূচী। গঁড় হত্যাৰ সংখ্যা শূন্য কৰাৰ বাবে বন বিভাগে চলিত বৰ্ষৰ আৰম্ভণিতে এক বিশেষ আঁচনি গ্রহণ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...