প্ৰথম ৬ মিনিটতে দুটাকৈ গ’ল, চন্দ্ৰপুৰত কোনে মাৰিলে শেষ হাঁহি?

চন্দ্ৰপুৰস্থিত ৰঙা ফিল্ডত অনুষ্ঠিত হৈ থকা পঞ্চম লেছি টাৰো সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় প্ৰথমখন চেমি ফাইনেল। প্ৰথমখন চেমি ফাইনেল পি.এছ.এ মণিপুৰ আৰু এন. অফ.চি.চিৰ মাজত অনুষ্ঠিত হয়। খেলখনত এন. অফ.চি. চি দলে পি.এছ.এ মণিপুৰক ৪-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত খেলত প্ৰৱেশ কৰে।

তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত প্ৰথম ৬ মিনিটত পি.এছ. এ মণিপুৰে দুটাকৈ গ’ল কৰি এক প্ৰকাৰৰ ধাৰাশায়ী কৰি তুলিছিল এন. অফ.চি. চি ক। পৰৱৰ্তী সময়ত প্ৰথমাৰ্ধতে এন. অফ.চি. চিয়ে দুটি গ’ল কৰি সমতা স্থাপন কৰে। ইয়াৰ পিছত দ্বিতীয়াৰ্ধত এন. অফ.চি.চিয়ে পুনৰ দুটি গ’ল কৰি খেলখন সম্পূৰ্ণৰূপে নিজৰ হাতলৈ নিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত বৃহৎ চাইবাৰ জালিয়াতি চক্ৰ উৎখাত: আৰক্ষীৰ জালত ৩ অভিযুক্ত

বৰপেটা জিলা আৰক্ষীয়ে এক বৃহৎ সফলতা অৰ্জন কৰি জিলাখনত...

অসম ক্ৰিকেট সন্থাৰ উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ নিলামৰ বাবে খেলুৱৈৰ তালিকা যুগুত

অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ খেলুৱৈৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা...