নিশা হত্যা, পুৱা থানাত আত্মসমৰ্পণ তফিকুল আলীৰ

ৰঙিয়াত আন এক শিহৰণকাৰী হত্যাকাণ্ড। শুকুৰবাৰে নিশা প্ৰেয়সী চানিয়াৰা বেগমক হত্যা কৰি পুৱা থানাত আত্মসমৰ্পন তফিকুল আলী নামৰ এজন যুৱকৰ। এবছৰ পূৰ্বে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠা চানিয়াৰা আৰু তফিকুলৰ মাজত প্ৰায় ছমাহ পূৰ্বে হৈছিল বিয়া হোৱাৰ চুক্তি। প্ৰেমিক তফিকুলে দেখুৱাই দিয়া অনুসৰি কামৰূপ নলবাৰী সীমান্তৰ নোনা নৈৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে চানিয়াৰা বেগমৰ মৃতদেহ। চানিয়াৰাক কেৰালালৈ যাবলৈ লগ ধৰিছিল হেনো তফিকুলে। কিন্তু তফিকুলৰ প্ৰস্তাৱত চানিয়াৰা মান্তি নোহোৱাক লৈ দুয়োৰে মাজত হৈছিল কাজিয়া। তুলসীবাৰী আৰক্ষীৰ সন্মুখত প্ৰেমিক তফিকুলে প্ৰদান কৰা স্বীকাৰোক্তি অনুসৰি ডিঙি চেপি হত্যা কৰা হৈছিল যুৱতীগৰাকীক।

ৰঙিয়াত আন এক শিহৰণকাৰী হত্যাকাণ্ড
প্ৰেমিকে ডিঙি চেপি হত্যা কৰিলে প্ৰেয়সীক
নোনা নৈৰ পৰা উদ্ধাৰ নিহত চানিয়াৰা বেগমৰ মৃতদেহ
নিশা হত্যা, পুৱা থানাত আত্মসমৰ্পন তফিকুল আলীৰ
এবছৰে চানিয়াৰা-তফিকুলৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক
ছমাহ পূৰ্বে দুয়োৰে মাজত হৈছিল বিয়া হোৱাৰ চুক্তি

প্ৰেয়সীক হত্যা
ডিঙি চেপি প্ৰেয়সীক হত্যা কৰিলে প্ৰেমিকে।
নৃশংস হত্যাকাণ্ডক লৈ ৰঙিয়া তীব্ৰ চাঞ্চল্য।

শিহৰণকাৰী ঘটনাক লৈ শনিবাৰে বিয়লি ৰঙিয়া থানাত উত্তপ্ত পৰিবেশ। ৰঙিয়া আৰক্ষীৰ আবেষ্টনীত এইজন তফিকুল আলী। শুকুৰবাৰে নিশা দীৰ্ঘদিনীয়া প্ৰেয়সী চানিয়াৰা বেগমক অজ্ঞাত স্থানত হত্যা কৰি পুৱা ৰঙিয়াৰ তুলসীবাৰী আৰক্ষী থানাত আত্মসমৰ্পন কৰে তফিকুল আলীয়ে। বিয়লি পৰ্যন্ত নিহত চানিয়াৰা বেগমৰ কোনো সন্ধান পোৱা নাছিল আৰক্ষীয়ে। তাকে লৈ ৰঙিয়া থানাত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি। এফালে যদি উত্তেজনাপূৰ্ণ পৰিস্থিতি আনফালে নিখোঁজ চানিয়াৰাৰ পৰিয়ালৰ বৰ্ণনাতীত শোক। কান্দি কান্দি প্ৰায় অজ্ঞান হৈ পৰিছিল চানিয়াৰা বেগমৰ মাতৃ আৰু পৰিয়াল।

তাৰ পিছতে অভিযুক্ত তফিকুল আলীক স্বীকাৰোক্তিৰ ভিত্তিত তেওঁক লগত লৈ কামৰূপ নলবাৰী সীমান্তৰ নোনা নৈৰ পাৰত চানিয়াৰা বেগমৰ মৃতদেহৰ সন্ধানত চলিল মাৰাথন অভিযান। আৰু অৱশেষত নোনা নৈতে উদ্ধাৰ হ’ল তফিকুল আলীৰ প্ৰেয়সী চানিয়াৰা বেগমৰ মৃতদেহ। মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ ৰঙিয়া আৰক্ষীৰ।

প্ৰায় এবছৰ পুৰণি চানিয়াৰা-তফিকুলৰ প্ৰেমৰ সম্পৰ্ক। প্ৰায়েই মিলামিছা কৰে দুয়ো। দুয়োৰে পৰিয়ালেও জানিছিল প্ৰেমৰ এই সম্পৰ্কৰ কথা। সততে দুয়োকে একেলগে দেখি ৰাইজে এখন চুক্তি কৰি দিছিল। প্ৰায় ছমাহ পূৰ্বে চানিয়াৰা-তফিকুলৰ মাজথ হৈছিল বিয়া হোৱাৰ চুক্তি। চুক্তিৰ পিছত অধিক গাঢ় হৈছিল চানিয়াৰা-তফিকুলৰ প্ৰেমৰ সম্পৰ্ক।

শুকুৰবাৰে সন্ধিয়া আলহীৰ ঘৰলৈ আহিছিল দুয়ো।
পলম হোৱাত আলহীৰ ঘৰতে নিশা কটাব বুলি ঘৰত জনাইছিল।
পুৱা তুলসীবাৰী থানাত আত্মসমৰ্পন কৰে তফিকুলে।
আৰক্ষীক কয়- মোৰ প্ৰেয়সী চানিয়াৰাক মই হত্যা কৰিছোঁ।

এই ঘটনাৰ পিছত অভিযুক্ত তফিকুল আলীক ৰঙিয়া আৰক্ষী থানালৈ অনা হয়। ৰঙিয়া থানাত তফিকুলক মাৰাথন জেৰা কৰে আৰক্ষীয়ে। অভিযুক্তৰ স্বীকাৰোক্তি অনুসৰি চানিয়াৰাক কেৰালালৈ যাবলৈ লগ ধৰিছিল তফিকুলে। কিন্তু তফিকুলৰ এই প্ৰস্তাৱত মান্তি নহ’ল চানিয়াৰা। তাকে লৈ শুকুৰবাৰে নিশা দুয়োৰে মাজত কাজিয়া হৈছিল। চানিয়াৰাক শাৰিৰীকভাৱে প্ৰহাৰ কৰিছিল তফিকুলে। তফিকুলকো প্ৰহাৰ কৰিছিল চানিয়াৰাই। তেতিয়াই খঙত হিতাহিত জ্ঞান হেৰুৱাই চানিয়াৰাক ডিঙি চেপি হত্যা কৰে তফিকুলে। এই প্ৰতিবেদন প্ৰস্তুত কৰালৈ চানিয়াৰা বেগম হত্যাৰ অভিযোগত প্ৰেমিক তফিকুল আলীক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰিছে ৰঙিয়া আৰক্ষীয়ে। শনিবাৰে আদালতত হাজিৰ কৰা হ’ব তফিকুল আলীক। মৰোণত্তৰ পৰীক্ষাৰ পিছত নিহত চানিয়াৰাৰ মৃতদেহ গটাই দিয়া হ’ব পৰিয়ালক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...