দিল্লী আৰক্ষীৰ জিম্মাত স্বাতীৰ ‘নিৰ্যাতনকাৰী’ কেজৰিৱালৰ ব্যক্তিগত সচিব

স্বাতী মালিৱালক মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা উলিয়াই দিয়াৰ দৃশ্য ফাদিল
বিজেপিৰ ৰাজনৈতিক ‘ষড়যন্ত্ৰ’ৰ বিৰুদ্ধে সৰৱ আপ
আপৰ অভিযোগ নসাৎ কৰিলে জেপি নাড্ডাই

ৰাজ্যসভাৰ সাংসদ দিল্লী মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষা স্বাতী মালিৱালক প্ৰহাৰ কৰা মুখ্যমন্ত্ৰী কেজৰিৱালৰ ব্যক্তিগত সচিব বিভৱ কুমাৰক জিম্মাত লৈছে দিল্লী আৰক্ষীয়ে। বিভৱ কুমাৰক দিল্লী আৰক্ষীয়ে জেৰা চলাই থকাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাসগৃহটো গৈ উপস্থিত হৈছে আৰক্ষী। স্বাতী মালিৱালক লগত লৈ কেজৰিৱালৰ বাসগৃহত উপস্থিত হয় আৰক্ষীৰ দল। কিন্তু হঠাৎ আপে স্বাতী মালিৱালক বিজেপিৰ এজেণ্ট সজাই সমগ্ৰ ঘটনাক নাটক আখ্যা দিছে। ১৩ মে’ত সংঘটিত হোৱা ঘটনাক লৈ আপে স্থিতি সলনি কৰিছে। সাংসদ সঞ্জয় সিঙে স্বাতী মালিৱালক আক্ৰমণ কৰা বিভৱ কুমাৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ কথা কৈছিল।

কিন্তু শেহতীয়াকৈ আপে স্থিতি সলনি কৰিছে। স্বাতী মালিৱালক বিজেপিৰ এজেণ্ট আৰু স্বাতীৰ বিৰুদ্ধে থকা অভিযোগক লৈয়ে বিজেপিয়ে স্বাতীক ব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে আপে। এনে অভিযোগ–প্ৰতিঅভিযোগৰ পিছত বিভ্ৰান্ত হৈছে সাধাৰণ লোক। আপৰ অভিযোগ নসাৎ কৰিলে জেপি নাড্ডাই।

প্ৰশ্ন উঠিছে – কোন সঁচা, কোন মিছা?
স্বাতীৰ অভিযোগ সঁচা নে আপে দেখুওৱা ভিডিঅ’ই সঁচা?

ইয়াৰ মাজতে কেজৰিৱালৰ বাসগৃহৰ পৰা স্বাতী মালিৱালক নিৰাপত্তাৰক্ষীয়ে বলপূৰ্বকভাবে উলিয়াই দিয়াৰ দৃশ্য প্ৰকাশ পাইছে। মুঠতে স্বাতী মালিৱাল কাণ্ডক লৈ উত্তাল হৈছে দিল্লীৰ ৰাজনীতি। আপৰ অভিযোগ এয়া বিজেপিৰ ষড়যন্ত্ৰ। অৰবিন্দ কেজৰিৱাল কাৰাগাৰৰ পৰা ওলোৱাৰ পিছৰে পৰা বিজেপিয়ে দিকবিদিক হেৰুৱাই কেজিৰাৱালক বদনাম কৰিবলৈ নাটক ৰচনা কৰাৰ অভিযোগ আপৰ। ইয়াৰ মাজতে দিল্লী আৰক্ষীয়ে চলাই আছে তদন্ত। ১৩ মে’ত স্বাতী মালিৱালে আক্ৰমণ কৰাৰ ঘটনা প্ৰকাশ পোৱাৰ পিছৰে পৰা চলি আছে অভিযোগ– প্ৰতিঅভিযোগ। শুকুৰবাৰে পাঞ্জাবত আটক কৰা হৈছে অভিযুক্ত বিভৱ কুমাৰক। শনিবাৰে বিভৱক দিল্লী আৰক্ষীয়ে জিম্মাত লৈছে। এই ঘটনা ক্ৰমে এতিয়া কি ৰূপ লয় সেয়াহে লক্ষণীয় হ’ব।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ। অভিযুক্ত জোঁৱাই...

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয় দিৱস

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয়...

পখিলাৰ প্ৰেমত এজন আৰক্ষীৰ জোৱান ‌‌

আপোনাৰ বাৰু প্ৰকৃতিৰ প্ৰতি কিমান প্ৰেম আছে? কোৱা হয়,...

নাই বুলিয়েই নোহোৱা হৈ গ’ল ৰমেন দা

২২ জুলাইৰ পৰা ১টা ২টা কৈ ১০০টা ঘণ্টা পাৰ...