আকৌ পাৱাৰলুমৰ গামোচা, আকৌ অভিযান

গামোচা অসমীয়াৰ স্বাভিমান আৰু আৱেগ। গামোচাৰ আছে জি আই টেগ। অৰ্থাৎ হস্তশিল্পৰ চানেকি গামোচা ভৌগোলিকভাৱে অসমৰ সামগ্ৰী বুলি স্বীকৃত। কিন্তু বিহুৰ বতৰত পুনৰ আহিছে আমদানিকৃত পাৱাৰলুমৰ গামোচাৰ প্ৰসংগ। বজাৰ ভৰিছে পাৱাৰলুমৰ গামোচাৰে।

আকৌ পাৱাৰলুমৰ গামোচা, আকৌ অভিযান
ফাঁচীবজাৰৰ দোকানত, পদপথত অভিযান

অভিযান চলিল হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ। ৰঙালী বিহু আহিছে। বিহুৰ বতৰত বিহুৱান অৰ্থাৎ গামোচাৰ চাহিদা বাঢ়ি যায়। বিহুৰ বতৰত প্ৰত্যেকঘৰ অসমীয়াকে গামোচা লাগে। কিন্তু তেনেই কমসংখ্যক লোকেহে প্ৰয়োজনীয় গামোচা ঘৰত তৈয়াৰ কৰি লয়। বিছে সংখ্যক লোকে দোকানৰ পৰা, বজাৰৰ পৰা কিনে গামোচা। গামোচাৰ এনে চাহিদাৰ, প্ৰয়োজনীয়তাৰ সুবিধা লয় একাংশ অসাধু ব্যৱসায়ীয়ে। বজাৰলৈ উলিয়াই দিয়ে পাৱাৰলুমৰ গামোচা। অথচ পাৱাৰলুমৰ গামোচা বিক্ৰীত নিষেধাজ্ঞা দি থৈছে চৰকাৰে। যোৱা বছৰ ব’হাগ বিহু সময়ত খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছিল পাৱাৰলুমৰ গামোচা বিক্ৰী বন্ধ কৰিবলৈ। দোকানে–দোকানে চলিছিল অভিযান। ব্যতিক্ৰম নহ’ল এইবাৰো। হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ দুই বিষয়াৰ নেতৃত্বত ৯ জনীয়া দল এটাই ফাঁচী বজাৰৰ দোকানত, পদপথত চলালে অভিযান।

১৯৮৫ চনৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সুৰক্ষা আইনৰ মতে পাৱাৰলুমৰ গামোচা বিক্ৰী কৰিব নোৱাৰে। গতিকে এই অভিযান চলাই যিবোৰ গামোচা জব্দ কৰা হৈছে সেইবোৰ টেক্সটাইল লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ’ব। পাৱাৰলুমৰ বুলি প্ৰমাণ হ’লে আইনগত ব্যৱস্থা লোৱা হ’ব।

দোকানত, গুদামত, পদপথৰ বিক্ৰেতাৰ ওচৰত চলিল অভিযান। জব্দ হ’ল বহু গামোচা। এই অভিযানৰ পাছত আৰু পাৱাৰলুমৰ গামোচা বিক্ৰী নহ’ব বুলি আশাবাদী হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ বিষয়াসকল। তাৰ সলনি থলুৱা শিপিনীয়ে প্ৰস্তুত কৰা গামোচা কিনিবলৈ আহ্বান তেওঁলোকৰ।

হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মতে চৰকাৰৰ স্বনিৰ্ভৰ আঁচনিৰ জৰিয়তে থলুৱাভাৱে বহুত গামোচা উৎপাদন হয়। সেইবোৰ কিনিব লাগে। বিভাগৰ প্ৰতিখন জিলা, মহকুমাৰ কাৰ্যালয়ত আছে চেল কাউণ্টাৰ। সেই কাউণ্টাৰলৈ গৈ থলুৱাভাৱে উৎপাদিত গামোচা কিনিবলৈ আহ্বান বিষয়াৰ।

পিছে এই অভিযান আৰু আহ্বানৰ পিছত পাৱাৰলুমৰ গামোচা বিক্ৰী বন্ধ হ’বনে নহয় সেয়াহে হ’ব লক্ষণীয়। কিন্তু আচলতেই পাৱাৰলুমৰ গামোচা বজাৰৰ পৰা নাইকিয়া কৰাটো সম্ভৱনে? থলুৱাভাৱে তাঁতশালত উৎপাদিত গামোচাই বিশাল চাহিদা পূৰণ কৰিবলৈ সমৰ্থনে? এটা কথা ঠিক যে– এটা সময়ত তাঁতশালখন প্ৰতিঘৰ অসমীয়াৰ অভিন্ন অংগ আছিল। ঘৰৰ বাৰান্দাত, পাছচোতালত বা ভঁৰালৰ কাষত এখন বা দুখনকৈ তাঁতশাল আছিল। পুৱা, আবেলি সেই তাঁতশালত ব্যস্ত হৈ পৰিছিল ঘৰৰ জীয়ৰী–বোৱাৰী। মেখেলা–চাদৰকে ধৰি বৈ লৈছিল প্ৰয়োজনীয় কাপোৰখিনি। ফাগুণ, চ’ত মাহত সেই তাঁতশালত কেৱল গামোচা বোৱাৰ কাম চলিছিল। উদ্দেশ্যে আছিল ৰঙালী বিহু। গামোচাৰ চাহিদা তেতিয়াও আছিল এতিয়াও আছে। বৰঞ্চ আগতকৈ বেছি বাঢ়িছেহে। কিয়নো বৰ্তমান সময়ত কেৱল বিহুতেই নহয়, বাৰটা মাহত বিভিন্ন ঠাইত হৈ থকা শ শ অনুষ্ঠানৰ বাবে হাজাৰ হাজাৰ গামোচা লাগে। পিছে আগৰ দৰে গাঁৱৰ সেই তাঁতশাল নোহোৱা হ’ল। গাঁৱৰ অধিকাংশ লোকেই নিজে বোৱাৰ সলনি গামোচা বজাৰৰ পৰা, দোকানৰ পৰা কিনি অনা হ’ল। ৰঙালীৰ বতৰত গাঁৱে-ভূঞে অনুষ্ঠিত হোৱা প্ৰাক ৰঙাী মেলাৰ বিপণিত গামোচা বিচাৰি হোৱা ভিৰেই তাৰ প্ৰমাণ। অৱশ্যে বহুতে ব্যৱসায় ভিত্তিত তাঁতশাল স্থাপন কৰি বহু শিপিনী নিয়োগ কৰি গামোচা উৎপাদন কৰি আহিছে যদিও সিয়ে ৰাজ্যৰ ব্যাপক চাহিদা পূৰণ কৰিব নোৱাৰে। তাৰোপৰি সূতাৰ বৰ্ধিত দাম, তাঁতশালত উৎপাদিত গামোচাৰ উৎপাদন ব্যয় বৃদ্ধিৰ বাবেও এনে থলুৱা গামোচাৰ দাম কিছু বেছি হয়। যাৰ বাবে ইচ্ছা থাকিলেও বহুতে কিনিব নোৱাৰি কম মূল্যতে পোৱা পাৱাৰলুমৰ গামোচা বিচাৰে। থলুৱাভাৱে উৎপাদিত এখন গামোচা আজিৰ তাৰিখত যদি ১৪০-১৫০ টকা নূন্যতম হয়, তেন্তে বহিৰাজ্যৰ পাৱাৰলুমৰ গামোচা ৫০-৬০ টকাতে পায়। গতিকে বহুতে কাম চলাবলৈ হৈ যাব বুলি ভাবি তেনে গামোচা ক্ৰয় কৰে। ইয়াৰ সুবিধা লয় বহিৰাজ্যৰ বিয়াগোম বস্ত্ৰ ব্যৱসায়ীৰ লগতে ৰাজ্যৰ একাংশ অসাধু ব্যৱসায়ীয়ে। যাৰ বাবে ৰাজ্যৰ বজাৰত বিহুৰ সময়ত ভৰি পৰে পাৱাৰলুমৰ গামোচাৰে। এই ক্ষেত্ৰত অভিযোগ উঠে বিভাগীয় একাংশ বিষয়ালৈও। কাৰণ বিহুল বতৰত চমক দিবলৈ অভিযান চলাই ঠিকেই, বাকী সময়খিনি বহি থাকে। এইক্ষেত্ৰত অসাধু ব্যৱসায়ীৰ সৈতে এনে বিষয়াৰ গোপন মিতিৰালি থকা বুলিও প্ৰায়ে অভিযোগ উঠে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...