পুনৰ ডিমা হাচাওত অঘটন, প্রবল বৃষ্টিৰ পাছত বান

মুষলধাৰ বৰষুণৰ পাছত নামিছে বানৰ ধল

প্রবল বৃষ্টিপাতৰ ফলত ব্যাহত হ’ল পথ-ৰে’ল যোগাযোগ

বোকাত ডুব গৈছে ৰে’লৰ কেইবাটাও টানেল

ডিমা হাচাওত পুনৰ ৰুদ্রৰূপ লৈছে প্রকৃতিয়ে। প্রচণ্ড বৰষুণৰ পাছত আকৌ এবাৰ প্রাকৃতিক বিপৰ্যয়ৰ গ্ৰাসত পৰিছে পাৰ্বত্য জিলাখন। পথ আৰু ৰে’ল যোগাযোগ ব্যাহত হোৱাৰ ফলত ডিমা হাচাও জিলাৰে ব্রহ্মপুত্র আৰু বৰাক উপত্যকাৰ যোগাযোগ বিচ্ছিন্ন হৈছে। কেইবা স্থানতো ভূমিস্খলনৰ ফলত পথ যোগাযোগ ব্যাহত হৈ পৰিছে। আনহাতে কেইবা স্থানতো ৰে’ল পথৰ ওপৰত পানী আৰু বোকা জমা হোৱাৰ ফলতো ৰে’ল যোগাযোগো ব্যাহত হৈ পৰিছে।  

নিউ জাতিংগা-বদৰপুৰৰ মাজৰ কেইবা স্থানত পানীয়ে ছিঙিলে পথ

পানীয়ে বুৰাই পেলালে ৰে’ল পথৰ ১৪ নং টানেল

বিদ্যুৎ পৰিসেৱাও হৈছে বিঘ্নিত, মাইবঙত উভালি পৰিল বিদ্যুতৰ খুঁটা

এই বিস্ফোৰণৰ ফলত হাফলং চহৰৰ পৰিস্থিতিও শোচনীয় হৈ পৰিছে। চহৰখনৰ বিভিন্ন প্রান্তত নামিছে পানীৰ ধল। হাফলং লেকৰ বাঢ়নী পানীয়ে বুৰাইছে চহৰখনৰ বিভিন্ন প্ৰান্ত। চহৰখনৰ কনভেণ্ট ৰোডত লেকৰ পৰা ওলাই অহা পানীৰ ফলত কৃত্ৰিম বান।

হাফলং ৰাম নগৰত বহু ঘৰ হ’ল ক্ষতিগ্রস্ত

জাতিংগা-হাৰাংগাঝাওৰ মাজত ৰাষ্ট্ৰীয় পথৰ ওপৰত পানী

ব্যাহত হ’ল ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি যাতায়াত

যোৱা বছৰো মুষলধাৰ বৃষ্টিয়ে পাৰ্বত্য জিলাখনত কৰিছিল ব্যাপক ক্ষতি। জিলাখনৰ আন্তঃগাঁথনিৰ হৈছিল বিস্তৰ ক্ষতিসাধন। পুনৰ বৰষুণসৃষ্ট পাৰ্বত্য জিলাখনত সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতিৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...

Exclusive | দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ সবিশেষ

CC কেমেৰাত দিল্লী বিস্ফোৰণত ব্যৱহৃত হ্যুণ্ডাই i20 বাহনৰ দৃশ্য।...