অসমৰ পৰিৱেশবিদ ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় হুইটলী গ’ল্ড এৱাৰ্ড

অসমৰ পৰিৱেশবিদ ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় হুইটলী গ’ল্ড এৱাৰ্ড
গ্ৰীন অস্কাৰ গ’ল্ড এৱাৰ্ডৰূপেও খ্যাত এই বঁটা আগবঢ়াইছে হুইটলী ফাউণ্ডেশ্যনে
পৰিৱেশ খণ্ডত গ্ৰীন অস্কাৰ গ’ল্ড এৱাৰ্ড হৈছে সৰ্বোচ্চ বঁটা
লণ্ডনত আয়োজিত এক অনুষ্ঠানত বুধবাৰে নিশা এই বঁটা প্ৰদান কৰে প্ৰিন্সেছ ANNEএ
হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ বাবে ড০ পূৰ্ণিমালৈ এই বঁটা

এবিধ দুষ্প্ৰাপ্য পক্ষী হাড়গিলাৰ সংখ্যা বি্শ্বত উদ্বেগজনকভাৱে হ্ৰাস পাইছে। বৰ্তমান বিশ্বত হাড়গিলাৰ সংখ্যা ১২০০ৰো কম হ’ব। অসমৰ লগতে বিহাৰ আৰু কম্বোডিয়াত হাড়গিলাৰ বসতিস্থল আছে বুলি জনা যায়। গুৱাহাটী মহানগৰীৰ দাঁতিকাষৰীয়া দদৰা-পচৰীয়াত দীৰ্ঘদিন ধৰি হাড়গিলাই বাঁহ পাতি বাস কৰি আহিছে। এই দুষ্প্ৰাপ্য পক্ষীবিধৰ সংৰক্ষণৰ কাৰণে ১০ সহস্ৰাধিক মহিলাক লৈ এক বিৰল পৰিৱেশ আন্দোলন গঢ় দিছে অসমৰ এগৰাকী পৰিৱেশবিদ ড০ পূৰ্ণিমা দেৱী বৰ্মনে।

দদৰা-পচৰীয়াৰ ‘হাড়গিলা আৰ্মী’ৰ পৰিৱেশ আন্দোলনে পালে আন্তৰ্জাতিক স্বীকৃতি
‘হাড়গিলা আৰ্মী’ৰ নেতৃত্বত হাড়গিলা বাইদেউৰূপে প্ৰখ্যাত ড০ পূৰ্ণিমা দেৱী বৰ্মন
ড০ পূৰ্ণিমা দেৱী বৰ্মনে লাভ কৰিলে বিশ্বৰ পৰিৱেশ খণ্ডৰ শ্ৰেষ্ঠতম বঁটা

হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট অৰিহণাৰ বাবে ড০ পূৰ্ণিমা দেৱী বৰ্মনক এই বঁটাৰ বাবে বাছনি কৰে হুইটলী নেচাৰ ফাউণ্ডেশ্যনে। বুধবাৰে লণ্ডনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড০ বৰ্মনক এই বঁটা প্ৰদান কৰা হয়। ড০ পূৰ্ণিমাক এই বঁটা প্ৰদান কৰে ব্ৰিটিছ ৰাজপৰিয়ালৰ সদস্য তথা কুইন এলিজাবেথৰ একমাত্ৰ কন্যা প্ৰিন্সেছ এনীয়ে। বঁটা প্ৰদানৰ পূৰ্বে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক ফুলাম গামোচা ড০ পূৰ্ণিমাই প্ৰদান কৰে প্ৰিন্সেছ এনীক। এই বঁটা হিচাপে ড০ বৰ্মনে লাভ কৰে ১ লাখ পাউণ্ড পৰিমাণৰ আৰ্থিক পুৰষ্কাৰ। ইয়াৰ পূৰ্বে ড০ পূৰ্ণিমা দেৱী বৰ্মনে লাভ কৰিছিল পৰিৱেশ খণ্ডৰ কেইবাটাও শীৰ্ষ বঁটা।

২০১৬ত ৰাষ্ট্ৰপতিয়ে ড০ পূৰ্ণিমাক প্ৰদান কৰিছিল নাৰী পুৰষ্কাৰ বঁটা
২০১৭ত তেওঁ লাভ কৰিছিল গ্ৰীন অস্কাৰ বঁটাৰূপে প্ৰখ্যাত হুইটলী বঁটা
২০২২ত লাভ কৰিছিল ৰাষ্ট্ৰসংঘৰ UN Environment Champions of the Earth ‍বঁটা

২০২৪ চনৰ গ্ৰীন অস্কাৰ গ’ল্ড বঁটা লাভ কৰি জীৱন ধন্য হোৱা বুলি উল্লেখ কৰে ড০ পূৰ্ণিমা দেৱী বৰ্মনে। এই বঁটা প্ৰাপ্তিৰ বাবে অসমৰ জনসাধাৰণৰ লগতে হাড়গিলা আৰ্মীৰ প্ৰতিগৰাকী সদস্য তথা সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰে। পূৰ্ণিমাৰ এই বঁটা প্ৰাপ্তিয়ে নিসন্দেহে ৰাজ্যৰ পৰিৱেশ আন্দোলনত এক নতুন গতি দিয়াব বুলি আশা কৰা যায়। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী, সৰ্বানন্দ সোণোৱাল আদিয়েও ড০ পূৰ্ণিমা দেৱী বৰ্মনক এই বঁটা লাভ কৰাৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Seven Rescued Golden Langurs Released Back into the Wild at Sikhna Jwhwlao National Park, says Assam Forest Jayanta Mallabaruah

Assam Forest Minister Jayanta Mallabaruah has announced the successful...

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

IAS এছ আব্বাছিক জলসিঞ্চন বিভাগৰ বিশেষ মুখ্য সচিবৰ দায়িত্বগৃহ...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাবে সুখবৰ; Quality Council of Indiaৰ পৰা লাভ কৰিলে বিশেষ স্বীকৃতি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ৰ বাবে আহিল এটা অত্যন্ত গুৰুত্বপূৰ্ণ...