অনুৰ্দ্ধ-১৬ ক্ৰিকেট: বাংলাদেশ ভ্ৰমণৰ প্ৰথম খেলত ৮ উইকেটত জয়ী অসম

জুলিয়েনৰ শতৰানসহ দুৰন্ত বেটিঙৰ সহায়েৰে বাংলাদেশ ভ্ৰমণৰত অসমৰ ১৬ বছৰৰ ক্ৰিকেট দলটো প্ৰথমখন খেলত ৮ উইকেটত জয়ী হৈছে । ৰাজশাহী নগৰীত বাংলাদেশৰ ১৫ অনুৰ্দ্ধ দলৰ বিৰুদ্ধে হোৱা তিনিদিনীয়া খেলখনত জয়ৰবাবে অসমক দ্বিতীয় ইনিংছত ১৪৩ ৰানৰ প্ৰয়োজন হৈছিল, যিটো তেওঁলোকে ২৮-১ অভাৰত দুটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে । ভ্ৰমণকাৰী দলৰহৈ অপেনাৰ জুলিয়েনে অপৰাজিত ৬৫ আৰু অধিনায়ক অমন যাদৱে অপৰাজিত ৫০ ৰান কৰে । প্ৰথম ইনিংছত ১২২ ৰান কৰা জুলিয়েনে লাভ কৰে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান ।

উল্লেখৰ প্ৰয়োজন, প্ৰথম ইনিংছত অসম ১২ ৰানত আগবাঢ়ি আছিল । দ্বিতীয় ইনিংছতো অসমৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত ঘৰুৱা দলটোৱে ৫৭-৪ অভাৰত, ১৫৪ ৰান কৰিয়েই অল-আউট হয় । অসমৰহৈ ৰাহুল তামূলীয়ে ৩০ ৰানত সৰ্বাধিক তিনিটা উইকেট লাভ কৰে । অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক ত্ৰিদিৱ কোঁৱৰে বিদেশৰ মাটিত উঠি অহা খেলুৱৈসকলে দাঙি ধৰা এই প্ৰদৰ্শনক ভূয়সী প্ৰশংসা কৰিছে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বৰ একমাত্ৰ দ্বীপ; য’ত ৬ মাহ ফ্ৰান্স আৰু ৬ মাহ স্পেইনৰ শাসন চলে

ইউৰোপত এনে এক অদ্ভূত নদী দ্বীপ আছে, য’ত শতিকা...

কেতিয়াবা বন্ধুত্ব, কেতিয়াবা সংঘাত: কিয় ইমান জটিল পাকিস্তান আৰু ইৰানৰ সম্পৰ্ক?

পাকিস্তানৰ সেনা প্ৰধান ফিল্ড মাৰ্শ্বাল আছিম মুনীৰে ইৰান আৰু...