যোৰহাটৰ জনতাৰ খং উঠিছে… খং যোৰহাট আৰক্ষীৰ ওপৰত

0 1,834

যোৰহাটৰ জনতাৰ খং উঠিছে। খং যোৰহাট আৰক্ষীৰ ওপৰত। কান্দি কান্দি এগৰাকী মহিলাই ন্যায় বিচাৰিছে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ পৰা। কাৰণ যোৰহাট আৰক্ষীয়ে সংঘটিত কৰিলে এটা অমানৱীয় ঘটনা। অসমত এতিয়া গৰু-ম’হতকৈও কম নেকি মানুহৰ মূল্য। যোৰহাটত ঘটা ঘটনাৰ বিৱৰণী শুনিলে আপোনাৰ মনলৈও সেই প্ৰশ্নই আহিব। এজন যুৱকৰ শৰীৰত দাগ দি অসম আৰক্ষীয়ে দিলে অস্তিত্বৰ চিন। নিৰীহৰ শৰীৰত আঘাত কৰি আৰক্ষীয়ে যেন জাহিৰ কৰিছে আমি আছোঁ। যুৱকজনে শৰীৰত পোৱা ঘাঁবোৰে যেন স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীৰ আহ্বান অনুসৰি আৰক্ষীয়ে জনতাৰে কিমান বন্ধুসুলভ আচৰণ দেখুৱাইছে। এয়া জনহিত, জনসেৱাৰ্থে শ্লোগানক হাতে-কামে কাৰ্যকৰী কৰাৰ নিদৰ্শন নেকি অসম আৰক্ষীৰ প্ৰশ্ন কৰিছে বহুতে। বহুতেই এই ঘটনাক ধিক্কাৰ দিছে। প্ৰশ্ন কৰিছে আৰক্ষীনো এনেকুৱানে! ঘটনাৰ বিৱৰণী শুনক। যোৰহাটত চলিছে গৰু চোৰৰ সন্ত্ৰাস। আৰক্ষীৰ নাকৰ তলেৰেই চোৰাং গৰু-মহৰ গাড়ী গুছি যায়। নাক বজাই শুই থাকে যোৰহাট আৰক্ষী। অভিযোগ বহু পুৰণি। যোৰহাটত চুৰি-ডকাইতিৰ ঘটনাও সঘনে ঘটিছে। হাতী চোৰ সাৰি যায়, বেজি চোৰক কিলাই যোৰহাট আৰক্ষীয়ে। এইবাৰ তাতোকৈ ভয়ানক কাণ্ড সংঘটিত কৰিলে খাকী পোছাকধাৰীয়ে। গৌতম লিখক নামৰ যুৱকজনৰ ঘৰ যোৰহাটৰ এলেংমৰাত। কিছুদিন পূৰ্বে এলেংমৰাৰ কাষৰীয়া এখন গাঁৱৰ পৰা চুৰি হৈছিল কেইবাটাও পশুধন। সেই ঘটনাক লৈয়ে গৰাকীয়ে দাখিল কৰিছিল এজাহাৰ। গৌতম লিখক নামৰ যুৱকজনে যোৰহাটৰ এটা কোম্পানীত কেয়াৰটেকাৰ হিচাপে কাম কৰে। মঙলবাৰে দিনৰ ভাগত কাৰ্যালয়লৈ গৈ যুৱকজনক উঠাই আনিলে আৰক্ষীয়ে। আৰক্ষীৰ সন্দেহ পশুধন চুৰিত জড়িত আছিল যুৱকজন। যোৰহাটৰ ISBT আৰক্ষী চকীৰ কেইজন মান আৰক্ষীয়ে যুৱকজনক লৈ আনিলে। তাৰ পাছত সন্ধিয়াৰ পৰা নিশালৈ যুৱকজনক গুৰুলাগুৰলকৈ প্ৰহাৰ কৰিলে। চৰ, ঘোচা, লাঠী, গোৰ। একপ্ৰকাৰ আৰক্ষীৰ দলবন্ধ আক্ৰমণ চলিল যুৱকজনৰ ওপৰত। ISBT আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুকন্যা বাইলুঙে চুলিত ধৰি চোঁচৰালে যুৱকজনক। হেণ্ডকাফ লগাই চকীত বান্ধি পিটিলে গৌতম লিখকক। বাৰেবাৰে যুৱকজনে পানী বিচাৰিলে। কিন্তু খাবলৈ এটুপি পানীও নিদিলে আৰক্ষীয়ে। কেমেৰাৰ সন্মুখত অভিযোগ যুৱকজনৰ।

যুৱকজনৰ শৰীৰৰ এনে এটা অংশ নাই য’ত নাই আঘাতৰ চিন নাই। সন্ধিয়া ৬ বজাৰ পৰা নিশা ১ বজালৈ আৰক্ষীয়ে প্ৰহাৰ কৰিলে যুৱকজনক। লেবেজান হৈ ঘৰলৈ অহা স্বামীক দেখি কান্দোনত ভাগি পৰিল পত্নী। কান্দি কান্দি গৌতমৰ পত্নীৰ প্ৰশ্ন এয়া কেনেকুৱা ন্যায়, কেনেকুৱা বিচাৰ। হাহাকাৰ কৰিছে দুৰ্ভগীয়া মহিলাগৰাকীয়ে।

দুৰ্ভগীয়া পৰিয়ালটোলে কাকূতি কৰিছে মুখ্যমন্ত্ৰীক। গৌতম লিখকে সৰুতেই হেৰুৱাইছিল পিতৃক। কিছুবছৰ পূৰ্বে মৃত্যু হৈছে গৌতমৰ মাতৃৰো। আছে পত্নী আৰু তিনিবছৰীয়া সন্তান। অকথ্য নিৰ্যাতনৰ পাছত এতিয়া শাৰীৰিক, মানসিকভাবে ভাগি পৰিছে বিশেষভাবে সক্ষম গৌতম লিখক। ইমান অমানৱীয় অত্যাচাৰ কিয়। ক্ষোভত ফাটি পৰিছে আত্মীয়, ওচৰ-চুবুৰীয়া। সকলোৰে দাবী, ন্যায় লাগে।

ক্ষুব্ধ ৰাইজ। কেনে ঘটনা ঘটিছে এয়া। আইন হেনো সকলোৰ বাবে সমান। আৰক্ষী হেনো জনতাৰ বন্ধু হব লাগে। তেন্তে এয়া কি ঘটনা ঘটিছে যোৰহাটত। অসম আৰক্ষীৰ শ্লোগান জনহিত, জনসেৱাৰ্থে তেন্তে আৰক্ষীয়ে কিয় সংঘটিত কৰিলে এই ঘটনা। আৰক্ষী মানেইতো আইনৰ ৰক্ষক। অন্যাই অবিচাৰ হলে জনতা কাষ চাপে আৰক্ষীৰ। ন্যায় পোৱাৰ আশাত দৌৰ মাৰে খাকী পোছাকধাৰীৰ কাষলৈ। যদি আৰক্ষীৰ কাম সমাজত শান্তি প্ৰতিষ্ঠা, অন্যায় অবিচাৰ ৰোধেই হয় তেন্তে এই ঘটনা কিয়। মুখ্যমন্ত্ৰী-আৰক্ষী সঞ্চালকপ্ৰধানলৈ কাতৰ আহ্বান পৰিয়ালটোৰ। আমাক ন্যায় দিয়ক।

Leave A Reply

Your email address will not be published.