দুটি বিপৰীত বিচাৰধাৰাৰ এখন চলচ্চিত্ৰ

0 138

‘পঠান’ক লৈ হাহাকাৰ চলি থকা সময়ত ২৬ জানুৱাৰী তাৰিখে মুক্তি পোৱা এখন চলচ্চিত্ৰ যেন অথলে গ’ল । ‘ডামিনী’,’ঘায়ল’,’দ্য লেজেণ্ড অফ ভগৎ সিং’,’চাইনা গেট’ৰ দৰে দুৰ্দান্ত চলচ্চিত্ৰৰ নিৰ্মাতা পৰিচালক ৰাজকুমাৰ সন্তোষীৰ নতুন চলচ্চিত্ৰ এখন- “গান্ধী গডছে- এক যুদ্ধ” । নাথুৰাম বিনায়ক গডছেৰদ্বাৰা গুলিবিদ্ধ হোৱাৰ পাছতো মহাত্মা গান্ধী জীৱিত অৱস্থাত থাকিলে কি হ’ল হয় আৰু গডছেৰ লগত গান্ধীৰ কথোপকথন সমৃদ্ধ অল্প সত্য কল্পনাৰ সংমিশ্ৰণেৰে নিৰ্মিত এখন চলচ্চিত্ৰ(ভাল/বেয়া কোৱাটো কঠিন)।নামটোৱে বুজোৱা মতেই চলচ্চিত্ৰখন মূলতঃ দুটা চৰিত্ৰক  কেন্দ্ৰ কৰি বনোৱা হৈছে যদিও সহ: অভিনয়ত এহাল প্ৰেমিক-প্ৰেমিকা আৰু কেমিঅ’ ভূমিকাত তেতিয়াৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল, শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদ, আইন মন্ত্ৰী ড° ভীমৰাও আম্বেদকাৰ আদিকে ধৰি কেইবাজনো সেই সময়ৰ শক্তিশালী ৰাজনৈতিক নেতাক ৰখা হৈছে ।মহাত্মা গান্ধীৰ অভিনয় বহু ভাৰতীয় চলচ্চিত্ৰ, ধাৰাবাহিক আৰু ৱেব ছিৰিজত দেখা গৈছে । ক’ৰবাত গান্ধীক বেছি বৃদ্ধ দেখোৱা হৈছে,ক’ৰবাত জোখতকৈ অলপ বেছি ডেকা বয়সৰ যিয়ে একে উশাহতে বহুত ক’ব পাৰে ।এই চলচ্চিত্ৰখনত মহাত্মা গান্ধীৰ চৰিত্ৰটো সুন্দৰকৈ ফুটাই তোলা হৈছে বুলি ক’বই লাগিব; কাৰণ গান্ধীৰ চৰিত্ৰত অভিনয় কৰা দীপক অন্টানিয়ে গান্ধীৰ সংলাপ কোৱা শৈলীৰ লগতে হাঁহিটোও মহাত্মা গান্ধীৰ দৰে কৰাবলৈ চেষ্টা কৰিছে আৰু অলপ সময়ৰ বাবেও দৰ্শকক গান্ধীৰ বাদে বেলেগক মনলৈ আনিবলৈ দিয়া নাই যেন অনুভৱ হয় । নাথুৰাম গডছেৰ বিষয়ে সমাজত চৰ্চা যিহেতু কম এই চৰিত্ৰটিৰ ৰূপায়ণত হোৱা ত্ৰুটিবোৰ বিশেষজ্ঞবোৰে সহজেই উলিয়াব পাৰিব । তথাপিও ‘দ্য কাশ্মীৰ ফাইলছ’ ৰ ‘বিত্তা কাৰাটে’ৰ দৰে খলনায়কৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মনত নিজলৈ ঘৃণা জন্মোৱা অভিনেতা চিণ্ময় মাণ্ডলেকাৰে তাতকৈ অলপ পৃথক চৰিত্ৰ নাথুৰাম গডছেত নিজৰ অভিনয়ৰ সুন্দৰ প্ৰদৰ্শন কৰিছে আৰু দৰ্শকক পূৰ্বতকৈ বেলেগ সোৱাদ দিবলৈ সক্ষম হৈছে যেন ভাৱ হয় । চলচ্চিত্ৰখনৰ চিত্ৰনাট্য (screenplay) লেহেমীয়া নহয় আৰু আনকি কাল্পনিক প্ৰেম কাহিনীটোৱে চলচ্চিত্ৰখনৰ কাহিনী বিৰক্তি নকৰে, বৰং নতুন পৰিৱৰ্তন এটিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

চলচ্চিত্ৰখনে গান্ধীক কেনেকৈ বুজাব খুজিছে তাক যদি চাওঁ তেন্তে

  • মহাত্মা গান্ধী জাতিৰ পিতা যদিও ভাৰতবৰ্ষৰ সৰ্বেসৰ্বা নহয় । তেওঁ যিহেতু সংবিধান বৈঠকৰ পৰা নিজকে আঁতৰাই ৰাখিছিল সেয়েহে তেওঁৰ সকলো আদৰ্শ, সিদ্ধান্ত সংবিধান পন্থী নাছিল; আনকি কোনো কোনো পদক্ষেপ দেশৰ আইন বিৰোধী আছিল । দৰাচলতে ভাৰত ত্যাগ আন্দোলনৰ পাছৰেপৰা মহাত্মা গান্ধীক ৰাষ্ট্ৰীয় শীৰ্ষ নেতাবোৰে আওকাণ কৰিব আৰম্ভ কৰিছিল,যাৰ বাবেই তেওঁ বিচৰা নিয়ম-নীতিত স্বাধীনতাৰ ভাৰতবৰ্ষখন চলিবলৈ অসক্ষম হৈছিল । তথাপিও মহাত্মা গান্ধীৰ অহিংসা নীতিৰ শক্তি, যথাৰ্থতা স্বাধীন ভাৰতবৰ্ষতো উল্লেখনীয় ।
  • হিংসুক, অত্যাচাৰী স্বভাৱে কোনো জাতি-বৰ্ণ,ধৰ্ম, লিংগ চিনি নাপায় আৰু ইয়াৰ প্ৰমাণ মুছলমানসকলৰ ভাৰতবৰ্ষত প্ৰৱেশৰ পূৰ্বেও পোৱা যায়। যদি মানিও লওঁ যে মুছলমানৰ ভাৰতত অহাৰ আগত উল্লেখ থকা অত্যাচাৰৰ ঘটনাবোৰ বামপন্থী ইতিহাসবিদবোৰৰ কল্পনাৰ সৃষ্টি; তেন্তে কাক উফৰাই চাণক্যৰ সহায়ত চন্দ্ৰগুপ্ত মৌৰ্য সিংহাসনত বহিছিল ?যাৰ বিৰুদ্ধে চন্দ্ৰগুপ্ত যুঁজিছিল সেই ধনা নন্দা শান্তি,একতাৰ পূজাৰী আছিল জানো;বৰং সি ইমান অত্যাচাৰী আছিল যে প্ৰজাই এটি কৈশোৰ বয়সৰ ল’ৰা চন্দ্ৰগুপ্তক সমৰ্থন জনাবলৈ বাধ্য হৈ গৈছিল । যদি ধনা নন্দাৰ অত্যাচাৰবোৰ কাল্পনিক; তেন্তে চাণক্য কৌটিল্য আৰু চন্দ্ৰগুপ্ত মৌৰ্য ক্ষমতালোভী আৰু জাতিদ্ৰোহী ।
  • এখন গ্ৰন্থৰ পৰা কোনে কি শিক্ষা লয় সেইয়া পঢ়ুৱৈজন/জনীৰ ওপৰত নিৰ্ভৰ কৰে যদিও ধৰ্মগ্ৰন্থবোৰে মানুহৰ মনত সহনশীলতাৰ ভাৱ বৃদ্ধি কৰে,মন উগ্ৰ নকৰে ।
  •  মহাত্মা গান্ধীয়ে কেৱল মুছলমানৰ বাবেই আন্দোলন কৰা নাছিল আৰু দেশ বিভাজন তথা পাকিস্তানৰ পক্ষ তেওঁ কেতিয়াও লোৱা নাছিল। চলচ্চিত্ৰখনত অৱশ্যে এই কথাটো উল্লেখ কৰা নাই যে অন্য এখন দেশ যাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগত একো সম্বন্ধই নাছিল তাৰ বাবে ভাৰতীয় মুছলমানসকলে কৰা ‘খিলাফৎ আন্দোলন’ ক গান্ধীয়ে সমৰ্থন কিয় দিছিল ।

চলচ্চিত্ৰখনে গডছেক কেনেকৈ বুজাব খুজিছে তাক যদি চাওঁ তেন্তে

  • নাথুৰাম গডছে অঁকৰা,আক্ৰোশী,সন্ত্ৰাসবাদী মনৰ যদিও তাৰ কৰ্ম বাৰে বাৰে সন্ত্ৰাসবাদীৰ লগত মিল নাখায়; বৰং এজন দুমুখীয়া ৰাজনৈতিক নেতাৰ কথা মনলৈ আনে ।
  • গডছেৰ বিচাৰত কোৱা অখণ্ড হিন্দুৰাষ্ট্ৰ কেৱল পাকিস্তান আৰু বাংলাদেশৰ লোকসকলকলৈহে  সম্ভৱ কাৰণ সেই দুখন দেশে একেলগে স্বাধীনতাৰ বাবে ভাৰতীয়সকলৰ লগত আন্দোলন কৰিছিল । ক’ৰবাত নহয় ক’ৰবাত আজিও সেই আৱেগেৰে এই দুখন দেশ ভাৰতৰ লগত বান্ধ খাব পাৰে । কিন্তু আফগানিস্তান, তিব্বত, শ্ৰীলংকা, ম্যানমাৰ হয়টো বহু পূৰ্বে এক বিশাল ভাৰতবৰ্ষৰ অংশ আছিল ।কত শতিকা পাৰ হোৱাৰ পাছত ভাষা, খাদ্য সংস্কৃতিৰ সাদৃশ্য থাকিলেও আজি তেওঁলোকৰ মনত একগোট হোৱাৰ আৱেগ-অনুভূতি নাই । সামৰিক শক্তি ব্যৱহাৰ কৰি একগোট কৰাব খুজিলে দশা ৰাছিয়াৰ দৰেই হ’ব ।অখণ্ড ভাৰতবৰ্ষ হ’বই কিন্তু ইয়াৰ পৰিসীমা কম হ’ব, পৰিসীমা বঢ়াব খুজিলে ইউৰোপীয় সংঘৰ দৰে ‘এছিয়ান সংঘ’ বনোৱাটোহে মানৱহিতৰ বাবে সৰ্বোত্তম হ’ব ।
  • অত্যাচাৰৰ পৰা মুক্তি পাবলৈ,ধৰ্ম ৰক্ষাৰ বাবে হিংসাৰ প্ৰয়োজন আছে । সেইবাবেই ভগৎ সিং, চন্দ্ৰশেখৰ আজাদ, চৰ্দাৰ উদ্ধম সিঙক দেশভক্ত স্বাধীনতা সংগ্ৰামীৰূপে সন্মান যঁচা হয় । কিন্তু তেওঁলোকে স্বাধীনতা আন্দোলনত অংশগ্ৰহণকাৰী কোনো নেতাক হত্যাটো দূৰৰে কথা আহত কৰা নাছিল । মহাত্মা গান্ধীৰ প্ৰবল বিৰোধী ড° আম্বেদকাৰে ‘পুনা পেক্ট’ত হস্তাক্ষৰ কৰাৰ আগত মহাত্মা গান্ধীৰ আমৰণ অনশনক পোনপ্ৰথমে ভ্ৰূক্ষেপেই কৰা নাছিল; কিন্তু কোনো দিন গান্ধীৰ মৃত্যু কামনা কৰা নাছিল । ইয়াৰ অৰ্থ এইয়ে যে নাথুৰাম গডছেৰ আদৰ্শৰে চালেও গডছে, অত্যাচাৰৰ পৰা মুক্তি দিয়াবলৈ বৃটিছ শাসক যেনে উইনষ্টন চাৰ্চিল অথবা হিন্দু ধৰ্মৰ ৰক্ষাৰ বাবে পৃথকতাবাদী মহম্মদ আলী জিন্নাক বধ কৰিব লাগিছিল । তেহে আজি নাথুৰাম গডছে দেশভক্ত স্বাধীনতা সংগ্ৰামীৰূপে সন্মানৰ যোগ্য হৈ থাকিলহেঁতেন ।

মহাত্মা গান্ধীৰো ভুল নথকা নহয় । সকলোকে  ‘ব্ৰহ্মচৰ্য ব্ৰত’ পালন কৰিবলৈ বাধ্য কৰোৱা, বাৰে বাৰে আমৰণ অনশনৰ নামত মানসিক হিংসা, কংগ্ৰেছত সুভাষ চন্দ্ৰ বসু, চৰ্দাৰ বল্লভভাই পেটেলৰ সৈতে অন্যায়—এইবোৰ কিছু সাংঘাটিক ভুল মহাত্মা গান্ধীয়ে কৰিছিল । বৰ্তমান আমাৰ দেশত বিভিন্ন বিচাৰধাৰাৰ মাজত দুই চিন্তাধাৰা আছে । এক যিয়ে গান্ধীৰ ভুল বিচাৰি নাপায়,আনটোৱে গডছেৰ ভুল বিচাৰি নাপায় । শেষত ‘গান্ধী গডছে- এক যুদ্ধ’ চলচ্চিত্ৰখনে মহাত্মা গান্ধীক অলপ ঊৰ্ধত ৰাখিও তেওঁৰ ভুলক নুই নকৰি কাহিনীটো এক সুন্দৰ কাল্পনিক ৰহণত সমাপ্ত কৰিছে; যাতে এই দুই চিন্তাধাৰাৰ ব্যক্তিসকলে অলপ হ’লেও উপলব্ধি কৰিব পাৰে । দুৰ্ভাগ্যৰ বিষয় ‘পঠান’ ৰ ধুমুহাত ‘পঠান’তকৈ অধিক IMDB ৰেটিং পোৱা এই চলচ্চিত্ৰখন উপেক্ষিত হৈ ৰ’ল । ইয়াৰ বাবে চলচ্চিত্ৰখনৰ মুক্তিৰ সময় অথবা এই চলচ্চিত্ৰখনত বিশেষ কোনো তাৰকা কথাবোৰক দোষ দিব নোৱাৰি । চলচ্চিত্ৰখন সম্ভৱতঃ চিনেমা গৃহত অধিক দিন নিটিকে, সেয়েহে পাছত OTT বা Telegramৰ যোগেদি চাব পাৰিব । শেষত এটা কথা সকলোৱে ক’ব লাগিবই যে এই চলচ্চিত্ৰখন চাই কোনো নিৰাশ নহয় ।

লেখক- কল্পজিৎ শইকীয়া

Leave A Reply

Your email address will not be published.