পূৰ্বোত্তৰৰ দুৱাৰমুখত বৰবিহৰ বৰবেহা

✒️ অচিন্ত্য শৰ্মা

পূৰ্বোত্তৰৰ দুৱাৰমুখত বৰবিহৰ বৰবেহা
ম্যানমাৰত বাঢ়িছে আফিঙৰ খেতি
সামৰিক শাসনৰ অনুপেক্ষণীয় অভিশাপ
ভাৰতৰ বাবে নতুন প্ৰত্যাহ্বান

আফগানিস্তানৰ শাসনভাৰ তালিবানে পুনৰবাৰ বেদখল কৰিবলৈ লোৱাৰ সময়তে বিভিন্ন মহলে আশংকা প্ৰকাশ কৰিছিল, তালিবানৰ আমোলত দেশখনে এবাৰ ড্ৰাগছ উত্পাদনৰ অভিকেন্দ্ৰ হৈ উঠিব বুলি। আৰু সেই আশংকাকে সত্য প্ৰমাণিত কৰি তালিবানৰ আফগানিস্তান আজি হৈ উঠিছে আগৰ নিছিনাকৈয়ে আফিং খেতিৰ অন্যতম কেন্দ্ৰস্থল। একেই ঘটনা ঘটিছে ম্যানমাৰৰ ক্ষেত্ৰতো। মাজতে কিছুদিন হ্ৰাস পোৱাৰ পিছত উদ্বেগজনকভাবে বৃদ্ধি পাইছে আফিঙৰ খেতি। বিশেষকৈ ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত দেশখনত আৰম্ভ হোৱা সামৰিক শাসনে বহু মানুহকে থেলি দিছে সহজ ধনৰ উত্স, আফিঙ খেতিৰ পিনে।

দীঘলীয়া তথা নৃশংস সামৰিক শাসন আৰু এই শাসনৰ প্ৰতিৰোধে ম্যানমাৰত যি গৃহযুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিছে, তেনে পৰিস্থিতিয়ে দেশখনৰ অৰ্থনীতিও বিধ্বস্ত কৰি পেলাইছে। কৰ্মক্ষেত্ৰ সংকুচিত হৈছে, বজাৰ সংকুচিত হৈছে, বৰ্দ্ধিত হাৰত মানুহ নিবনুৱা হৈছে। সেয়ে জীৱিকাৰ তাৰনাত বহু মানুহে আকৌ এবাৰ ঢাপলি মেলিছে পূৰ্বে এৰি পেলোৱা আফিঙৰ খেতিৰ পিনে। পৰিণতিত ড্ৰাগছ বৰবিহৰ উত্পাদন বাঢ়িছে, বেহা বাঢ়িছে আৰু বিপদৰ মুখলৈ আগবাঢ়িছে সমগ্ৰ বিশ্ব। শেহতীয়াভাবে প্ৰকাশিত ৰাষ্ট্ৰসমূহৰ এক প্ৰতিবেদন অনুসৰি সামৰিক শাসন আৰম্ভ হোৱাৰ পূৰ্বে ম্যানমাৰত বছৰি ৪২৩ মেট্ৰিক টন আফিঙ উত্পাদন হৈছিল। কিন্তু ২০২২ চন শেষ পৰ্যন্ত এই পৰিমাণ বৃদ্ধি পাইছে ৮৭০ মেট্ৰিক টনলৈ। একেদৰে আফিঙ খেতিত ব্যৱহৃত হোৱা ভূমিৰ পৰিমাণ বৃদ্ধি পাইছে ৪০ হাজাৰ ১০০ হেক্টৰলৈ। আনহাতে ড্ৰাগছ বিক্ৰীৰে ম্যানমাৰে বছৰি আয় কৰিব লৈছে ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ১৬ হাজাৰ কোটি টকা। বিপৰীতে সামগ্ৰীকভাবে অঞ্চলটোত আফিং বা ড্ৰাগছ অৰ্থনীতি বৃদ্ধি পাইছে ৮০ হাজাৰ কোটি টকালৈ। আফিং বা ড্ৰাগছ অৰ্থনীতিৰ এনে উত্থানৰ সামন্তৰালভাবে ব্যক্তিগতভাবে ব্যক্তিগত পৰ্যায়তো লাভবান হ’ব লৈছে ম্যানমাৰৰ আফিং খেতিয়কসকল। এজন খেতিয়কে ১কিলো আফিং বিক্ৰী কৰি আজিৰ দিনত প্ৰায় ২৩ হাজাৰ টকা উপাৰ্জন কৰে। এনে লোভনীয় উপাৰ্জনৰ বাবে এতিয়া অধিক সংখ্যক বাৰ্মিজ লোক আকৰ্ষিত হৈছে আফিং খেতিৰ প্ৰতি।

ম্যানমাৰত নতুনকৈ এনে দৰে ঠন ধৰি উঠা আফিং খেতিয়ে সম্প্ৰতি নতুন দিল্লীৰ নিদ্ৰা হৰিছে। কাৰণ চুবুৰীয়া যিকোনো ৰাষ্ট্ৰ এখনত ড্ৰাগছৰ উত্পাদন বঢ়াৰ অৰ্থই হৈছে ভাৰতৰ বজাৰলৈ ড্ৰাগছৰ সৰবৰাহ অধিক হোৱা। বিশেষকৈ ম্যানমাৰত উত্পাদিত ড্ৰাগছ উত্তৰ-পূৰ্বাঞ্চলৰ বজাৰত উভৈনদীকৈ বিক্ৰী হোৱা আৰু পূৰ্বোত্তৰৰ মাজেৰেই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বজাৰলৈ গতি কৰাটো নতুন কথা নহয়। সেয়ে ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্ৰতিবেদনে স্বাভাবিকতে উদ্বিগ্ন কৰি তুলিছে ভাৰত চৰকাৰক। লক্ষ্যনীয়ভাবে অকল আফগানিস্তান আৰু ম্যানমাৰেই বিশ্বৰ প্ৰায় এশ শতাংশ আফিং উত্পাদন কৰে। সেয়ে ম্যানমাৰত নতুনকৈ আফিং খেতিৰ পয়োভৰ ঘটা খৱৰে বিশেষভাবে ভাৰতৰ লগতে সামগ্ৰীকভাবে উদ্বিগ্ন কৰি তুলিছে সমগ্ৰ বিশ্বকেই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...