সমাজসেৱী সংগঠন ‘সদিচ্ছা’লৈ লিঅ’ এক্সপ’ ২০২৩ সমাজসেৱা বঁটা

লিঅ’ এক্সপ’ত ৬ ৰাষ্ট্ৰৰ বিপণিত বিপুল সমাগম ক্ৰেতাৰ

গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত মহা পয়োভৰেৰে অনুষ্ঠিত হৈ আছে ২৩ সংখ্যক লিঅ’ এক্সপ’। এই এক্সপ’ৰ লগত সংগতি ৰাখি চলিত বৰ্ষৰ লিঅ’ এক্সপ’ সমাজসেৱা বঁটাৰ বাবে অগ্ৰণী সমাজসেৱী সংগঠন ‘সদিচ্ছা’ক মনোনীত কৰা হৈছে। এই বঁটাৰ লগত আছে ১ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ। অহা ১২ ফেব্ৰুৱাৰী, দেওবাৰে বিয়লি ৪ বজাত এক্সপ’থলীত অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানতে এইবাৰৰ সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক-সাংবাদিক মনোজ কুমাৰ গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব। ইফালে অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীৰ বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব সকলোৰে বাবে মুকলি থকা ৰন্ধন প্ৰতিযোগিতা। আনহাতে ১২ ফেব্ৰুৱাৰীৰ দুপৰীয়া ১১:৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব চিত্ৰাংকন প্ৰতিযোগিতা। প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক লৈ ‘ক’ শাখা আৰু পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক লৈ ‘খ’ শাখাত হ’ব এই চিত্ৰাংকন প্ৰতিযোগিতা। ৰন্ধন আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰথম তিনিটা স্থানপ্ৰাপ্তই ক্ৰমে ২০ হাজাৰ, ১০ হাজাৰ আৰু ৫ হাজাৰ টকাৰ আৰ্থিক পুৰস্কাৰ লাভ কৰিব।

        যোৱা ৩ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা এই বাণিজ্য মেলাত ২০০খনতকৈও অধিক বিপণিত দেশ-বিদেশৰ বিভিন্ন সামগ্ৰী উপলব্ধ হৈছে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে ৬খন বিদেশী ৰাষ্ট্ৰৰ বিপণিয়েও অংশ লৈছে এই বাণিজ্য মেলাত। লিঅ’ এক্সপ’ত অংশগ্ৰহণকাৰী বিদেশী ৰাষ্ট্ৰকেইখন হৈছে ইৰান, থাইলেণ্ড, সংযুক্ত আৰব গণৰাজ্য, শ্ৰীলংকা, আফগানিস্তান আৰু বাংলাদেশ। বাংলাদেশৰ গুৱাহাটীস্থ কূটনৈতিক দূতাবাসেও এইবাৰৰ লিঅ’ এক্সপ’ত সক্ৰিয়ভাৱে অংশ লৈছে। ১৮ দিনীয়াকৈ অনুষ্ঠিত এই বাণিজ্য মেলাত ইতিমধ্যে দৰ্শকৰ বিপুল সমাগম হোৱা পৰিলক্ষিত হৈছে।

        এইবাৰৰ লিঅ’ এক্সপ’ৰ অন্যতম আকৰ্ষণ হৈছে ডুবাইৰ পৰা আহি অংশ লোৱা সুগন্ধিময় আতৰৰ বিপণি। সংযুক্ত আৰব গণৰাজ্যত প্ৰস্তুত কৰা ২ শতাধিক প্ৰকাৰৰ সুগন্ধি আতৰ উপলব্ধ হৈছে এই বিপণিত। ২০০ টকাৰ পৰা ১০ হাজাৰ টকা মূল্য পৰ্যন্ত এই আতৰসমূহ কোনো ৰাসায়নিক দ্ৰব্য তথা এলকহলজাতীয় পদাৰ্থ ব্যৱহাৰ নকৰাকৈয়ে প্ৰাকৃতিক উপকৰণেৰে প্ৰস্তুত কৰা হৈছে। আফগানিস্তানৰ প্ৰখ্যাত বিভিন্ন প্ৰকাৰৰ ড্ৰাই ফ্ৰুট্ছৰ বিপণি, বাংলাদেশৰ প্ৰসিদ্ধ জামদানীৰ লগতে বিভিন্ন ধৰণৰ শাড়ী আদিয়েও দৰ্শকৰ সাদৰ লভিছে। আনহাতে ইৰান, থাইলেণ্ড, শ্ৰীলংকা আদি দেশৰ বিপণিতো দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...