বিমানত আকস্মিকভাৱে মৃত্যু হোৱা ব্যক্তিৰ নশ্বৰদেহ ঘৰলৈ অনাত মন্ত্ৰী পীযুষ হাজৰীকাৰ সহায়

অসমৰ ডিমা হাচাও জিলাৰ পৰা বাংগালুৰুলৈ চিকিৎসাৰ বাবে যোৱা সত্তৰোৰ্দ্ধৰ ব্যক্তি এগৰাকীয়ে যোৱা বৃহস্পতিবাৰে বিমানত উঠাৰ সময়তে হৃদযন্ত্ৰৰ ক্ৰীড়া বন্ধ হৈ মৃত্যু বৰণ কৰিছিল। গৃহ ৰাজ্যৰ পৰা দূৰৈত বাংগালুৰু বিমানবন্দৰত ধন বাহাদুৰ সোনাৰ নামৰ প্ৰয়াত ব্যক্তিগৰাকীৰ মৃতদেহ লৈ তেখেতৰ পৰিয়ালবৰ্গ আবদ্ধ হৈ পৰিছিল। বিমান বন্দৰৰ আনুষ্ঠানিকতা আৰু আন আৱেগিক সমস্যাৰে পৰিয়ালৰ আন সদস্যসকল ভাড়াক্ৰান্ত হৈ পৰাত প্ৰয়াত ব্যক্তিগৰাকীৰ সাংবাদিক পুত্ৰ গৌৰৱ সোনাৰে অসম চৰকাৰৰ জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাৰ কাৰ্যালয়ৰ সৈতে সহায়ৰ বাবে যোগাযোগ কৰিছিল।

সাংবাদিক গৌৰৱ সোনাৰৰ পিতৃৰ আকস্মিক মৃত্যুৰ খবৰ পাই মন্ত্ৰী হাজৰীকাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিপদত পৰা পৰিয়ালটোক সহায় আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহে আৰু বিষয়টো দিছপুৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত অৱগত কৰে। মন্ত্ৰী হাজৰীকাৰ পৰা বিষয়টো অৱগত হৈ মুখ্যমন্ত্ৰী কাৰ্যালয়ে ক্ষীপ্ৰতাৰে বাংগালুৰু বিমানবন্দৰত আৱদ্ধ প্ৰয়াত ব্যক্তিগৰাকীৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে আৰু শৱদেহ ঘৰলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সহযোগিতাত যোৱা শুকুৰবাৰৰ সন্ধিয়া প্ৰয়াত ধন বাহাদুৰ সোনাৰৰ শৱদেহ বিমানযোগে শিলচৰলৈ লৈ অনা হয় আৰু শিলচৰৰ পৰা এম্বুলেন্চৰ সহায়েৰে হাফলঙলৈ লৈ অনা হয়। কম সময়ৰ ভিতৰতে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি বাংগালুৰুৰ পৰা শৱদেহ ঘৰলৈ ঘূৰাই আনিবলৈ সক্ষম হোৱা প্ৰয়াত ব্যক্তিগৰাকীৰ পৰিয়ালে জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ তৎপৰতাৰ বাবে ৰাজ্য চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...