ভাৰতৰ সন্মুখত আকৌ প্ৰত্যাহ্বানঃ বৰ্দ্ধিত শক্তিৰে উভটি আহিছে চীনৰ চোৰাংচোৱা জাহাজ

✒️অচিন্ত্য শৰ্মা

উভতি আহিছে য়ু আন ৱাং5
লগত অন্য এক চোৰাংচোৱা জাহাজ য়ুআনৱাং6
ভাৰত মহাসাগৰত চীনা চোৰাংচোৱা জাহাজৰ দৃঢ় হৈছে খোপনি

যোৱাবছৰৰ আগষ্ট মাহত চীনৰ সামৰিক চোৰাংচোৱা জাহাজ য়ু আন ৱাং 5-এ শ্ৰীলংকাৰ হোমবানটোটা বন্দৰত লংগৰ পেলাইছিল। মূলতঃ ভাৰতৰ গোপন তথা স্পৰ্শকাতৰ তথ্য সংগ্ৰহৰ বাবে ভাৰত মহাসাগৰীয় অঞ্চলৰ বিচৰণ কৰি ফুৰা চীনৰ জাহাজখনক আশ্ৰয় বা প্ৰশয় নিদিবলৈ নতুন দিল্লীয়ে কলম্বো মহলক টানি অনুৰোধ জনাইছিল যদিও শ্ৰীলংকা চৰকাৰে কোনো গুৰুত্ব দিয়া নাছিল মোদী চৰকাৰৰ সেই অনুৰোধৰ প্ৰতি। যাৰ পৰণতিত প্ৰায় এসপ্তাহ ধৰি হামবানটোটত ঘাটি পাতি য়ু আন ৱাঙে ভাৰতৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰি থাকিবলৈ সক্ষম হৈছিল। অৱশ্যে সক্ষম হোৱা নাছিল ভাৰতৰ কোনো স্পৰ্শকাটৰ তথ্য সংগ্ৰহ কৰিবলৈ। কাৰণ ভাৰতীয় বিজ্ঞানীসকলে য়ু আন ৱাং 5 হামবানটোটাট থকা সময়চোৱাত সমস্ত দেশখনক আবৰি থকাকৈ বিকশাই তুলিছিল এক বিশেষ জামিং ছিষ্টেম।

ব্যৰ্থ হৈ উভতি গৈছিল য়ু আন বাং5। পিচে সেই য়ু আন বাং5 এতিয়া উভটি আহিছে। উভতি আহিছে লগত আন এখন চোৰাংচোৱা জাহাজ য়ু আন বাং6ক লৈ। অবশ্যে জাহাজ দুখনে এইবাৰ ক’ৰবাত লংগৰ পেলাবনে কি, সেয়া এতিয়াও নিশ্চিত হোৱা নাই। কিন্তু বংগোপসাগৰ আৰু ভাৰত মহাসাগৰীয় অঞ্চলত দুখনকৈ চীনা সমাৰিক চোৰাংচোৱা জাহাজৰ এনে সন্দেহজনক উপস্থিতিয়ে ভাৰতৰ নিৰাপত্তা বিশেষজ্ঞসকলক উদ্বিগ্ন কৰি তুলিছে। লক্ষণীয়ভাবে, য়ু আন বাং 5 য়ু আন ৱান 6, এই দুয়োখন সামৰিক চোৰাংচোৱা জাহাজেই ঘূৰ্ণীয়মান ৰাডাৰ আৰু অন্যান্য চোৰাংচোৱা উপকৰণেৰে সমৃদ্ধ। প্ৰায় ৭৫০ ফুট দৈঘ্যৰ জাহাজ দুখনৰ প্ৰতিখনৰে ওজন ২৫ হাজাৰ টনকৈ। সকলোধৰণৰ বেলিষ্টিক ক্ষেপনাস্ত্ৰ আৰু কৃত্ৰিম উপগ্ৰহৰ গতিবিধি ট্ৰেক কৰি এইবাৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম জাহাজ দুখন। ইতিমধ্যে আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ ওচৰত জাহাজ দুখনে বিচৰণ কৰি থকাৰ পৰিপেক্ষিতত ভাৰতে নিজৰ ক্ষেপনাস্ত্ৰ পৰীক্ষণ কাৰ্যসূচী এবাৰ স্থগিত ৰাখিবলৈকো বাধ্য হৈছে। এনে অৱস্থাত অঞ্চলটোত জাহাজ দুখনৰ উপস্থিতি দীঘলীয়া হ’লে ভাৰতৰ সামৰিক আয়োজনৰ ওপৰত নেতিবাচক প্ৰভাব পৰাৰ দুৰ্ভানাও গভীৰ হৈ আহিছে। সমান্তৰালভাবে গভীৰ হৈ আহিছে ভাৰত মহাসাগৰত চীনা নৌসেনাৰ খোপনি দৃঢ় হৈ অহাৰ দুৰ্ভানাও।

16 COMMENTS

  1. You actually make it seem so easy with your presentation but
    I to find this matter to be really something which I think I would by
    no means understand. It kind of feels too complex and very broad for me.
    I am looking ahead for your subsequent submit, I will try to get the cling of it!
    Escape room

  2. Everything is very open with a really clear explanation of the challenges. It was definitely informative. Your website is very helpful. Many thanks for sharing.

  3. An interesting discussion is definitely worth comment. I believe that you need to publish more about this issue, it might not be a taboo matter but generally people don’t discuss these topics. To the next! Many thanks!

  4. I truly love your blog.. Pleasant colors & theme. Did you build this site yourself? Please reply back as I’m wanting to create my own personal site and want to learn where you got this from or what the theme is called. Appreciate it!

  5. May I simply just say what a relief to uncover somebody that really understands what they’re discussing on the net. You certainly understand how to bring an issue to light and make it important. More people need to check this out and understand this side of the story. I was surprised that you are not more popular since you most certainly possess the gift.

  6. Can I just say what a comfort to uncover somebody who really knows what they are discussing on the internet. You actually understand how to bring an issue to light and make it important. More people must read this and understand this side of your story. It’s surprising you aren’t more popular given that you definitely possess the gift.

  7. Hi, I do think your web site could be having browser compatibility problems. Whenever I look at your web site in Safari, it looks fine however, if opening in Internet Explorer, it’s got some overlapping issues. I just wanted to provide you with a quick heads up! Aside from that, wonderful blog.

  8. You have made some good points there. I looked on the internet for additional information about the issue and found most individuals will go along with your views on this web site.

  9. I blog often and I really appreciate your content. This great article has truly peaked my interest. I’m going to bookmark your blog and keep checking for new details about once per week. I opted in for your RSS feed as well.

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ। অভিযুক্ত জোঁৱাই...

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয় দিৱস

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয়...

পখিলাৰ প্ৰেমত এজন আৰক্ষীৰ জোৱান ‌‌

আপোনাৰ বাৰু প্ৰকৃতিৰ প্ৰতি কিমান প্ৰেম আছে? কোৱা হয়,...

নাই বুলিয়েই নোহোৱা হৈ গ’ল ৰমেন দা

২২ জুলাইৰ পৰা ১টা ২টা কৈ ১০০টা ঘণ্টা পাৰ...