গুৱাহাটীত ট্ৰান্সজেণ্ডাৰসকলৰ বাবে থকা ‘তৃতীয় নিৱাস’ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

Date:

- Advertisement -
- Advertisement -

ট্ৰান্সজেণ্ডাৰসকলৰ বাবে থকা সুবিধাসমূহৰ বুজ লৈ বিভাগক ‘তৃতীয় নিৱাস’ৰ নামত আবণ্টিত পুঁজি শীঘ্ৰে মুকলি কৰি দিবলৈ নিৰ্দেশ

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই গুৱাহাটীস্থিত অসম চৰকাৰৰ অধীনৰ “তৃতীয় নিৱাস” শীৰ্ষক ট্ৰান্সজেণ্ডাৰসকলৰ এটি আশ্ৰয়গৃহ পৰিদৰ্শন কৰি নিৱাসটোত থকা সুবিধাসমূহৰ বুজ লয়। বিধায়ক জিতু গোস্বামী আৰু সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়াৰ সৈতে আশ্ৰয়গৃহটি পৰিদৰ্শন কৰি মন্ত্ৰীজনে ট্ৰান্সজেণ্ডাৰসকলৰ বাবে থকা বিভিন্ন সুবিধাসমূহৰ প্ৰত্যক্ষ বুজ লয়।

আশ্ৰয়গৃহটিৰ পৰিচালনাৰ সৈতে জড়িত ব্যক্তিসকলৰ সৈতে নিৱাসটোৰ পৰিচালনাৰ বিষয়ে আলোচনা কৰাৰ লগতে মন্ত্ৰী হাজৰীকাই আৱাসীসকলৰ সৈতেও মত বিনিময় কৰে। পৰিদৰ্শনকালত আশ্ৰয়গৃহটিয়ে পাব লগা চৰকাৰী পুঁজি শীঘ্ৰে মুকলি কৰি দিব পৰাকৈ প্ৰয়োজনীয় বিভাগীয় পদক্ষেপ হাতত লবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াক নিৰ্দেশনা প্ৰদান কৰে।

উল্লেখযোগ্য যে শেহতীয়াকৈ ট্ৰান্সজেণ্ডাৰ ৱেলফেৱাৰ ব’ৰ্ডৰ সভাত মন্ত্ৰী হাজৰীকাই এই “তৃতীয় নিৱাস”টি সোনকালে পৰিদৰ্শন কৰাৰ কথা ঘোষণা কৰিছিল। আনহাতে পোনপ্ৰথমবাৰৰ বাবে এগৰাকী মন্ত্ৰীয়ে আজি ট্ৰান্সজেণ্ডাৰসকলৰ আশ্ৰয়গৃহ, “তৃতীয় নিৱাস” পৰিদৰ্শন কৰাত আৱাসীসকলে নিজৰ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে মন্ত্ৰীগৰাকীৰ এনে পদক্ষেপে সমাজত ট্ৰান্সজেণ্ডাৰসকলৰ অধিকাৰ সম্পৰ্কে সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধিত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Popular

More like this
Related

ছালখন হৈ থাকিব উজ্জল! গৰমৰ দিনত ছালৰ যতন লওক এইদৰে

গ্ৰীস্মকাল আহিলেই প্ৰায়ে চিন্তিত হৈ পৰে যুৱতীসকল। বিশেষকৈ এই...

কাছাৰত পুনৰ এনকাউণ্টাৰৰ ঘটনা

কাছাৰত পুনৰ এনকাউণ্টাৰৰ ঘটনা। আৰক্ষীৰ গুলীত আহত হয় এজন...

ৰাজ্যৰ একাংশ বাট-পথৰ দুৰৱস্থা

পুৰণি চৰকাৰ গ'ল, আহিল নতুন চৰকাৰ। কিন্তু ৰাজ্যৰ একাংশ...

২০২৩ৰ এদিনীয়া বিশ্বকাপৰ প্ৰতিশোধ ল’লে আফগানিস্তানে

২০২৩ৰ এদিনীয়া বিশ্বকাপৰ প্ৰতিশোধ ল'লে আফগানিস্তানেSUPER 8ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে...