পৰিৱৰ্তনৰ সৈতে সংঘাত কেৱল আমাৰ প্ৰজন্মৰ অভিজ্ঞতা নহয় : মনোজ কুমাৰ গোস্বামী

0 543

‘ভুল সত্য’ গ্ৰন্থৰ বাবে বিশিষ্ট গল্পকাৰ তথা NKTV Plusৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমি বঁটা। নতুন দিল্লীত সাহিত্য অকাডেমিৰ বৃহত্তম ‘সাহিত্যোৎসৱ’ত প্ৰদান কৰা হয় এই বঁটা। ২৪টা ভাৰতীয় ভাষাত প্ৰদান কৰা হয় সাহিত্য অকাডেমী বঁটা। কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে উদ্বোধন কৰে সাহিত্যোৎসৱখনিৰ। ৬ দিনীয়া সাহিত্যোৎসৱত অংশগ্ৰহণ প্ৰায় ৪ শতাধিক সাহিত্যিকৰ। নতুন দিল্লীৰ কামানি প্ৰেক্ষাগৃহত বঁটা গ্ৰহণ কৰি বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ অভিভাষণ।

”সেই চাৰিটা দশকৰ আগতেই কৰিছিলো গল্প লিখাৰ মৰসাহ৷ আৰু ই কাহানিও হৈ নুঠিল নিৰন্তৰ প্ৰক্ৰিয়া (নিষ্ঠাবান প্ৰয়াস)৷ সৃষ্টিৰ খন্তেকীয়া সময়কণৰ পাছত মাহৰ পাছত মাহ যোৰা নিষ্ক্ৰিয়তা৷ এয়া ঠিক সেই কুলি চৰাইৰ দৰে, বসন্তৰ পদধ্বনিৰ বাবেই যাৰ অপেক্ষা৷ মোৰ মাজত থকা লেখকজনে কৰা নাছিল চৌপাশৰ কাহিনীৰ অন্বেষণ৷ আমাৰ আশে-পাশেই আছে প্ৰেম-ঘৃণা, হৰ্ষ-বিষাদৰ আলেখ্য লিখা, ৰাজনৈতিক পৰিমণ্ডল আৰু সামগ্ৰিকভাৱে সমাজৰ অনেক দিশ তুলি ধৰা লেখককূল৷ মই স্বগতোক্তি কৰিছিলো, মোৰ অংশগ্ৰহণেৰে সাহিত্য সমাজখনত কৰিবলৈ বেলেগ আন একো নাই৷ কেউপিনে চকু ফুৰাই বিষণ্ণ হৈ পৰোঁ, আন প্ৰায় সকলো ভাষাৰ দৰে মোৰ অসমীয়া ভাষাতো পঢ়ুৱৈ পৰিগণিত হৈছে এক সংকুচিত সম্প্ৰদায়ত৷

বৃত্তিত এজন সাংবাদিক আৰু সম্প্ৰচাৰক হিচাপে দিনানুদৈনিক মই নিজকে বিচাৰি পাইছিলো বাস্তৱৰ ৰূঢ় কাহিনীৰ মাজত, আৰু মোৰ উদ্ধত লেখক-সত্ত্বাক মোৰ মাজৰ সাংবাদিকজনে সোঁৱৰাই দিছিল সেই বহুল উচ্চাৰিত উক্তি ঃ জীৱন কল্পকাহিনীতকৈও আশ্চৰ্যকৰ৷ মোৰ মাজৰ এই দুই সত্ত্বাৰ দ্বন্দ্বযুদ্ধই বাধাগ্ৰস্ত কৰিছিল মোৰ গল্পৰ কলম৷

সৌভাগ্যক্ৰমে মই উপলব্ধি কৰিলোঁ যে এজন লেখকে সাংবাদিকৰ মামুলি ব্যস্ত সূচীৰ দূৰ্বল দোহাই দি এৰাই চলিব নোৱাৰে সমাজৰ প্ৰতি নিজৰ দায়িত্ব, উলাই কৰিব নোৱাৰে সৃষ্টিশীল কলমৰ ধাৰকসকললৈ চৌপাশৰ পৃথিৱীখনে আগবঢ়োৱা বিস্ময়কৰ বৈচিত্ৰ্য৷ কেইঘণ্টামানৰ পাছতেই নিৰ্বাপিত হয় এটা বাতৰিৰ জীৱন, বিপৰীতে সফল গল্প-উপন্যাস কালহীন, অনাগত প্ৰজন্মকো প্ৰলুব্ধ কৰে নতুন অৰ্থ উদ্ঘাটনৰ বাবে৷
ট্ৰাংক কলৰ বাবে ওৰেতো দিন অপেক্ষা কৰাৰ পৰা চেলফোন আৰু লেপটপত মজি ৰোৱা নব্য-প্ৰজন্মৰ মাজত বাস কৰালৈকে মোৰ মাজত থকা লেখকজনে আওকাণ কৰিব নোৱাৰে সমষ্টি আৰু ব্যক্তি জীৱনৰ সেই বিশাল পৰিৱৰ্তন, যিবোৰ আমাৰ প্ৰজন্মৰ দৃষ্টিগোচৰ হৈছিল সহস্ৰাব্দই বাগৰ সলোৱাৰ মাজেৰে৷ চমজদাৰসকল হৈ ৰৈছিল সাহিত্যৰ শিক্ষাসদীসকলে নিৰ্মান কৰা বহু তত্ত্বৰ সাক্ষী৷ এই মুহূৰ্তত মই এই কথা প্ৰকাশ কৰিবলৈ ওলাই গৰ্বিত, অনেক সংঘাত আৰু সংপাতনৰ (প্ৰতিদ্বন্দ্বিতা আৰু সমন্বয়ৰ) এই বাতাবৰণত, বিগত শতিকাৰ ষাঠিৰ দশকত পূৰ্ণৰূপত জাতিষ্কাৰ হৈ উঠা আধুনিক অসমীয়া গদ্য আৰু কাব্য ভাৰতীয় সাহিত্যৰে বলিষ্ঠ অংশ, য‘ত আছে আন্তৰ্জাতিক সম্ভ্ৰম আধায় কৰিব পৰা সৃষ্টি৷

কওঁতাৰ লেখেৰে শীৰ্ষ পঞ্চাশটা ভাষাৰ অন্যতম অসমীয়া—, যি সংখ্যা আকৌ বহু ইউৰোপীয় ভাষাতকৈও বেছি—, আৰু এই ভাষাই, চমজদাৰ (ৰসজ্ঞ) লোকৰ বাবে মূৰ্তমান কৰি তোলে প্ৰাক চতুৰ্দশ শতিকাত ৰামায়ন অনুবাদ কৰা মাধৱ কন্দলীৰ পৰা পঞ্চদশ-ষোড়শ শতিকাত মহান ভাৰতীয় সাহিত্যিক-আধ্যাত্মিক চিন্তন-মননৰ সৈতে এই অঞ্চলৰ দ্ব্যৰ্থহীন সম্পৰ্ক স্থাপন কৰা শংকৰদেৱ-মাধৱদেৱৰ মাজেৰে এক সমৃদ্ধ উত্তৰাধিকাৰৰ শোভন (সৌভাগ্যশালী) ধাৰাবাহিকতা৷ আধুনিক যুগত লক্ষ্মীনাথ বেজবৰুৱাই ল‘লে ইয়াৰ আন্তৰ্জাতিক সংযোগৰ পথ প্ৰদৰ্শকৰ ভূমিকা, আৰু জ্যোতিপ্ৰসাদ আগৰৱালা, সৌৰভ কুমাৰ চলিহা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নৱকান্ত বৰুৱা, ইন্দিৰা গোস্বামী, নীলমণি ফুকনকে ধৰি অনেকে তাৰেই সুদক্ষ অনুসৰণত অদ্যপি ব্ৰতী হৈ ৰ‘ল৷
এই মহিমামণ্ডিত পথৰ এক নিঃকিন পথিকৰূপে মই বেদনাহত হৈ উপলব্ধি কৰোঁ মোৰ ৰাজ্যখনলৈ নামি অহা অস্থিৰতাৰ কথা৷ জঘন্যতৰ কাণ্ডটো হ‘ল, এই অস্থিৰতাৰ অভিসন্ধিত বিভিন্ন ভূমিকাত জড়িত হৈছিল অনেক মহল— কোনোৱে আনকি প্ৰতিৱেশী ৰাষ্ট্ৰৰ অলীক প্ৰৰোচনাত মত্ত হৈ, ইতিহাসক অৱজ্ঞা কৰি ধূসৰ কৰি তুলিব খোজে ভাৰতৰ সৈতে থকা অসমৰ সহস্ৰাব্দ প্ৰাচীন সুদৃঢ় সম্পৰ্ক৷
এই উদ্বেল পৰিস্থিতিৰ মাজতে মই গল্প লিখি আছোঁ, লিখি আছোঁ কিশোৰ-কিশোৰীৰ ৰোমাঞ্চৰ পৰা সন্ত্ৰাসবাদলৈ, আন্তৰ্জাতিক চক্ৰান্তৰ পৰা সামন্তীয় উপাদান থকা চহা জীৱনৰ উদয়াস্ত শ্ৰমলৈ, বিনিয়োগ অৰ্থনীতি আৰু গণতান্ত্ৰিক মেজাজৰ প্ৰযুক্তিনিৰ্ভৰ জীৱনলৈ৷ প্ৰত্যয়ী পদচালনা আৰু হতোদ্যম ভাৱনা(নিষ্ফল প্ৰতিক্ৰিয়া)— মোৰ ক্ষুদ্ৰ তনুৱে ধাৰণ কৰে সমাজৰ সকলো অভিজ্ঞতাৰ সহস্ৰ দিশ৷ হয়, মই আন ধাৰাও চেষ্টা কৰি চাইছোঁ— নাটক, ভ্ৰমণ কাহিনী, কবিতা, আৰু অৱশ্যেই সাংবাদিকৰ বৃত্তান্ত৷ সন্মানীয় পঢ়ুৱৈ সকলক ধন্যবাদ, তেওঁলোকে মোৰ গল্পৰ প্ৰতি আগবঢ়াইছে বল্গাহীন সঁহাৰি৷ আৰু অৱশ্যেই মোৰ বিনম্ৰ অন্বেষণৰ প্ৰতি সদয় স্বীকৃতিৰ বাবে সাহিত্য অকাডেমিক ধন্যবাদ৷

আমি বাস কৰিছোঁ সেই সময়ত, যেতিয়া সাহিত্যৰ অস্তিত্বকেই প্ৰশ্নবাণেৰে কৰি তোলা হৈছে জৰ্জৰ৷ কলম আৰু কাকতৰ বিৰুদ্ধে এই অভিযোগৰ আঙুলি তুলি সামাজিক মাধ্যমত অনেক এতিয়া উদ্যত ৰণুৱা৷ আজিৰ তাৰিখত প্ৰাসংগিক হৈ উঠিছে এলৱিন কাৰনানৰ সাহিত্যৰ সমাধিলিপি৷ পৰিৱৰ্তনৰ সৈতে সংঘাত কেৱল আমাৰ প্ৰজন্মৰ অভিজ্ঞতা নহয়, মানৱ ইতিহাসেই আমাক সোঁৱৰায় এই কথা৷ মহাকাব্যিক পৰম্পৰা আৰু অ-সম লোক-সংস্কৃতিৰ যুগ্মকৰ (দ্বৈতৰ) মাজেৰে সহস্ৰ বছৰ অতিক্ৰম কৰা ভাৰতীয় সাহিত্য মুখামুখি হৈছিল পশ্চিমৰ পৰা অহা অজস্ৰ উপকৰণৰ সৈতে, যিবোৰৰ মাজত কল্প-কাহিনীয়েই আছিল বিশাল, কিন্তু আমাৰ প্ৰেক্ষাপটত আচহুৱা উপাদান৷ সাম্প্ৰতিকৰ সজীৱ বৰ্ণনৰ উপৰি ভাৰতীয় কল্প-কাহিনীত চিত্ৰিত হ‘ল ইতিহাসৰ পুনৰভাৱনা আৰু মহাকাব্যৰ চৰিত্ৰ তথা খণ্ডৰ নব্য ব্যাখ্য৷ এই প্ৰাচুৰ্যৰ মাজত উৎখাত হৈছিল (শ্ৰেণী সন্মান আৰু শৌৰ্যৰ আদৰ্শবাহী) দৰবাৰী সাহিত্য আৰু লোকসম্পদৰ যুগ্মক, যিটো অতি স্পষ্ট ৰূপত লক্ষ্য কৰিছোঁ অসমীয়া ভাষাৰ ক্ষেত্ৰত ৷ বিশ্বলৈ সম্প্ৰসাৰিত পশ্চিমত উদ্ভৱ হোৱা এই ধাৰাক চলচ্চিত্ৰৰ ভাষাত ক‘ব পাৰি ‘বাউঞ্চ লাইটত আলোকিত জীৱন‘৷ পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ অধ্যয়ন কৰা আৰু গল্প লিখাত নিয়োজিত হৈ ৰোৱা এজন সংবাদকৰ্মী হিচাপে এই উপাদানটোক মই— গণিতৰ পৰা এটা খণ্ডবাক্য ধাৰ কৰি সংজ্ঞাকৃত কৰিব বিচাৰোঁ এইবুলি— ই হৈছে আজিৰ বৈশ্বিক সাহিত্যিক আলাপচাৰিতাৰ গৰিষ্ঠ সাধাৰণ গুণিতক৷”

Leave A Reply

Your email address will not be published.