হাৰ্পুন বনাম ব্ৰহ্মোছ

0 66

✒️ অচিন্ত্য শৰ্মা

দক্ষিণ-পূৱ এছীয়াত সম্প্ৰসাৰণবাদী চীনৰ নগ্ন আগ্ৰাসন বৃদ্ধি পোৱাৰ লগে লগে অঞ্চলটোত বৃদ্ধি পাইছে ভাৰতীয় অস্ত্ৰৰ চাহিদা। বিশেষকৈ ভাৰতীয় ব্ৰহ্মোছ ক্ষেপনাস্ত্ৰ হৈ উঠিছে চীনা আগ্ৰাসনৰ বলি হোৱা প্ৰায় প্ৰতিখন দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা। ব্ৰহ্মোছৰ এই চাহিদাই এতিয়া এনে পৰ্যায় পাইছেগৈ যে ই মাৰ্কিন হাৰ্পুন ক্ষেপনাস্ত্ৰৰ ৰমৰমীয়া বজাৰনৰ প্ৰতিয়েই বাবুকিৰ সৃষ্টি কৰিছে। কাৰণ দক্ষিণ পবৱ এছিয়াৰ লগতে মধ্যপ্ৰাচ্য আৰু পশ্চিম এছিয়াৰ একাধিক দেশেও প্ৰদৰ্শন কৰিছে ব্ৰহ্মোছৰ প্ৰতি নিজৰ আগ্ৰহ। ইতিমধ্যে ফিলিপাইনছে ভাৰতৰ লগতে ব্ৰহ্মোছ ক্ৰয়ৰ বন্দোৱস্তক চূড়ান্ত ৰূপ দিছে। মেনিলা আৰু নতুন দিল্লীৰ মাজত স্বক্ষৰিত হৈছে প্ৰায় ৩০০০ কোটি টকীয়া চুক্তি। ইয়াৰ পিছতেই এতিয়া ক্ষেপনাস্ত্ৰ বিধৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ইণ্ডোনেছিয়াই। আনহাতে ব্ৰহ্মোছ এৰোস্পেছ লিমিটেডৰ মূখ্য কাৰ্যবাহী বিষয়া অতুল দিনকৰ ৰাণে সদৰি কৰামতে ফিলিপাইনছৰ ইণ্ডোনেছিয়াৰ বাহিৰে ছিংগাপুৰ, ভিয়েটনাম, মালেছিয়া, ইউনাইটেড আৰব অনিৰেটছ, ছৌডি আৰব আৰু ওমান আদি দেশেও দেখুৱাইছে ব্ৰহ্মোছ প্ৰতিৰক্ষা ব্যৱস্থাৰ প্ৰতি।

দৰাচলতে ২০১৮ চনতেই ইণ্ডোনেছিয়াৰ লগত ভাৰতৰ ব্ৰহ্মোছ ক্ৰয়-বিক্ৰয় সক্ৰন্তীয় বাৰ্চতালাপ আৰম্ভ হৈছিল। সেই বৰ্ষতে ব্ৰহ্মোছ এৰোস্পেছ লিমিটেডৰ এটা বিশেষজ্ঞৰ দলে ইণ্ডোনেছিয়াৰ ছুৰাবায়া শ্বিপয়াৰ্ড পৰিদৰ্শন কৰি দেশখনৰ যুদ্ধজাহাজ সমূহত ব্ৰহ্মোছ ক্ষেপনাস্ত্ৰ সংযোজন সম্ভাৱনীয়তাৰ ওপৰত অধ্যয়ন কৰি আহিছিল। ২০২০ চনত ভাৰতলৈ আহিছিল ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষামন্ত্ৰী। এনে পেক্ষাপটত অচিৰেই দুয়োদেশৰ মাজত ব্ৰহ্মোছকেন্দ্ৰিক চূড়ান্ত চুক্তি স্বক্ষৰিত হোৱাৰ আশা ৰাখিছে সংশ্লিষ্ট সকলো পক্ষই। ভাৰতক কি দিব এই সম্ভাব্য চুক্তিয়ে? ফিলিপাইনছৰ পিছত এতিয়া ইণ্ডোনেছিয়াৰ লগতো ব্ৰহ্মোছ বিক্ৰী চুক্তি স্বক্ষৰিত হ’লে বিশ্বত অস্ত্ৰ ব্যৱসায়ী দেশৰূপে নিঃসন্দেহে ভাৰতৰ স্থিতি বহুখিনি উন্নতি হ’ব। ইয়ে মজবুত কৰিব দেশখনৰ আৰ্মছ ইকোন’মিও। আনহাতে ইণ্ডোনেছিয়ৰ ভৌগলিক অৱস্থানে ব্ৰহ্মোছৰ জৰিয়তে ভাৰতক দিব এক সুবিধাজনক ৰণকৌশলগত স্থিতি। তদুপৰি এনে এখন চুক্তিয়ে ত্বৰাণ্বিত কৰি তুলিব নতুন দিল্লীৰ এক্ট ইষ্ট পলিছিৰ দ্ৰুতিও। সেয়ে ব্ৰহ্মোছৰ ক্ৰৰ্মবদ্ধিত জনপ্ৰিয়তাই মোদী চৰকাৰৰ অন্তৰ্ভাগতো সৃষ্টি কৰিছে ইতিবাচক উত্তেজনাৰ। পিচে ক্ৰেতাৰ দৃষ্টিত কিয় হাৰ্পুনতকৈ আগ্ৰাধিকাৰ পাইচে ব্ৰহ্মোছে। বিশ্বৰ এক নম্বৰ অস্ত্ৰ ব্যৱসায়ী, অত্যুন্নত প্ৰযুক্তিৰ দেশ, সৰ্বাধুনিক অস্ত্ৰ-শস্ত্ৰৰ নিৰ্মাতা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হাৰ্পুন ক্ষেপনাস্ত্ৰক বাদ দি ভাৰতৰ ব্ৰহ্মোছ ক্ষেপনাস্ত্ৰক সংশ্লিষ্ট ৰাষ্ট্ৰসমূহে অগ্ৰাধিকাৰ দিয়া বিষয়টোৱে ইতিমধ্যে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে। অৱশ্যে এউ বাচনিৰ আছে বহুকেইটা কাৰণ। হাৰ্পুন এক ছাবছ’নিক অৰ্থাৎ শব্দত কৈ গতি কৰা ক্ষেপনাস্ত্ৰ হোৱাৰ বিপৰীতে ব্ৰহ্মোছ এক অত্যাধুনিক ছুপাৰছনিক ক্ষেপনাস্ত্ৰ। শব্দতকৈ প্ৰায় তিনিগুণ বেছি বেগত গতি কৰে ব্ৰহ্মোছে অধিক শুদ্ধতাৰে আঘাত হানিব পাৰে নিজৰ লক্ষ্য স্থানত। আনহাতে ইয়াৰ গতি আৰু প্ৰয়ুক্তিৰ বাবে ব্ৰহ্মোছক ৰাডাৰত ধৰা পেলোৱা আৰু বাধা দিয়াটো প্ৰায় অসম্ভৱ হৈ উঠে; যিটো হাৰ্পুন ক্ষেত্ৰত বহুখিনি সহজ। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে ক্ষেপনাস্ত্ৰ দুবুধৰ আঘাতসীমা। হাৰ্পুন ক্ষেপনাস্ত্ৰৰ আঘাতসীমা ২৪০ কিলোমিটাৰ। কিন্তু ভাৰতীয় ব্ৰহ্মোছৰ আঘাতসীমা নূন্যতম ২৯০ কিলোমিটাৰ। ইপালে ইফালে বিগত বৰবোৰত নতুন দিল্লীৰ বিদেশ আৰু প্ৰতিৰক্ষা নীতি দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ বাবে অধিক বন্ধুত্বপূৰ্ণ আৰু সুবিধাজনক হৈ উঠিছে। সেই দেশসমূহ ব্ৰহ্মোছৰ প্ৰতি আকৰ্ষিত হোৱাৰ এয়াও এক অন্যতম কাৰণ বুলি ক’ব খোজে প্ৰতিৰক্ষা পৰ্যবেক্ষকসকলে।

ব্ৰহ্মোছে দক্ষিণ-পূব এছিয়াৰ দেশসূহক চীনা আগ্ৰাসনৰ পৰা ৰক্ষা কৰিবনে? এয়া আজিৰ দিনত এক লাখটকীয়া প্ৰশ্ন। কিন্তু ব্ৰহ্মোছ যে অঞ্চলটোত চীনৰ বাবে এক প্ৰত্যাহ্বান হ’ব, সেয়া নিশ্চিত। লক্ষ্যণীয়ভাবে নতুন দিল্লীয়েও চীনৰ লগত বিবাদত লিপ্ত দেশসমূহক অগ্ৰাধিকাৰ ভিত্তিত ব্ৰহ্মোছ প্ৰদানৰ এক অঘোষিত নীতি গ্ৰহণ কৰি আহিছে। সময়েহে ক’ব এই নীতিয়ে আঞ্চলিক আৰু গোলকীয় ভূৰাজনীতিত কি প্ৰভাব পেলায়। বিগত দিনবোৰত দক্ষিণ পূব এছিয়াৰ সৰু দেশসমূহৰ নিজস্ব জলভাগৰ অপ্ৰতিহতভাবে অনুপ্ৰবেশ কৰি আহিছে চীনৰ নৌসেনাাই। আশা কৰা হৈছে ভাৰতৰ ব্ৰহ্মোছ এইবাৰ চীনা যুদ্ধজাহাজৰ গতি ৰুদ্ধ কৰিবলৈ সক্ষম হ’ব। কাৰণ নিজৰ শ্ৰেণীত বিশ্বৰ শ্ৰেষ্ঠতম ক্ৰইজ নিছাইল এই ব্ৰহ্মোছ।

Leave A Reply

Your email address will not be published.