প্ৰধানমন্ত্ৰী মোদীৰ এইগৰাকী পাকিস্তানী ভগ্নী কোন জানেনে?

0 50

পৱিত্ৰ ৰাখীবন্ধনলৈ মাজত ৩টা দিন। আৰু এই পৱিত্ৰ ৰাখীৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ তেওঁৰ ভগ্নী কমৰ মহছিন শ্বেইখে প্ৰেৰণ কৰিছে নিজ হাতে তৈয়াৰী ৰাখী। দীৰ্ঘদিন ধৰি প্ৰধানমন্ত্ৰী মোদীলৈ ৰাখী প্ৰেৰণ কৰি অহা কমৰ মহছিন শ্বেইখে এইবাৰো ৰাখীৰ সৈতে এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু লগতে আগলৈকেও প্ৰধামন্ত্ৰী হোৱাৰ বাবে জনাইছে শুভেচ্ছা। প্ৰতিবাৰেই মহছিন শ্বেইখে প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰে ৰাখী আৰু এখন পত্ৰ। পত্ৰখনত প্ৰধানমন্ত্ৰী মোদীক লগ কৰাৰ ইচ্ছাও প্ৰকাশ কৰিছে কমৰ মহছিনে।

উল্লেখ্য যে মহছিন শ্বেইখে প্ৰধানমন্ত্ৰী মোদীক ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে শুভকামনা জনাইছে। ইয়াৰ উপৰিও, আশা প্ৰকাশ কৰিছে যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক এই বছৰ ৰাখীবন্ধনত মাতিব আৰু তেওঁ ইয়াৰ বাবে প্ৰস্তুতি চলাইছে। পিছে জানেনে পাকিস্তানৰ বাসিন্দা কামাৰ মহছিন শ্বেইখ কোন, যিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ৰাখী প্ৰেৰণ কৰি আছে। একে সময়তে প্ৰধানমন্ত্ৰী মোদী আৰু কমৰ মহছিন শ্বেইখে ক’ত ইজনে সিজনক লগ পাইছিল আৰু কেতিয়া প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁক ভগ্নী হিচাপে মানিছিল জানি লওক সেই বিষয়ে।

মহছিন শ্বেখ কোন?
কমৰ মহছিন শ্বেখ পাকিস্তানৰ বাসিন্দা, কিন্তু ভাৰতত বিবাহপাশত আবদ্ধ। মহছিন শ্বেইখে ২৪-২৫ বছৰ ধৰি প্ৰধানমন্ত্ৰী মোদীলৈ ৰাখী বান্ধি বা প্ৰেৰণ কৰি আহিছে। যেতিয়া প্ৰধানমন্ত্ৰী মোদী এজন আৰআৰএছ কৰ্মী আছিল, তেতিয়া মোদীক ৰাখী বান্ধি আহিছে কমৰ মহছিনে। বহুতো প্ৰতিবেদনত কোৱা হৈছে যে বিবাহৰ পিছতে মহছিন শ্বেইখে ভাৰতত বাস কৰিবলৈ আৰম্ভ কৰিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কামাৰ শ্বেইখে তেওঁ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমবাৰৰ বাবে সাক্ষাৎ কৰাৰ সময়ত সংবাদ মাধ্যমক জনায়। বাতৰি অনুসৰি, পাকিস্তানৰ বাসিন্দা মহছিন শ্বেইখ প্ৰথমবাৰৰ বাবে ১৯৮১ চনত ভাৰতলৈ আহিছিল। ইয়াৰ পিছত, কমৰ মহছিনৰ বিবাহ ভাৰতত ঠিক কৰা হয় আৰু তেতিয়াৰ পৰাই ভাৰতত বাস কৰিবলৈ আৰম্ভ কৰে মহছিনে। কোৱা হয় যে তেওঁ গুজৰাটৰ তদানীন্তন ৰাজ্যপাল ড০ স্বৰূপ সিঙক সাক্ষাৎ কৰিছিল আৰু কৈছিল যে স্বৰূপ সিঙে মহছিনক কন্যা বুলি গণ্য কৰিছিল।

এবাৰ যেতিয়া মহছিনে পাকিস্তানলৈ গৈ আছিল, স্বৰূপ সিঙে মহছিনক বিমানবন্দৰলৈ আগবঢ়াই থ’বলৈ গৈছিল। এই সময়ছোৱাতে নৰেন্দ্ৰ মোদীও তেওঁৰ সৈতে আছিল। এই সময়ছোৱাত স্বৰূপ সিঙে কয় যে কমৰ শ্বেখ তেওঁৰ কন্যা আৰু ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভগ্নী হিচাপে গ্ৰহণ কৰে মহছিনক। তেতিয়াৰ পৰা ৰাখী বন্ধনত মোদীক ৰাখী বান্ধিবলৈ আৰম্ভ কৰিছিল মহছিনে।

Leave A Reply

Your email address will not be published.