স্বাতী মালিৱালক নিৰ্যাতনৰ অভিযোগক লৈ তোলপাৰ দেশ

স্বাতী মালিৱালক নিৰ্যাতনৰ অভিযোগক লৈ তোলপাৰ দেশ
৫ দিনৰ বাবে দিল্লী আৰক্ষীৰ জিম্মাত অভিযুক্ত বিভব কুমাৰ
আৰক্ষীয়ে জব্দ কৰিছে CCTVৰ DVR
কিয় বিভব কুমাৰে ফৰমেট কৰিলে মোবাইল ফোন?

ৰাজ্যসভাৰ সাংসদ আপ নেত্ৰী স্বাতী মালিৱালে কেজৰিৱালৰ ব্যক্তিগত সহায়ক বিভব কুমাৰে মাৰপিট কৰা বুলি অনা অভিযোগে তোলপাৰ লগাই আছে দেশৰ ৰাজনীতি। অভিযোগ–প্ৰতি অভিযোগে ৰাজনীতি গৰম কৰি ৰখাৰ সময়তে দিল্লী আদালতে ৫ দিনৰ বাবে বিভব কুমাৰক দিল্লী আৰক্ষীৰ জিম্মাত দিয়ে।

২৩ মে’ত পুনৰ আদালতত হাজিৰ কৰাব লাগিব বিভব কুমাৰক

ইফালে স্বাতীৰ অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে জোৰদাৰ তদন্ত চলাইছে। আৰক্ষীয়ে জব্দ কৰিছে মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাসগৃহৰ CCTVৰ ডিজিটেল ভিদিঅ’ ৰেকৰ্ডাৰ। DVR ৰ লগতে আন কিছু সামগ্ৰীও আৰক্ষীয়ে জব্দ কৰিছে। পূৰ্বে আপে যি ভিডিঅ’ ফুটেজ প্ৰদৰ্শন কৰিছিল সেয়া সম্পূৰ্ণ নহয় বুলি দাবী কৰিছিল স্বাতী মালিৱালে। DVRত প্ৰকৃত সত্য উদঘাটন হ’ব বুলি তদন্তকাৰী দলে আশা কৰিছে। আৰক্ষীৰ তদন্ত আন এক বিস্ফোৰক তথ্যও পোহৰলৈ আহিছে।

বিভব কুমাৰে ফৰমেট মাৰিলে নিজৰ মোবাইল ফোন
তথ্য–প্ৰমাণ নষ্ট কৰিবলৈ এনে কৰাৰ সন্দেহ আৰক্ষীৰ

এনে কৰিলে বিভবৰ বিৰুদ্ধে আন এক ধাৰাও সন্মিবিষ্ট হ’ব পাৰে। মোবাইল হেং হোৱা বুলি ক’লেও বিষয়টোত আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। স্বাতীয়ে দিয়া অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে সন্দেহ কৰিছে যিদৰে আক্ৰমণৰ বৰ্ণনা দিয়া হৈছে এনে আৱস্থাত প্ৰাণ যোৱাৰো আশংকা থাকে। আনহাতে স্বাতী কাণ্ডক লৈ লোকসভা নিৰ্বাচনৰ মাজতে দিল্লীৰ ৰাজনীতিও গৰম হৈছে। আপে নিজে পূৰ্বৰ স্থিতি পাহৰা বুলি অভিযোগ কৰিলে দিল্লী কংগ্ৰেছৰ নেতা সঞ্জীৱ দীক্ষিতে। আপে এতিয়াও এই ঘটনাৰ আৰত বিজেপিৰ হাত থকা বুলিয়ে অভিযোগ কৰিছে।
মুঠতে স্বাতী কাণ্ডই গৰম কৰি ৰাখিছে দিল্লীৰ ৰাজনীতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...